শুৱালকুছি আৰু পলাশবাৰীৰ মাজৰ চাৰিলেনযুক্ত দলঙৰ বাবে ৩,১৯৭ কোটি টকাৰ অনুমোদন

ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

0 20

 

শুৱালকুছি আৰু পলাশবাৰীৰ মাজৰ চাৰিলেনযুক্ত দলঙৰ বাবে ৩,১৯৭ কোটি টকাৰ অনুমোদন। আসাম ইনলেণ্ড ৱাটাৰ ৱেজ কোম্পানী লিমিটেড গঠন। গুৱাহাটীৰ নদীঘাটৰ আন্তঃগাঠনি উন্নত কৰাৰ বাবে ২৮৯.৪৫ কোটি টকাৰ অনুমোদন। নগাঁও আৰু কাছাৰ কাগজ কলৰ কৰ্মচাৰীসকলৰ বাবে মোকলাই দিলে ৩০৮.৭৫ কোটি টকা। ১০০ জনক চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি এসপ্তাহৰ ভিতৰত পূৰণৰ লক্ষ্য। মহাৰাষ্ট্ৰত নিৰ্মাণ হ’ব অসম কমপ্লেক্স।

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৩ মে’ : মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত আজি জনতা ভৱনত ৰ‍াজ্য চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠক অনুষ্ঠিত হয়। বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকৰ অন্তত মন্ত্রী কেশৱ মহন্তই সংবাদমেল যোগে কেবিনেটৰ সিদ্ধান্তসমূহ সদৰি কৰে।
কেবিনেটত গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি প্ৰধানমন্ত্ৰী গৃহ নিৰ্মাণ যোজনাত পূৰ্বৰ ২ লাখ টকাৰ উপৰি এতিয়া অতিৰিক্তভাৱে ১০ হাজাৰ টকাকৈ দিয়া হ’ব। আঁচনিখন সম্পূৰ্ণ হোৱাৰ স্বাৰ্থত ৩০ হাজাৰ টকা আগধন দিয়া হ’ব। ১,১৬,৩৮০ গৰাকী লোকৰ নিৰ্মিয়মান অৱস্থাত থকা ঘৰৰ বাবে অতিৰিক্তভাৱে ১০ হাজাৰকৈ টকা দিয়া হ’ব। মূল্যবৃদ্ধিৰ বাবে অতিৰিক্ত এই ধন দিয়া হৈছে।images 12
কেবিনেটে আজি শুৱালকুছি আৰু পলাশবাৰীৰ মাজৰ ৪.০৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ চাৰিলেনযুক্ত দলঙৰ বাবে ৩,১৯৭ কোটি টকাৰ প্ৰশাসনিক অনুমোদন দিয়ে। ইয়াৰ লগে লগে দ্ৰুতগতিত দলঙখনৰ কাম কৰা হ’ব। আনহাতে নৌ পৰিবহণ সেৱা উন্নীতকৰণ আৰু সুৰক্ষিত কৰাৰ বাবে আসাম ইনলেণ্ড ৱাটাৰ ৱেজ কোম্পানী লিমিটেড নামৰ এটা নতুন কোম্পানী কৰা হৈছে। ইয়াৰ অধ্যক্ষ হ’ব মুখ্যমন্ত্রী আৰু উপাধ্যক্ষ হ’ব পৰিবহণ মন্ত্রী। সেইদৰে গুৱাহাটীৰ নদীঘাটৰ আন্তঃগাঁথনি উন্নত কৰাৰ বাবে ২৮৯.৪৫ কোটি টকাৰ অনুমোদন জনোৱা হৈছে। বিশেষকৈ গুৱাহাটী আৰু উত্তৰ-গুৱাহাটী সংযোগী ব্যৱস্থা উন্নত কৰাৰ বাবে এই পুঁজি ব্যয় কৰা হ’ব।
আনহাতে নগাঁও আৰু কাছাৰ কাগজ কলৰ ক্ষেত্রত হোৱা বুজাবুজিৰ চুক্তি অনুসৰি কৰ্মচাৰীসকলৰ বাবে অতিৰিক্তভাৱে পাবলগীয়া ৩০৮.৭৫ কোটি টকা আজিৰ কেবিনেটে মোকলাই দিছে। লগতে ১০০ জনক চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি এসপ্তাহৰ ভিতৰত পূৰণ কৰাৰ বাবে চৰকাৰে প্ৰচেষ্টা হাতত লৈছে। কেবিনেটে ধেমাজি, বঙাইগাঁও, গোলাঘাট আৰু মৰিগাঁৱৰ চাৰিখন মেডিকেল কলেজ নিৰ্মাণৰ বাবে ৫০০ কোটি টকাকৈ ২০০০ কোটি টকাৰ প্ৰশাসনিক অনুমোদন দিয়ে। অসম চৰকাৰ আৰু টাটা টেকন’লজী লিমিটেডৰ মাজত হোৱা চুক্তি অনুসৰি ৩৪ খন প’লিটেকনিক আৰু ৪৩ খন আই টি আইক উৎকৃষ্ট কেন্দ্ৰ হিচাপে গঢ়া তোলা হ’ব। ইয়াৰ পৰা প্ৰতিবছৰে ২০ হাজাৰ যুৱক-যুৱতীয়ে দক্ষতা বিকাশৰ প্ৰশিক্ষণ লাভ কৰিব আৰু লগতে সংস্থাপন লাভ কৰিব। ইয়াৰ বাবে ধাৰ্য কৰা ২৩৯০ কোটি টকা আজিৰ কেবিনেটে অনুমোদন জনায়। আনহাতে কেবিনেটৰ সিদ্ধান্ত অনুসৰি মহাৰাষ্ট্ৰত এটা অসম কমপ্লেক্স নিৰ্মাণ কৰা হ’ব। ৰায়গড় জিলাৰ টিৱাৰে গাঁৱত হ’ব এই অসম কমপ্লেক্স। ইয়াৰ বাবে এখন কমিটি গঠন কৰা হ’ব।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More