শেষ হ’ব মহাত্মা গান্ধীৰ একক আধিপত্য!

ভাৰতীয় নোটত ৰবীন্দ্রনাথ আৰু কালামো থাকিব?

0 24
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ৫ জুনঃ কেৱল মহাত্মা গান্ধী নহয়, ভাৰতীয় নোটত কি এইবাৰ দেখা যাব ৰবীন্দ্রনাথ ঠাকুৰ আৰু এপিজে আব্দুল কালামৰো প্ৰতিৰূপ? কেন্দ্রীয় বিত্ত মন্ত্ৰণালয় আৰু ৰিজার্ভ বেংক কর্তৃপক্ষই এই বিষয়ে ভাবনা-চিন্তা আৰম্ভ কৰিছে বুলি জনা গৈছে। এতিয়া দেশজুৰি যিবোৰ নোটৰ প্রচলন আছে, সেই সকলোতে কেৱল জাতিৰ জনক গান্ধীজীৰ ছবিয়েই আছে। কিন্তু আৰু তেনে হৈ নাথাকিব। সূত্রৰ খবৰ অনুসৰি, এইবাৰ নোটত দেশৰ অন্যান্য বিখ্যাত ব্যক্তিত্ব আৰু মনীষীৰ ছবিও ব্যৱহাৰ কৰাৰ কথা ভাবিছে ৰিজার্ভ বেংকে। কেৱল সেয়াই নহয়, আই আই টি দিল্লীৰ অধ্যাপক দিলীপ টি শাহানিৰলৈ ইতিমধ্যেই গান্ধিজী, ৰবীন্দ্রনাথ ঠাকুৰ আৰু এপিজে আব্দুল কালামৰ ছবি সম্বলিত দুখন পৃথক ধৰণৰ নোটৰ নমুনা পঠিয়াইছে ৰিজার্ভ বেংক আৰু Security Printing and Minting Corporation of India (SPMCIL)ই। সূ্ত্রৰ খবৰমতে, আমেৰিকাৰ ডলাৰৰ দৰেই ভাৰতীয় নোটতো একাধিক বিখ্যাত ব্যক্তিত্ব বা মনীষীৰ ছবি ব্যৱহাৰ কৰিব বিচাৰিছে ৰিজার্ভ বেংকে। সেইকাৰণেই এই পৰিকল্পনা। আমেৰিকাত বিভিন্ন ডলাৰত জৰ্জ ৱাছিংটন, বেঞ্জামিন ফ্রেঙ্কলিন, টমাচ জেফাৰচন, এণ্ড্ৰু জেকচনৰ দৰে একাধিক ব্যক্তিক পোৱা যায়। ইয়াৰ পূৰ্বে ২০২০ চনত RBIৰ এক অভ্যন্তৰীণ কমিটীয়ে চুপাৰিছ কৰিছিল যে, মহাত্মা গান্ধীৰ উপৰি ৰবীন্দ্রনাথ ঠাকুৰ আৰু আব্দুল কালামৰ ছবি নোটত ব্যৱহাৰ কৰিব পৰা যায়।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More