শৈশৱৰ গৰম বন্ধৰ দিনবোৰ…

1 927
 দীপামণি হাজৰিকা বৰুৱা
শৈশৱ বুলি ক’লে পলকতে যিকেইখন ছবিয়ে চকুৰ আগত অহা যোৱা কৰি  মনটোক মোহাচ্ছন্ন কৰি তোলে,সেইবোৰৰ ভিতৰত বিদ্যালয়ত গৰম বন্ধ দিয়া দিনটোৰ ছবিখনো এখন । কিমান যে প্ৰস্তুতি! কিমান যে‌ কল্পনা জল্পনা সেই দিনটোৰ বাবে!বন্ধ দিয়াৰ আগদিনালৈকে ছমহীয়া পৰীক্ষা চলি থাকে।শেষৰ পৰীক্ষাটো কেতিয়া শেষ হয় যেন অনুভৱ হয় আমাৰ। পিছদিনাখনৰ পৰা এমাহৰ বাবে বন্ধ দিব। ছাৰ বাইদেউ সকলক বিদায় সম্ভাষণ নজনালে হবনে? আৰু লগৰীয়া সকল!এমাহ লগ নোপোৱাকৈ কেনেকৈ থাকিম! চিন্তাৰ সাগৰত ইমানেই ডুব যাওঁ যে  ৰাতি ভালদৰে টোপনি নাহে।ৰাতিটোৰ ভিতৰতে আমাৰ বাবে বকুলফুল থকা মানুহঘৰ পৃথিৱীৰ আটাইতকৈ ধনী মানুহ হৈ উঠে।সুগন্ধি বকুলৰ মালা এধাৰি যদি বন্ধৰ আগমুহুৰ্তত শিক্ষা গুৰুক পিন্ধাবই নোৱাৰো আমি কিহৰ ছাত্ৰ!!
   ৰাতি পুৱাবলৈ বহুত সময় থাকোতেই বকুলৰ তলবোৰত হুলস্থুল আৰম্ভ হৈ যায়।সৰহকৈ ফুল বুটলিব পৰা সকললৈ বাকী সকলৰ কি যে হিংসা!লৰিলৰিকৈ ঘৰলৈ আহি বেজী গুলি লৈ মালা গুঠিবলৈ লাগি যা‌ওঁ। গাঁঠি থাকোতে কোন ছাৰ বাইদেউক কোনডাল মালা পিন্ধাম মনতে ভাবিও থাকোঁ।
    বিদ্যালয়লৈ গৈ প্ৰথমে ডাঙৰ ছাৰৰ ৰূমটো  পৰিপাটিকৈ তেওঁ অহাৰ আগতেই ফুলেৰে সজাই পেলাওঁ।বুজাব নোৱাৰা ভক্তি আৰু আনন্দত সকলোৰে মনবোৰ ভৰি থাকে।শ্ৰেণীকোঠালৈ
শিক্ষা গুৰু সোমাই অহাৰ লগে লগে প্ৰথমে দুজনমানে সেৱা কৰি মালা পিন্ধোৱাৰ পাছত মালা পিন্ধাবলৈ সকলোৰে মাজত হেতা ওপৰা লাগে।এটা সময়ত এনেকুৱা অৱস্থা হয়গৈ যে মালাৰে শিক্ষাগুৰুজনৰ গোটেই দেহটো ঢাক খাই পৰে। মালা পিন্ধোৱাৰ কাম শেষ হোৱাৰ লগে লগে সকলো গৈ বিদ্যালয়ৰ হলঘৰত উপস্থিত হওঁ আৰু ডাঙৰ ছাৰক মালা পিন্ধাওঁ।দুই এক সৰু সুৰা‌ অনুষ্ঠান আৰু দিহা পৰামৰ্শ দিয়াৰ পাছত ডাঙৰ ছাৰে গৰম বন্ধ ঘোষণা কৰে।আমি সমস্বৰে অলপ সময়ৰ বাবে চিঞৰি উঠোঁ,”কাইলৈ স্কুল বন্ধ গোলাপ ফুলৰ গোন্ধ…।”অলপ সময় ফূৰ্তি কৰাৰ পাছত মনবোৰ লাহে লাহে সেমেকি উঠে।প্ৰিয় বন্ধু বা বান্ধবী গৰাকীৰ ওচৰলৈ গৈ হাতৰ টিপতে ঘৰত লিখি অনা চিঠিখন নতুবা ৰিবনডাল/কলমটো দি আবেগেৰে কৈ উঠোঁ,গৰম বন্ধত আমাৰ ঘৰলৈ থাকিবলৈ আহিবি দেই …!!
পিছদিনাখন  আগৰ দিনবোৰতকৈ অকনমাণ দেৰিকৈ শুই উঠোঁ। ইতিমধ্যে ওচৰৰ নদীখনত পানী বাঢ়িবলৈ আৰম্ভ কৰে। গতিকে বন্ধৰ প্ৰথম দুদিন মান কলগছৰ ভূৰ সাজি পানীত ঘূৰি ফুৰাটো আমাৰ দিনটোৰ প্ৰধান কাম। পানী বেছিকৈ বাঢ়িলে পামত থকা গৰুবিলাক ঘৰলৈ লৈ আনিব লগীয়া হয়। ঘাঁহৰ অভাৱ ঘটে। ৰাতিপুৱাই ঘাঁহ কাটিবলৈ যোৱা ঘৰত থকা দাদাজনে নাও চলা ঠাইখিনিলৈকে ঘাঁহবোৰ আনি দিয়ে।আমি বাই ভনী কেইজনীয়ে ঘৰৰ পৰা গৰু লৈ গৈ সেই ঘাঁহখিনি খুৱাওঁ। লগতে আনৰ গৰুৱে যাতে আমাৰ গৰুৰ ঘাঁহ খাব নোৱাৰে তীক্ষ্ণ নজৰ দিওঁ। গৰুক ঘাঁহ খুৱাই থকাৰ মাজতে আমি পাল‌ পাতি পাতি বান্ধি থোৱা নাওঁখনত উঠি যিমান পাৰো‌ সিমান ইজনীয়ে সিজনীৰ গালৈ পানী ছটিয়াই ধেমালি কৰি তিতি জুৰুলি জুপুৰি হওঁ।
   লাহে লাহে পানী কমি আহে।গৰুবিলাক আকৌ পামলৈ লৈ যোৱা হয়। এইবাৰ আমাৰ ব্যস্ততা বেলেগ ধৰণেৰে আৰম্ভ হয়।ওচৰতে থকা বৰাজান বা নেমুটেঙা জানলৈ ৰাতিপুৱা আৰু পাছবেলা বৰশী লৈ ওলাই যাওঁ।কচুপাতত কেঁচু এখিনি ভালদৰে নুৰিয়াই বান্ধি লৈ বৰশী বাই বাই ঘৰ পাওহি মানে কেতিয়াবা প্ৰথমতে বৰশীত লগা মাছ কেইটা গেলি শেষ হৈ যায়। আমাৰ সেইবোৰলৈ ভ্ৰূক্ষেপ নাথাকে।পুঙাটো লৰি লৰি পানীত ডুব যোৱাৰ অপেক্ষাত আমি ইমানেই মগ্ন হৈ পৰো যে পেটৰ ভোক,সময় সকলো পাহৰি যাওঁ।বৰশী বাই অনা মাছ কেইটা পুৰি পিটিকা কৰি গুলনেমু চেপি খাই পোৱা তৃপ্তি  আন একো সুস্বাদু খাদ্যৰ লগত তুলনা নহয়।খাই  উঠি ঘৰৰ সকলোৱে অকনমাণ জিৰণি লোৱাৰ সুযোগতে আমি বৰশী বাই থাকোতেই পাতি থোৱা অনুসৰি ঘৰে ঘৰে গৈ আম,নৰাবগৰী,লেতেকু, পনীয়ল বিচাৰি ফুৰোগৈ।সন্ধিয়া হোৱাৰ লগে লগে সকলোৱে বিচনী একোখন হাতত লৈ চোতালত বহো।গৰম বন্ধৰ দিন কেইটাত পামত থকা ককা আগতকৈ বেছিকৈ ঘৰত থকাকৈ আহে।ককাই পামৰ পৰা চুঙাত লৈ অনা ফেহু নতুবা বিভিন্ন সতেজ ফল  খাই খাই তেওঁৰ চাৰিওকাষে বহি আমি আগৰ দিনৰ সাহসী কাহিনী বিলাক শুনি থাকো।সাধু যেন লগা ককাৰ কাহিনী বিলাক শুনি আমি নিজেও কল্পনা ৰাজ্যত বুৰ গৈ কেতিয়াবা টোপনিৰ কোলাত ঢলি পৰোগৈ।
       পৰিয়ালৰ মানুহৰ ঘৰত ফুৰিবলৈ যোৱাটো গৰম বন্ধৰ দিনবোৰৰ আন এটা এৰাব নোৱাৰা কাম।এপাক হ’লেও কাৰোবাৰ ঘৰলৈ ফুৰিবলৈ নগলে বন্ধটো যেন আধৰুৱা হৈ ৰ’ব! সম্পৰ্কীয় মানুহৰ মাজত মিলাপ্ৰীতিৰ বান্ধোন কটকটীয়া কৰাৰ ক্ষেত্ৰত গৰম বন্ধৰ এক সুকীয়া ভূমিকা থাকে।মনত পৰে, আমাৰ ঘৰলৈ ফুৰিবলৈ অহা মাহী,পেহী বা লগৰীয়া বিলাক নিজঘৰলৈ যাতে সোনকালে উভতি যাব  নোৱাৰে আমি তেওঁ লোকৰ বেগ,ছাতিকে ধৰি প্ৰয়োজনীয় বস্তুবোৰ ক’ত ক’ত যে লুকুৱাই নথৈছিলো!!
   গৃহকৰ্মৰ‌ বোজা কমকৈ আছিল বাবে গৰমবন্ধত পঢ়াৰ ক্ষেত্ৰত বৰ বেছি ৰুটিন মানিব লগীয়া নহৈছিল। তথাপিও পঢ়া শুনাক কোনোদিনে অৱহেলা কৰা নাছিলোঁ। বৰঞ্চ ছাৰ বাইদেউ সকললৈ মনত পেলাই পঢ়া সময়খিনি মনোযোগেৰে পঢ়িছিলোহে।
     লাহে লাহে বন্ধ শেষ হয়।মুকলি দিন কেইটা শেষ হ’ল বুলি মনটো অকনমাণ বেয়া লাগে যদিও সকলোকে লগ পাম বুলি ভাবি মনত উত্তেজনা অলপে বন্ধ খোলাৰ দুদিন মানৰ আগৰে পৰা অগা দেৱা কৰি থাকে।যাৰ বাবে প্ৰথম দিনা নিৰ্দিষ্ট সময়ৰ আগতেই গৈ স্কুলত  উপস্থিত হওগৈ। তাৰপিছত, দুদিন মানলৈ কিমান যে কথা! কিমান যে কাহিনী!!
    গৰম বন্ধৰ নামত এতিয়াও গৰম বন্ধ হয়। কিন্তু আগৰ সেই অনুভৱবোৰ এতিয়া যেন কৰবাত হেৰাই গ’ল।এতিয়াৰ গৰম বন্ধ মানে এবোজা গৃহকৰ্ম,গৰম বন্ধ মানেই কৃত্ৰিম পৰিবেশৰ মাজত বিভিন্ন কৰ্মশালা, চামাৰ কেম্প।সময় সলনি হৈছে।আগৰ সেই ঔ টেঙা,কচু, আম বিচৰাৰ পৰিবেশ এতিয়া বিচাৰিলেও পাবলৈ নাই। ব্ৰইলাৰৰ দৰে ডাঙৰ হোৱা ছাত্ৰ ছাত্ৰীক হাবিয়ে বননিয়ে বেছিকৈ এৰি দিলে উপকাৰতকৈ অপকাৰহে বেছিকৈ হ’ব। তথাপিও গৰম বন্ধৰ দিনকেইটাত অভিভাৱক সকলে অলপ সময়ৰ বাবে হ’লেও সন্তানক নিজে পাৰ কৰি অহা শৈশৱৰ সেই  দিনবোৰৰ সোৱাদ সাধুকথা বা সৰু সৰু খেল ধেমালিৰ যোগোদি দিবলৈ চেষ্টা কৰিলে সন্তানৰ মনত পৰোপকাৰ, সহমৰ্মিতা, সহনশীলতা, ধৈৰ্য আদিৰ দৰে প্ৰয়োজনীয় গুণবোৰৰ বিকাশ ঘটিব বুলি  আশা কৰিব পৰা যায় ।
১ টা মন্তব্য
  1. Avatar of arindambablutalukdar@gmail.com
    [email protected] says

    বৰ ভাল লাগিল।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More