শোণিতপুৰত একতাৰ দৌৰৰ ফ্লেগ অফ কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজুৰ

0 28

শতাব্দ প্ৰতিনিধি তেজপুৰ ,৩১অক্টোবৰ : আজি “ৰাষ্ট্ৰীয় একতা দিৱস” উপলক্ষে শোণিতপুৰ জিলা প্ৰশাসনৰ উদ্যোগত আৰু নগাঁও জিলা প্ৰশাসনৰ সহযোগত ভোমোৰাগুৰিৰ নৱনিৰ্মিত দলংত একতাৰ দৌৰ আয়োজন কৰা হয়। এই একতাৰ দৌৰ আনুষ্ঠানিকভাৱে মুকলি কৰে ভাৰত চৰকাৰৰ আইন আৰু ন্যায় দপ্তৰৰ মন্ত্ৰী কিৰেন ৰিজিজুৱে । উল্লেখযোগ্য যে, আজি তেজপুৰ দিশৰ পৰা আৰম্ভ কৰা এই একতাৰ দৌৰত কেন্দ্ৰীয় মন্ত্ৰী গৰাকীৰ লগত তেজপুৰ সমষ্টিৰ বিধায়ক পৃথ্বিৰাজ ৰাভা, শোণিতপুৰৰ, নগাঁও জিলাৰ উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহ, শোণিতপুৰৰ জিলা ক্ৰীড়া বিষয়া খনীন্দ্ৰ মুদৈ, সশস্ত্ৰ সীমা বল,অসম ৰাইফলচ,কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ ত্ৰিশ নম্বৰ বেটেলিয়নৰ বিষয়া আৰু জোৱানৰ লগতে তেজপুৰৰ বিভিন্ন বিদ্যালয় আৰু স্বেচ্ছাসেৱী সংগঠনৰ সহস্ৰাধিক দৌৰবিদ সমন্বিতে জিলা আৰু আৰক্ষী প্ৰশাসনৰ সহস্ৰাধিক বিষয়া আৰু জোৱানে আজি এই ৰাষ্ট্ৰীয় একতাৰ দৌৰত অংশ গ্ৰহন কৰে। ইয়াৰ পূৰ্বে মন্ত্ৰী গৰাকীয়ে দৌৰত অংশগ্ৰহণকাৰী সকলৰ লগতে অনুষ্ঠানত উপস্থিত সকলোকে ৰাষ্ট্ৰীয় একতাৰ শপত বাক্য পাঠ কৰোৱায়। উল্লেখ্য যে, ভাৰতৰ লৌহ মানৱ চৰ্দাৰ বল্লভ ভাই পেটেলৰ জন্মদিন ৩১অক্টোবৰ তাৰিখটো তেওঁৰ প্ৰতি শ্ৰদ্ধা জনাই ২০১৪ চনৰ পৰা “ৰাষ্ট্ৰীয় একতা দিৱস” হিচাপে পালন কৰি অহা হৈছে। আজি এইগৰাকী স্বাধীনতা সংগ্ৰামী তথা স্বাধীন ভাৰতৰ প্ৰথম গৃহ মন্ত্ৰী চৰ্দাৰ বল্লভ ভাই পেটেলৰ ১৪৭সংখ্যক জন্ম দিৱস উপলক্ষে সমগ্ৰ দেশৰ লগতে শোণিতপুৰতো “একতাৰ দৌৰ” কাৰ্যসূচীৰ আয়োজন কৰা হয়

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More