শোণিতপুৰত পুণৰীক্ষণ দল: বানত সৰ্বাধিক ক্ষতি ঢেকিয়াজুলিত

0 11

শতাব্দ প্ৰতিনিধি তেজপুৰ, ২৪ জুলাই: উপৰ্যুপৰি দুটাকৈ বানে ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে শোণিতপুৰতো বিস্তৰ ক্ষতি সাধন কৰিছিল। এই প্ৰলয়ংকৰী বানত জিলাখনৰ ভিতৰত আটাইতকৈ ক্ষতিগ্ৰস্ত হৈছে জিলাখনৰ ঢেকিয়াজুলি ৰাজহচক্ৰ অন্তৰ্গত এলেকা।চৰকাৰী তথ্যত এই কথা প্ৰকাশ পাইছে।ইপিনে বানৰ ফলত গৃহহীন হোৱা সকলক গৃহ নিৰ্মাণৰ বাবে অহা সাত আগষ্টৰ ভিতৰত চৰকাৰী সাহায্য প্ৰদান কৰা হ’ব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰাৰ বিপৰীতে ইতিমধ্যে এই সাহায্য প্ৰদানৰ বাবে চৰকাৰী পুণৰীক্ষণ সমিতিয়ে শোণিতপুৰত উপস্থিত হৈ চৰজমিন অধ্যয়ন অব্যাহত ৰাখিছে।উল্লেখযোগ্য যে,ৰাজ্যৰ বিত্ত তথা সমাজকল্যাণ মন্ত্ৰী অজন্তা নেওগক এই বিষয়ত শোণিতপুৰৰ অভিভাৱক মন্ত্ৰী হিচাপে নিয়োগ কৰা হৈছে আৰু মন্ত্ৰী নেওগো জিলাখনত উপস্থিত হৈ বালিপৰা,ৰঙাপৰা তথা চাৰিদুৱাৰৰ বান বিধ্বস্ত অঞ্চললৈ গৈছে।উল্লেখযোগ্য যে, মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাৰ নির্দেশমতে জিলাসমূহৰ পৰা শেহতীয়াকৈ লাভ কৰা বানৰ সময়ত ঘৰ-দুৱাৰ আৰু অন্যান্য আন্তঃগাঁথনিৰ ক্ষতিৰ বিপৰীতে লাভ কৰা আৰ জি প্রস্তাৱৰ পুনৰীক্ষণৰ বাবে প্রতিখন জিলাৰ বাবে এটা ৰাজ্যিক পর্যায়ৰ দল গঠন কৰা হৈছে, আৰু এই দলটোৱে প্ৰতিখন জিলাত উপস্থিত হৈ এই আন্তঃগাঁথনিসমূহ পৰিদৰ্শন কৰি আৰু ইয়াৰে ২০ শতাংশ প্ৰস্তাৱৰ পুনৰীক্ষণ কৰিব লাগিব আৰু লগতে পুনৰীক্ষণ কৰা প্ৰতিটো ঘৰ জিঅ’-টেগ কৰাৰ নিৰ্দেশ দিয়া হৈছে।শোণিতপুৰ জিলাৰ বানৰ ক্ষয়-ক্ষতিৰ পৰিদৰ্শন তথা পুনৰীক্ষনৰ বাবে চৰকাৰে গঠন কৰি দিয়া ১৭ জনীয়া দলটোত মহিলা আৰু শিশু উন্নয়ন বিভাগৰ সচিব পাৰ্থ প্ৰতিম মজুমদাৰ, মহিলা আৰু শিশু উন্নয়নৰ সঞ্চালক বিভাষ মোদী, অতিৰিক্ত সঞ্চালক অভিজিৎ সিনহা, আৰু বিভাগৰ যুটীয়া সচিব গৌতম মজুমদাৰ প্ৰমুখ্যে অনান্য সদস্যসকল আছে।ইপিনে মন্ত্ৰী নেওগে উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত কালি নিশা আয়োজিত এখন সভাত এই সন্দৰ্ভত গঠন কৰা ৰাজ্যিক পৰ্যায়ৰ দলৰ স’তে মিলিত হয় । বৈঠকত মন্ত্ৰীগৰাকীয়ে জৰীপ কৰি দলটোৱে সংগ্ৰহ কৰা তথ্যসমূহ বিতংভাৱে পৰ্যালোচনা কৰাৰ লগতে পৰ্যালোচনা প্ৰক্ৰিয়াটো সুচাৰুৰূপে সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত উপস্থিত বিষয়াসকলক নিৰ্দেশনা দিয়ে । এই সন্দৰ্ভত শোণিতপুৰ জিলাৰ পৰা চৰকাৰৰ ওচৰত দাখিল কৰা প্ৰতিবেদনত সন্তোষ প্ৰকাশ কৰে বিত্ত মন্ত্ৰীগৰাকীয়ে । সভাত মন্ত্ৰীগৰাকীয়ে মহিলা আৰু শিশু উন্নয়ন বিভাগৰ বিষয়াসকলক বিভাগটোৰ চলি থকা সকলো নিৰ্মাণ প্ৰকল্প সময়মতে সম্পূৰ্ণ কৰাৰ দিশত মনোনিৱেশ কৰাৰ লগতে মহিলা আৰু শিশু হিতাধিকাৰীসকলৰ বাবে পুষ্টিকৰ খাদ্যৰ যোগান সুনিশ্চিত কৰা আৰু এই সন্দৰ্ভত বিশেষ সজাগতা সৃষ্টি কৰাৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে ।উল্লেখযোগ্য যে,এইবাৰ বানত হোৱা ক্ষয় ক্ষতিৰ মূল্যায়নৰ পিছত শোণিতপুৰৰ পৰা ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগলৈ ঢেকিয়াজুলি, ঠেলামাৰা, তেজপুৰ আৰু চাৰিদুৱাৰ ৰাজহ চক্ৰ সামৰি মুঠ ৭৬৭ টা আৰ জি প্ৰস্তাৱ প্ৰেৰণ কৰা হৈছিল। আৰু ইয়াৰে সৰ্বাধিক ক্ষতিগ্ৰস্ত ঘৰ ঢেকীয়াজুলি ৰাজহ চক্ৰৰ অধীনত হোৱাটো নিশ্চিত কৰা হৈছে। এই পুনৰীক্ষণ প্ৰক্ৰিয়া সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে প্ৰয়োজনীয় সকলো সহায়-সহযোগিতাৰ বাবে সংশ্লিষ্ট চক্ৰ বিষয়া, খণ্ড উন্নয়ন বিষয়া,দুৰ্যোগ ব্যৱস্থাপনাৰ ক্ষেত্ৰ বিষয়া, পঞ্চায়ত প্ৰতিনিধিসকলক দলটোৰ লগত উপস্থিত থাকিবলৈ নিৰ্দেশ দিয়া হৈছে।স্মৰ্ত্তব্য যে,বিভিন্ন সময়ত চৰকাৰী পৰিকল্পনা কাৰ্যক্ষেত্ৰত ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত ভাবে একাংশই ব্যৱহাৰ কৰিবলৈ বিচৰাৰ বাবেই একাংশ লোক বঞ্চিত হৈ আহিছে।এইবাৰ জিলাখনত হোৱা বানৰ সময়তো পশুখাদ্যৰ বাবে কৃষক আৰু পশুপালক সকলে হাঁহাকাৰ কৰিব লগীয়া হোৱাৰ বিপৰীতে পৰৱৰ্তী সময়ত একাংশ ৰাজনৈতিক ভাবে সক্ৰিয় লোকেহে চৰকাৰী পশুখাদ্য সংগ্ৰহ কৰি অঞ্চল সমূহত বিতৰণ কৰিছিল যদিও এই সময়ত বহু অঞ্চলতে চৰকাৰী ভাবে নিৰ্দ্ধাৰিত পৰিমানতকৈ পশুখাদ্যৰ পৰিমাণ বানাক্ৰান্ত লোকক কমাই আদায় দিয়া হৈছিল বিভিন্ন অজুহাত প্ৰদৰ্শন কৰি।এনে অৱস্থাত চৰকাৰী তৎপৰতাৰ বিপৰীতে বানত ক্ষতিগ্ৰস্ত সকলে এইবাৰ কিমান সঠিক ভাবে চৰকাৰী সাহায্য লাভ কৰিবলৈ সক্ষম হয় সেয়া লক্ষ্যণীয় হ’ব বুলি বানাক্ৰান্ত একাংশ লোকে মন্তব্য কৰিছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More