শোণিতপুৰত ৯২খন গাঁৱৰ ২১সহস্ৰাধিক লোক বানত আক্ৰান্ত

0 7

শতাব্দ প্ৰতিনিধি তেজপুৰ ,১৭জুন: শোণিতপুৰৰ পাঁচটা ৰাজহ চক্ৰ অন্তৰ্গত অঞ্চলৰ মুঠ ৯২খন ৰাজহ গাঁও সম্প্ৰতি বানৰ কবলত পৰিছে।আজি চৰকাৰী ভাবে প্ৰকাশ কৰা হৈছে এই তথ্য।মুঠ ২১হেজাৰ ৫৫৪জন লোক বানৰ কবলত পৰাৰ বিপৰীতে জিলাখনত প্ৰশাসনে মাত্ৰ এটা আশ্ৰয় শিবিৰ চাৰিদুৱাৰত স্থাপন কৰিছে আৰু ইয়াত আছে ৬৬জন লোক।উল্লেখযোগ্য যে ইয়াৰ পূৰ্বৰ বানতো পশুখাদ্যৰ বিতৰণকলৈ ব্যাপক অভিযোগ উত্থাপন হোৱাৰ বিপৰীতে এইবাৰৰ প্ৰলয়ংকাৰী বানৰ কবলত জিলাখনৰ কৃষিপ্ৰধান অঞ্চল সমূহেই পৰা সত্বেও মাত্ৰ ঢেকিয়াজুলি ৰাজহচক্ৰ আৰু তেজপুৰ ৰাজহ চক্ৰইহে বানাক্ৰান্ত পশুৰ হিচাপ দিয়াৰ বিপৰীতে চাৰিদুৱাৰ আৰু ঠেলামৰা ৰাজহচক্ৰৰ বানাক্ৰান্ত পশুৰ সংখ্যা হিচাপেই হোৱা নাই।উল্লেখযোগ্য যে শেহতীয়া বানত ঢেকিয়াজুলিৰ ২৩খন, ঠেলামৰাৰ ১৮খন, তেজপুৰৰ ২২খন, চাৰিদুৱাৰৰ ২৮খন আৰু নদুৱাৰৰ এখন গাঁও বানৰ কবলত পৰিছে।উল্লেখযোগ্য যে,জিলাখনত ৬১০২টা শিশুকে ধৰি ৮১৪২জন পুৰুষ আৰু ৭৩১০গৰাকী মহিলা সহ মুঠ ২১৫৫৪জন লোক বানত আক্ৰান্ত হৈছে।তদুপৰি এই বিধ্বংসী বানত শোণিতপুৰৰ মুঠ ৭৯৯.৫০হেক্টৰ কৃষিভূমি বানত ডুব গৈছে।উল্লেখযোগ্য যে,পশুখাদ্যৰ বাবে হাঁহাকাৰ লগা শোণিতপুৰৰ চাৰিদুৱাৰত বানত আক্ৰান্ত পশু ৰাইজে নামঘৰ চৌহদকে ধৰি বিভিন্ন ওখ স্থানত ৰখাৰ বিপৰীতে চৰকাৰী তথ্য অনুসৰি বানত ঢেকিয়াজুলিত ৯৮টা আৰু তেজপুৰত চাৰিশটা পশুধনহে বানৰ কবলত পৰিছে বুলি প্ৰকাশ পোৱাত ৰাইজ আচৰিত হৈছে।উল্লেখযোগ্য যে,চাৰিদুৱাৰত স্থাপিত জিলাখনৰ একমাত্ৰ আশ্ৰয় শিবিৰটোত ৩০জন পুৰুষ,২১গৰাকী মহিলা আৰু ১৫টা শিশুৱে আশ্ৰয় লৈছে

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More