শোণিতপুৰৰ চাৰিদুৱাৰত ড্ৰাগছ সহ গ্ৰেপ্তাৰ এজনক

0 13

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২ফেব্ৰুৱাৰী: শোণিতপুৰত যোৱা সময়চোৱাত ইজনৰ পিছত সিজনকৈ ড্ৰাগছ সৰবৰাহকাৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে এনে একাংশ ড্ৰাগছ সৰবৰাহকাৰী কাৰামুক্ত হৈ পুনৰ একেই দুস্কাৰ্যৰে জড়িত হৈ পৰিছে৷আজি পুৱা জিলাখনৰ খনামুখ অকাবস্তি অঞ্চলত মান্নাচ আলি নামৰ ড্ৰাগচ সৰবৰাহকাৰীজনক ড্ৰাগচ সহ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পাছতে এইকথা পুনৰবাৰ স্পষ্ট হৈছে৷ উল্লেখযোগ্য যে,চাৰিদুৱাৰ আৰক্ষীয়ে লাভ কৰা তথ্যৰ ভিত্তিত চলোৱা এক অভিযানত ধৃত মান্নাচৰ ঘৰৰ পৰা ৯.৩২গ্ৰাম ড্ৰাগচ জব্দ কৰিবলৈ সক্ষম হয়৷ মুঠ ১০টা প্লাষ্টিকৰ কন্টেনাৰত এই ড্ৰাগচ ৰখা হৈছিল বুলি সদৰী কৰি আৰক্ষীয়ে আৰু কয় যে এই ড্ৰাগচৰ মূল্য প্ৰায় ৪০হেজাৰ টকা৷ প্ৰনিধানযোগ্য যে,ইয়াৰ পূৰ্বেও আৰক্ষীয়ে ড্ৰাগচ সহ গ্ৰেপ্তাৰ কৰিছিল মান্নাচক আৰু কাৰাগাৰৰ পৰা মুক্ত হৈ পুনৰ এই মাৰাত্মক কাৰ্যৰে জড়িত হৈ পৰে এই লোকজন৷মান্নাচে এই ড্ৰাগচ কৰপৰা সংগ্ৰহ কৰিছিল সেই বিষয়ে আৰক্ষীয়ে এইপৰ্যন্ত কোনো তথ্য সদৰি কৰা নাই য’দিও আৰক্ষীৰ তদন্ত অব্যাহত আছে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More