শোণিতপুৰৰ ঢেকিয়াজুলিত যুৱতী বৰ্বৰভাবে এচিড আক্ৰমণ

0 16

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২৬ডিচেম্বৰ: শোণিতপুৰত সংঘটিত হৈছে এচিড আক্ৰমণৰ এক বৰ্বৰ কাণ্ড৷ জিলাখনৰ ঢেকিয়াজুলিত কালি দিনৰ প্ৰায় দুই বজাত এগৰাকী যুৱতীৰ ওপৰত এজন বিকৃত মানসিকতাৰ যুৱকে এচিডৰে আক্ৰমণ চলোৱা এক বৰ্বৰোচিত ঘটনা আজি পোহৰলৈ আহিছে৷ সম্প্ৰতি তেজপুৰৰ গে’ট সুখদা নামৰ নাৰ্ছিংহোমখনৰ আইচিইউত চিকিৎসাধীন হৈ আছে৷ এগৰাকী জীৱিকাসখী হিচাপে কৰ্মৰত যুৱতীগৰাকীয়ে কালি দায়িত্ব সামৰি ঘৰলৈ উভটাৰ পথত বাচ্ছু কৰ নামৰ যুৱকজনে খেদি খেদি এচিডৰে আক্ৰমণ চলায়৷ উল্লেখযোগ্য যে,নিজৰ ক্ষেত্ৰভিত্তিক দায়িত্ব সামৰি উভটাৰ পথত এখন মটৰ চাইকেলৰে অহা বাচ্ছুৱে যুৱতীগৰাকীক প্ৰথমে ৰ’বলৈ নিৰ্দেশ দিয়ে৷ যুৱতীগৰাকী নোৰোৱাত বাচ্ছু নামৰ এই বিকৃত মানসিকতাৰ যুৱকজনে সিং উপাধিৰ যুৱতীগৰাকীৰ ওপৰত এচিডৰে আক্ৰমণ কৰে৷ এই সময়ত নিজকে ৰক্ষা কৰিবলৈ পলায়ন কৰা যুৱতীগৰাকীক পিছে পিছে খেদি যোৱা দুৰ্বৃত্ত বাচ্ছুৱে চলোৱা আক্ৰমণত যুৱতীগৰাকীৰ পিঠি,হাত,বাহু আৰু মূৰৰ পিছৰ অংশত এচিডে ক্ষতি কৰে৷ সেই সময়ত পথত কোনো নথকাৰ সুযোগলৈ অভিযুক্ত দুৰ্বৃত্তই উপৰ্যুপৰি আক্ৰমণৰ সুযোগ লাভ কৰে যদিও সেই সময়ত আক্ৰান্ত যুৱতীৰ চিঞৰ শুনি কাষৰ চাহবাগিচাত কৰ্মৰত একাংশ লোকে খেদি অহাত আক্ৰমণকাৰী বাচ্ছুৱে ঘটনাস্হলীৰ পৰা পলায়ন কৰে৷ ইপিনে,আহত যুৱতীক স্হানীয় প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত প্ৰাথমিক চিকিৎসা প্ৰদানৰ পাছতেই উন্নত চিকিৎসাৰ বাবে তেজপুৰলৈ অনা হয়৷ উল্লেখযোগ্য যে ,বৰ্তমান চিকিৎসাধীন যুৱতীগৰাকীৰ দেহৰ ১৫শতাংশ এই জঘন্য এচিড আক্ৰমণত জ্বলি যোৱা বুলি চিকিৎসকে প্ৰকাশ কৰাৰ লগতে ব্যৱহৃত এচিড বিধ কি সেয়া নিৰূপণ কৰিব পৰা হোৱা নাই৷ অহা এসপ্তাহৰ ভিতৰত যুৱতী গৰাকী সুস্থ হৈ উঠিব বুলি প্ৰকাশ কৰি চিকিৎসকে বৰ্তমান যুৱতীগৰাকীৰ অৱস্থা স্থিৰ বুলিও প্ৰকাশ কৰিছে৷ ইপিনে,এই পাশৱিক ঘটনাৰ আঁৰৰ কাৰণ বৰ্তমানেও জানিব পৰা হোৱা নাই বুলি প্ৰকাশ কৰিছে আৰক্ষীয়ে৷ আৰক্ষী তথা আক্ৰান্ত যুৱতীৰ আত্মীয়ই সদৰি কৰা অনুসৰি,আক্ৰান্ত আৰু আক্ৰমণকাৰী দুয়োৰে ঘৰ ঢেকিয়াজুলি আৰক্ষী থানা অন্তৰ্গত ৰাক্ষসমাৰীত৷ পূৰ্বপৰিচিতি আক্ৰমণকাৰী বাচ্ছুৱে যুৱতীলৈ পূৰ্বে ফোন কৰাৰ বিষয়ে প্ৰকাশ কৰি যুৱতীৰ আত্মীয়ই আৰু কয় যে,আক্ৰমণকাৰী বাচ্ছুক ফ’ন নকৰিবলৈ যুৱতীগৰাকীয়ে কোৱাৰ বিপৰীতে বাচ্ছুৱে যুৱতীক ভাবুকি দি আহিছিল৷যুৱতীৰ স’তে এই আক্ৰমণকাৰীজনৰ প্ৰেমৰ সম্পৰ্ক নাছিল বুলি দৃঢ়তাৰে কয় যুৱতীৰ আত্মীয়ই৷ ইপিনে পলাতক আক্ৰমণকাৰীৰ সন্ধানত কালি আৰক্ষীয়ে একাধিক স্হানত তালাচী চলোৱাৰ পাছত আজি পুৱা আৰক্ষীয়ে বাচ্ছুক গ্ৰেপ্তাৰ কৰে বুলি প্ৰকাশ কৰাৰ বিপৰীতে স্হানীয় সূত্ৰই খলনায়ক বাচ্ছুৱে আত্মসমৰ্পণ কৰা বুলি দাবী কৰিছে৷ আৰক্ষীয়ে বাচ্ছুক জিন্মাত লৈ ঘটনাৰ কাৰণ তথা এচিড আদি ক’ৰপৰা কেনেদৰে সংগ্ৰহ কৰিলে সেই কথা সোধপোছৰ পাছত নিশ্চিত কৰিব পৰা যাব বুলি প্ৰকাশ কৰিছে৷ ইপিনে ৰাজ্যখনত সংঘটিত এনে অনাহুত এচিড আক্ৰমণৰ ঘটনাৰ দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে যুৱতীগৰাকীৰ সতীৰ্থ জীৱিকা সখী সকলে৷ আনহাতে আক্ৰান্ত যুৱতীৰ আত্মীয়ই এই বিকৃত মানসিকতাৰ আক্ৰমণকাৰীৰ ফাঁচিৰ ব্যৱস্থাৰে ৰাজ্যত যাতে পুনৰ এনে বৰ্বৰ কাণ্ডৰ পুণৰাবৃত্তি নঘটে তাৰ বাবে দাবী জনাইছে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More