শোণিতপুৰৰ বৰছলাত হাজাৰ হাজাৰ বিঘা মাকৈ, মৰাপাট, বড়ো ধানৰ খেতি- পাচলি বাগান পানীৰ তলত

0 27

শতাব্দ প্ৰতিনিধি তেজপুৰ,২০মে’:
আগতীয়া বানে ৰাজ্যজুৰি ব্যাপক প্ৰভাৱ পেলোৱাৰ সময়তে শোণিতপুৰৰ বৰছলা সমষ্টিত ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীয়ে কৃষক ৰাইজৰ বিস্তৰ ক্ষতি সাধন কৰে । বৃহৎ পৰিমাণৰ কৃষি ভূমি চপৰা চপৰে ব্ৰহ্মপুত্ৰত জাহ যোৱা সমষ্টিটোৰ বছা শিমলু অঞ্চলত বহু পৰিমাণৰ গোমধানৰ খেতিৰ উপৰি ,মৰাপাট আৰু বড়ো ধানৰ খেতি বৰ্তমান পানীৰ তলত নষ্ট হৈছে  । শোণিতপুৰৰ ভিতৰতে ব্যাপক পৰিমাণৰ মাকৈ খেতি হোৱা এই অঞ্চলৰ পৰা বছৰি হেজাৰ হেজাৰ কুইন্টল পৰিমাণৰ মাকৈ ৰাজ্যৰ তিনিচুকীয়াকে ধৰি বহিৰাজ্যলৈয়ো ৰপ্তানি কৰা হয় । কিন্তু এইবাৰৰ সংহাৰী বানে এইসকল কৃষকৰ বাবে বিপৰ্যয় কঢ়িয়াই অনাৰ বিষয়ে সদৰি কৰি কৃষকসকলে প্ৰকাশ কৰা অনুসৰি কেবল বছা শিমলু অঞ্চলতে প্ৰায় চাৰিহেজাৰ বিঘাৰ অধিক ভূমিত বড়ো ধান তথা পাঁচ হেজাৰ বিঘাৰ অধিক ভূমিত মৰাপাট খেতিও কৰা হৈছিল য’দিও বৰ্তমান ইয়াৰে অধিকাংশই পানীৰ তলত । উল্লেখযোগ্য যে, শোণিতপুৰৰ লগতে একাধিক জিলা তথা অৰুণাচল প্ৰদেশ পৰ্যন্ত এই অঞ্চলত উৎপাদিত বিভিন্ন শাক-পাচলিয়ে বজাৰ দখল কৰিছে । ইয়াত হোৱা জিকা, ভেন্দি, পটল, বিলাহী আৰু জলকীয়াৰ খেতিও সম্প্ৰতি বানে নষ্ট কৰিছে। উল্লেখযোগ্য যে,একোজন কৃষকে ইতিমধ্যে ৩০বিঘা পৰ্যন্ত কৃষিভূমি খহনীয়াত হেৰুৱাবলগীয়া হোৱাৰ বিপৰীতে তেওঁলোকে অৱশিষ্ট মাটিত কৰা মৰাপাট নতুবা আন খেতি বানৰ বাবে হেৰুৱাবলগীয়া হোৱাত ভৱিষ্যতৰ চিন্তাত শংকিত হৈছে । উল্লেখযোগ্য যে,বছৰটোত একাধিকবাৰ মাকৈ খেতি হোৱা এই অঞ্চলৰ এজন শিক্ষিত আৰু সফল কৃষক নুৰ হুছেইনে প্ৰকাশ কৰা অনুসৰি, বৃহৎ পৰিমাণৰ মাকৈ খেতি, মৰাপাট আৰু বড়ো ধানৰ খেতি একেলেঠাৰিয়ে কেইবাদিনো ধৰি পানীৰ তলত থকাত নষ্ট হবলৈ ধৰিছে । উল্লেখ্য যে যোৱাবাৰ ব্ৰহ্মপুত্ৰৰ প্ৰলয়ংকাৰী বানে চিতলমাৰীৰ পৰা বৰছলা বজাৰ সংযোগী লোক নিৰ্মাণ বিভাগৰ পথটোৰ বছাশিমলু এলেকাত এক কিলোমিটাৰৰো অধিক অংশ খহাই নিছিল যদিও সুদীৰ্ঘ এবছৰে লোক নিৰ্মাণ বিভাগে পথটোৰ খহাই নিয়া অংশ মেৰামতি নকৰিলে। ইয়াৰ ফলতে বৃহত্তৰ অঞ্চলটোৰ কৃষক ৰাইজ ব্যাপক সমস্যাৰ সন্মুখীন হৈ অহাৰ পাছতো তেওঁলোকে কৃষিকাৰ্য কৰি গৈছিল যদিও এইবাৰ বানে সকলো শেষ কৰিলে বুলি আক্ষেপ প্ৰকাশ কৰে কৃষকসকলে । বৰ্তমান এই বৃহত্তৰ কৃষিপ্ৰধান অঞ্চলটোৰ ৰাইজৰ বাবে যাতায়াতৰ ক্ষেত্ৰত নাৱেই প্ৰধান ভৰসা হৈ পৰিছে । বৰছলা সমষ্টিৰ পুঠিমাৰী এলেকাটো শ শ বিঘা কৃষিভূমি ব্ৰহ্মপুত্ৰৰ বানে প্লাবিত কৰাত মাকৈ আৰু মাটিমাহকে ধৰি বিভিন্ন খেতি বৰ্তমান পানীৰ তলত থকাৰ লগতে বাহবাৰী মৌজাতো শাকপাচলিৰ খেতি বানৰ বাবেই নষ্ট হোৱাত কৃষক ৰাইজ হতাশ হৈ পৰিছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More