শোণিতপুৰৰ মিছামাৰীৰ সেনা চৌহদত খাদ্যৰ ভঁৰাল ভাঙিলে বন্যহস্তীয়ে

  একাধিক অঞ্চলত বাসগৃহ,দোকান ধ্বংস কৰি আছে

0 22
শতাব্দ প্ৰতিনিধি তেজপুৰ, ২৯ এপ্ৰিলঃ সোণাই ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা চাৰিটা বনৰীয়া হাতীয়ে সমীপৱৰ্তী অঞ্চলত যোৱা কেবাদিনো ধৰি  উপদ্ৰৱ চলাই আহিছে। উল্লেখযোগ্য যে,চাৰিওটা মখনা হাতীৰ ভিতৰত তিনিটা একেলগে আৰু আন এটা পৃথকে থাকি মিছামাৰীৰ সেনা চৌহদত খাদ্যৰ সন্ধানত সেনাৰ খাদ্যৰ ভড়াল ভঙাৰ লগতে কাষৰীয়া অঞ্চলৰ কেবাটাও বাসগৃহ তথা দোকান ভাঙিছে। উল্লেখযোগ্য যে,গাভৰু খণ্ড বন কাৰ্যালয়ৰ অধীনস্থ নেপালী বস্তি, কলামাটি আৰু ৰিকামাৰী অঞ্চলত চাৰিওটা হাতীয়ে যোৱা সময়চোৱাত উপদ্ৰৱ চলাই গৈছে। দিনত ওখ দলনিৰ মাজত আশ্ৰয় লৈ নিশা পুনৰ খাদ্যৰ সন্ধানত জনাঞ্চলত প্ৰবেশ কৰা এই হাতী চাৰিটাৰ ভিতৰত তিনিটা হাতীয়ে প্ৰায়ে চামবাৰী বনশিবিৰৰ সমীপত কলামাটিত আশ্ৰয় লোৱা বুলিও স্থানীয় লোকে প্ৰকাশ কৰিছে। বৈদ্যুতিক বেৰাৰ কলামাটিত থকা এটা পকীখুটা গচকি হেলনীয়া কৰি সেইদিশৰে সোণাইৰূপাইৰ পৰা ওলাই অহা হাতী চাৰিটাৰ ভিতৰত অকলশৰীয়াকৈ থকা হাতীটোৱে অধিক ক্ষতি কৰিছে বুলিও একাংশ লোকে প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে দুনিশা পূৰ্বে মিছামাৰীৰ ৰিকামাৰীত সাতটা বাসগৃহ ভঙা বন্যহস্তীটোৱে কাৰ্বিচেন্টাৰত ঘৰ তথা দোকানগৃহ ভাঙি চাউল দাইল ভক্ষণ কৰে। ইয়াৰ পূৰ্বে এই বন্যহস্তী চাৰিটাই মিছামাৰী সেনা চৌহদৰ পকী দেৱাল ভঙাৰ লগতে সেনাৰ  এটা ভড়ালগৃহ ভাঙি চাউল আটা আদি ভক্ষণ কৰে। সেনা কৰ্তৃপক্ষই বন্যহস্তীৰ এই উপদ্ৰৱৰ বিষয়ে বনবিভাগৰ ওচৰত আপত্তি জনোৱাৰ পাছতেই বনবিভাগে চাৰিওটা হাতীকে অভয়াৰণ্যৰ মাজলৈ উভতাই পঠোৱাৰ চেষ্টা কৰিলেও দুটা ভাগত বিভক্ত হাতী চাৰিটাই পুনৰ নিশা হ’লেই উপদ্ৰৱ চলায়। উল্লেখযোগ্য যে,বন্যহস্তীৰ উপদ্ৰৱ দীৰ্ঘদিনৰ পৰাই অব্যাহত থকা এই অঞ্চল সমূহত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ বাবে গাভৰু খণ্ড বন কাৰ্যালয়তো প্ৰয়োজনীয় কৰ্মীৰ অভাৱ । বনৰীয়া হাতীৰ সমস্যাৰ ক্ষেত্ৰতো ইয়াত অভিজ্ঞ বনকৰ্মীৰ অতি প্ৰয়োজন যদিও ইয়াত তেনে  বনকৰ্মী বৰ্তমান প্ৰায় নাই ।উল্লেখযোগ্য যে,ইতিমধ্যেই এনে এজন বনকৰ্মীৰ অসুস্থতাৰ বাবে মৃত্যু ঘটিছে আৰু এজন একে কাৰণতে ছুটীত আছে। এনে অৱস্থাত বৈদ্যুতিক বেৰা চোৱাচিতা কৰাৰ দায়িত্বত থকা লোককো জনাঞ্চলৰ পৰা হাতী উভতাই পথোৱাৰ বাবে নিশা ব্যৱহাৰ কৰিবলগীয়া হৈছে। বনাঞ্চলৰ সংকোচনৰ ফলতেই এই বৃহৎ জন্তুবিধ খাদ্য সংকটৰ সন্মুখীন হৈ জনাঞ্চললৈ ওলাই আহিবলৈ বাধ্য হৈছে।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More