শোণিতপুৰৰ মূল পথত চলিব নোৱাৰিব ই ৰিক্সা সন্ধিয়া ৫ বজাৰ পৰা নিশা ১০ বজালৈ ৰাষ্ট্ৰীয় পথত চলিব নোৱাৰিব ডাম্পাৰ

ডাম্পাৰৰ দৌৰাত্ম্য আৰু ই ৰিক্সাৰ অতপালি ৰোধিবলৈ শোণিতপুৰ জিলা পৰিবহণ বিভাগৰ কঠোৰ অভিযান আৰম্ভ

0 42

শতাব্দ ষ্টাফ ৰিপটাৰ তেজপুৰ , ২ মে’ঃ শোণিতপুৰ জিলাৰ বিভিন্ন প্ৰান্তত ডাম্পাৰৰ দৌৰাত্ম্য আৰু ই ৰিক্সাৰ অতপালি ৰোধ কৰিবলৈ শোণিতপুৰ জিলা পৰিবহন বিভাগে জিলাখনৰ বিভিন্ন ঠাইত কঠোৰ অভিযান আৰম্ভ কৰিছে। ডাম্পাৰৰ দৌৰাত্ম্য আৰু ই ৰিক্সা চালকৰ বেপেৰুৱা মনোবৃত্তিৰ বাবেই সঘনাই দুৰ্ঘটনা সংঘটিত হৈ অহাই নহয় যোৱা ২৭ এপ্ৰিলৰ নিশা তেজপুৰৰ সৰবৰহী ব্যৱসায়ী তথা ৰাজ্যখনৰ প্ৰথমগৰাকী টাইকোৱানড’ৰ ব্লেক বেল্টৰ অধিকাৰী বিপুল ডেকাক ডাম্পাৰে মহতিয়াই নিহত কৰাৰ পিছত যোৱা শনিবাৰৰ পৰা শোণিতপুৰ জিলা পৰিবহণ বিভাগৰ এনফৰ্চমেণ্ট বিষয়া – কৰ্মচাৰী সকলে পৰিবহন আইন ভংগকাৰী ডাম্পাৰ আৰু ই ৰিক্সাৰ বিৰুদ্ধে অভিযান চলাই বহুকেইখন আইন ভংগকাৰী ডাম্পাৰ জব্দ কৰি অনুজ্ঞাপত্ৰ আৰু পঞ্জীয়ন পত্ৰ জব্দ কৰি জৰিমনা বিহাই নহয় এনে ডাম্পাৰ চালকৰ বিৰুদ্ধে গোচৰ পঞ্জীয়ন কৰিছে বুলি জানিব পৰা গৈছে। জিলা পৰিবহন বিষয়াৰ তৎপৰতাত আৰম্ভ কৰা এই কঠোৰ অভিযান এতিয়া জিলাখনৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে আৰু শেহতীয়াকৈ চহৰৰ মূল পথত বেপৰোৱা ভাৱে চলি থকা ই ৰিক্সাৰ ওপৰতো একেই অভিযান আৰম্ভ কৰি চহৰৰ মূল পথত ই ৰিক্সাৰ চলাচল নিষিদ্ধ কৰি তুলিছে বুলি জিলা পৰিবহন বিষয়া শৈলেন দাসৰ পৰা জানিব পৰাৰ লগতে সন্ধিয়া ৫ বজাৰ পৰা নিশা ১০ বজালৈ ৰাষ্ট্ৰীয় ঘাইপথত ডাম্পাৰৰ চলাচল সম্পূৰ্ণ নিষিদ্ধ কৰিছে বুলি জানিবলৈ দিছে । উল্লেখ্য যে, শোণিতপুৰ জিলা পৰিবহন বিষয়াৰ কাৰ্যালয়ে ২০২২—২৩ বৰ্ষত এনে ধৰনৰ পৰিবহন আইন ভংগকাৰীৰ পৰা প্ৰায় ৫৫ কোটি ৫ লাখ টকাৰ জৰিমনা বিহিবলৈ সক্ষম হৈছে ৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More