শোণিতপুৰৰ শতাধিক শিশু বিজ্ঞানীৰ চমৎকাৰ উদ্ভাৱন

৩০ সংখ্যক ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ শোণিতপুৰ জিলাৰ দুদিনীয়া সমাৰোহত শিশু বিজ্ঞানীৰ আৰ্হি প্ৰকল্পত মুগ্ধ বিশিষ্টজন

0 53

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ৩ নবেম্বৰ : শোণিতপুৰ জিলাৰ বিভিন্ন শিক্ষানুষ্ঠানৰ ১০ পৰা ১৭ বছৰ বয়সৰ চাৰিকুৰি শিশু বিজ্ঞানীৰ বিজ্ঞানৰ আৰ্হি প্ৰকল্পৰ চমকপ্ৰদ উদ্ভাৱনৰে আজিৰে পৰা দুদিনীয়াকৈ অনুষ্ঠিত হোৱা ৩০ সংখ্যক ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ শোণিতপুৰ জিলা সমাৰোহৰ তেজপুৰৰ নিকটৱৰ্তী বিহগুৰিৰ চন্দ্ৰনাথ শৰ্মা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এক আশাৰ সঞ্চাৰ পৰিলক্ষিত হয়। উল্লেখ্য যে দেশৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা মন্ত্ৰণালয়ৰ জৰিয়তে ১৯৯৩ চনৰ পৰাই শিক্ষাৰ্থী সকলক বিজ্ঞান মনস্কতাৰে গঢ়ি তোলাৰ লক্ষৰেই আয়োজন কৰি অহা ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ ৩০ সংখ্যক উদযাপনৰ লগত সংগতি ৰাখি সমাৰোহৰ শোণিতপুৰ জিলা সমিতিয়ে আজিৰে পৰা বিহগুৰিৰ চন্দ্ৰনাথ শৰ্মা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আয়োজন কৰা শতাধিক বিজ্ঞানৰ আৰ্হি প্ৰকল্পৰ মাজত শিশু বিজ্ঞানী সকলৰ বৈজ্ঞানিক দৃষ্টিভঙ্গীয়ে উপস্থিত শিক্ষানুৰাগী সকলক আকৃষ্ট কৰা পৰিলক্ষিত হয়। শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই আনুষ্ঠানিকভাৱে উদ্বোধন কৰা, তেজপুৰ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড০ বীৰেন দাস, অসম বিজ্ঞান সমিতিৰ তেজপুৰ শাখাৰ সভাপতি তথা দৰংমহাবিদ্যালয়ৰ অধ্যক্ষ ড° পলাশ মণি শইকীয়া, ঢেকীয়াজুলিৰ লোক নায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়ৰ অধ্যক্ষ ড° শুকদেৱে অধিকাৰী, শোণিতপুৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া কৰবী শইকীয়া কৰণ, শিক্ষা বিভাগৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্ত দ্যোতিভা বৰা, শোণিতপুৰ জিলা সংমণ্ডলৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক তথা ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ শোণিতপুৰ জিলা সমিতিৰ সভাপতি প্ৰভাত দাস, শোণিতপুৰ জিলা অধিবিদ্যা পৰিষদৰ সম্পাদক বিজয় কাণ্ডুলনাকে ধৰি বিশিষ্ট ব্যক্তিসকলৰ উপস্থিতিত আজি উদ্বোধনী অনুষ্ঠানৰ পিছতেই বিজ্ঞানৰ এই আৰ্হি প্ৰকল্প প্ৰতিযোগিতাত শিশু বিজ্ঞানী সকলে বিচাৰকৰ সন্মুখত নিজৰ প্ৰকল্প সমূহৰ বিষয়ে বৰ্ণনা কৰাৰ মুহূৰ্তত শিশু বিজ্ঞানী সকলৰ চমকপ্ৰদ উদ্ভাৱনী শক্তি উন্মোচিত হয়।IMG 20221103 WA0084 চন্দ্রনাথ বেজবৰুৱা মহাবিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ অধ্যাপক দেৱজিৎ শইকীয়া, দৰং মহাবিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগৰ অধ্যাপক ড০ চিত্তৰঞ্জন বৰুৱা, ড° ৰবীন্দ্ৰ হাজৰিকা, পৰিসংখ্যা বিজ্ঞান বিভাগৰ অধ্যাপক ড° লৱ সন্দিকৈ, ভূগোল বিজ্ঞান বিভাগৰ অধ্যাপক গোলাপ সোনোৱাল আৰু পদাৰ্থ বিজ্ঞান বিভাগৰ অধ্যাপক ড° ছাইফুল ইছলামে বিচাৰকৰ আসন অলংকৃত কৰা এই সমাৰোহত জামুগুৰিহাটৰ জামুগুৰি একাডেমীৰ শিশু বিজ্ঞানীৰ প্ৰকল্প “বৰভগীয়া অঞ্চলত বিচৰণ কৰা বিভিন্ন প্ৰজাতিৰ সাপৰ ওপৰত অধ্যয়ন আৰু ইয়াৰ সংৰক্ষণৰ বাবে ব্যৱস্থা” শীৰ্ষক প্ৰকল্প, তেজপুৰ কলেজিয়েট উচ্চ মাধ্যমিক বিদ্যালয়ৰ “সংহত বা মিশ্ৰিত কৃষি পদ্ধতি”, ঠেলামৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ “মৌ মাখি আৰু মৌৰ ওপৰত প্ৰভাৱ পেলোৱা ৰাসায়নিক সাৰ আৰু কীটনাশক দ্ৰব্যৰ ক্ষেত্ৰভিত্তিক অধ্যয়ন “,তেজপুৰ ছেইন্ট যোচেফ কনভেন্ট বিদ্যালয়ৰ “পাকঘৰৰ পেলনীয়া খাদ্য সামগ্ৰীৰ পৰা ৰঞ্জক প্ৰস্তুত কৰি কাপোৰত প্ৰয়োগ আৰু “জণ্ডিছ ৰোগৰ গাঁৱলীয়া দৰবৰ সংৰক্ষণ “,কেতেকীবাৰী বালিকা মজলীয়া বিদ্যালয়ৰ “পৰিৱেশৰ ভাৰসাম্যতা ৰক্ষা কৰাত আধ্যাত্মিক বিশ্বাস জৰিত এজোপা প্ৰসিদ্ধ গছৰ প্ৰভাৱ “তেজপুৰৰ ৰাষ্ট্ৰভাষা বিদ্যালয়ৰ “খালি চকীৰ সংকেতক” যুগল উচ্চ মাধ্যমিক বিদ্যালয়ৰ “খাদ্যাভ্যাসৰ তুলনামূলক অধ্যয়ন “আৰু” কাঠফুলাৰ উন্নত খেতি” শীৰ্ষক প্ৰকল্প আদিয়ে শিশু বিজ্ঞানীসকলৰ বিজ্ঞান মনস্কতাৰ সন্ধান দিবলৈ সক্ষম হয়। উল্লেখ্য এই দুদিনীয়া সমাৰোহৰ প্ৰাকমুহূৰ্তত শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ পতাকা উত্তোলন কৰাৰ লগতে শোণিতপুৰ জিলাৰ সভাপতি তথা বিদ্যালয় সমূহৰ পৰিদৰ্শক প্ৰভাত দাসে জিলাৰ পতাকা, অসম বিজ্ঞান সমিতিৰ তেজপুৰৰ সভাপতি তথা দৰংমহাবিদ্যালয়ৰ অধ্যক্ষ ড° পলাশ মণি শইকীয়াই অসম বিজ্ঞান সমিতিৰ পতাকা আৰু চন্দ্র নাথ শৰ্মা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা মিনাক্ষী গোস্বামীয়ে বিদ্যালয়ৰ পতাকা উত্তোলন কৰাৰ পিছত ৰাজ্যিক শিশু বিজ্ঞানী হিবা আয়েস্কা আৰু বিগত বৰ্ষত শোণিতপুৰ জিলাৰ পৰা ৰাজ্যখনৰ ভিতৰত সৰ্ব শ্ৰেষ্ঠ হোৱা শিশু বিজ্ঞানী ৰাহুল মুৰাই শিশু বিজ্ঞানী সকলক ইংৰাজী আৰু অসমীয়াত পৃথকে শপত বাক্য পাঠ কৰোৱায়। তেজপুৰ জিলা মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাৰ পত্ৰিকা সম্পাদক পংকজ বৰুৱাই আঁত ধৰা অনুষ্ঠানটিত বিদ্যালয়খনৰ শিক্ষক – শিক্ষয়িত্ৰী আৰু একাংশ শিক্ষাৰ্থীয়ে ৰাজ্যিক শিশু বিজ্ঞান সমাৰোহৰ শীৰ্ষ গীত পৰিবেশন কৰাৰ পিছতেই সভাপতি প্ৰভাত দাসৰ পৌৰোহিত্যত অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি ৰূপে অংশ গ্ৰহণ কৰা শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই নিজে বিদ্যালয়ত পঢ়াৰ সময়ত এনে সমাৰোহত অংশ গ্ৰহণ কৰি লাভ কৰা অভিজ্ঞতাই পৰৱৰ্তী সময়ত নষ্টালজিক হৈ ধৰা দিয়াৰ প্ৰসংগ উত্থাপন কৰি শিক্ষাৰ্থী সকল বিজ্ঞান মনস্ক বা বৈজ্ঞানিক দৃষ্টিভঙ্গী সম্পন্ন হ’ব পাৰিলে যিকোনো ক্ষেত্ৰতে শুদ্ধ আৰু সঠিক সিদ্ধান্ত গ্ৰহণ কৰিবলৈ সক্ষম হয় বুলি মন্তব্য কৰে। উপায়ুক্ত গৰাকীয়ে ভাষণ প্ৰসংগত ছাত্ৰ জীৱনৰ বহু স্মৃতি ৰোমন্থন কৰি বিজ্ঞানৰ প্ৰয়োজনীয়তাৰ ওপৰত বিশদ ব্যখ্যা আগবঢ়ায়। জিলাৰ সমন্বয়ক নিপজ্যোতি শইকীয়াই উদ্দেশ্য ব্যাখ্যা কৰা উদ্বোধনী অনুষ্ঠানত দৰং মহাবিদ্যালয়ৰ অধ্যক্ষ তথা অসম বিজ্ঞান সমিতিৰ তেজপুৰৰ সভাপতি ড° পলাশ মণি শইকীয়াই শিশু বিজ্ঞান সমাৰোহৰ লক্ষ্য আৰু উদ্দেশ্য সদৰী কৰি মূলতঃ স্হানীয় সমস্যা সমূহ চিনাক্ত কৰি ইয়াৰ বিজ্ঞানসন্মত সমাধানৰ উপায় উদ্ভাৱনৰ বাবেই প্ৰকল্প হোৱা মূল লক্ষ্য বুলি কৈ শিক্ষাৰ্থী সমাজৰ বিজ্ঞান মানসিকতাৰ ওপৰতেই দেশৰ ভৱিষ্যত নিৰ্ভৰ কৰে বুলি মন্তব্য কৰে। শোণিতপুৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া কৰবী শইকীয়া কৰণ, শিক্ষা বিভাগৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্ত দ্যোতিভা বৰা, শোণিতপুৰ জিলা অধিবিদ্যা পৰিষদৰ সম্পাদক বিজয় কাণ্ডুলনা আদিৰ উপস্থিতিত সন্মানীয় অতিথি ৰূপে অংশ গ্ৰহণ কৰা ঢেকীয়াজুলি লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়ৰ অধ্যক্ষ ড° শুকদেৱে অধিকাৰী আৰু তেজপুৰ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড° বীৰেন দাসেও ভাষণ প্ৰদান কৰা অনুষ্ঠানটিত ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ শোণিতপুৰ জিলা সমিতিয়ে ৰাষ্ট্ৰীয় কৃতী শিক্ষকৰ বঁটা লাভ কৰা চন্দ্র নাথ শৰ্মা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা মিনাক্ষী গোস্বামী আৰু সমাৰোহৰ শোণিতপুৰ জিলা সমিতিৰ প্ৰাক্তন সমন্বয়ক ড০ পলাশ মণি শইকীয়াই দৰংমহাবিদ্যালয়ৰ অধ্যক্ষ হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাত বিশেষ ভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে ।সভাপতিৰ আসনৰ পৰা বিদ্যালয় সমূহৰ পৰিদৰ্শক প্ৰভাত দাসেও শুভেচ্ছামূলক ভাষণ দিয়া উদ্বোধনী অনুষ্ঠানৰ শলাগ জ্ঞাপন কৰে বিদ্যালয়খনৰ অধ্যক্ষা মিনাক্ষী গোস্বামীয়ে ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More