শোণিতপুৰৰ ১১৬৮খন বিদ্যালয়ৰ গুণোৎসৱত ১,৪৩,১০৮ গৰাকী অৱতীৰ্ণ

0 59
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ২জুন : ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ তৃতীয় পৰ্যায়ৰ গুণোৎসৱৰ অংশ হিচাপে কালিৰে পৰা শোণিতপুৰ জিলাতো ১১৬৮খন বিদ্যালয়ৰ ১,৪৩,১০৮গৰাকী শিক্ষাৰ্থীয়ে বাহ্যিক মূল্যায়নেৰে অৱতীৰ্ণ হৈছে । জিলাখনত ৪ জুনলৈকে আয়োজিত এই গুণোৎসৱৰ বাহ্যিক মূল্যায়নৰ আজিৰ দিনটোত শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰ তেজপুৰৰ অন্যতম ঐতিহ্যমণ্ডিত প্ৰাথমিক বিদ্যালয় “কাৰ মেম’ৰিয়েল প্ৰাথমিক বিদ্যালয়ত বিশেষ বাহ্যিক বহী মূল্যায়ক হিচাপে  উপস্থিত থাকে।কণ কণ শিক্ষাৰ্থীসকলে আকৰ্ষণীয়ভাবে পৰিৱেশন কৰা বিদ্যালয়খনৰ প্ৰাৰ্থনা সভাতো উপায়ুক্ত গৰাকী উপস্থিত থাকি শিক্ষাৰ্থীসকলৰ লগত আপোনপাহৰা হৈ নিজৰ শৈশৱৰ ছাত্ৰ জীৱনকলৈ নষ্টালজিক হৈ পৰে। উপায়ুক্ত গৰাকীয়ে প্ৰতিটো শ্ৰেণী কক্ষতে প্ৰবেশ কৰি ছাত্ৰ-ছাত্ৰীসকলৰ লগত মত বিনিময় কৰে। ইয়াৰ পিছতেই এগৰাকী বহী মূল্যায়ক হিচাপে পৰীক্ষাৰ দিশ পৰ্যবেক্ষণ কৰি উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰ শিক্ষাৰ্থীসকলৰ গুণগত মান নিৰূপণত দীঘলীয়া সময় ব্যস্ত থকা পৰিলক্ষিত হয়।আনহাতে, স্থানীয় বিধায়ক পৃথ্বিৰাজ ৰাভাই গুণোৎসৱ উপলক্ষে তেজপুৰ ১নং দোলাবাৰী এল পি স্কুল, মধ্য বাৰিকা চুবৰি এল পি স্কুল, তেজপুৰ বেংগলী কন্যা উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰিদৰ্শন কৰি শিক্ষাৰ্থীসকলৰ স’তে মতবিনিময় কৰাৰ লগতে তেজপুৰ একাডেমী আৰু তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়তো উপস্থিত হয়। ইপিনে জিলাখনত ৪ মে’লৈকে চলিব লগা গুণোৎসৱৰ আজিৰ এই বাহ্যিক মূল্যায়নৰ দিনটোত তেজপুৰৰ হিন্দী মাধ্যমৰ ৰাষ্ট্ৰভাষা বিদ্যালয়ত বিদ্যালয়ৰ পতাকা উত্তোলন, IMG 20220602 WA0054সৰ্বেপল্লী ৰাধাকৃষ্ণণৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ হয়। বিদ্যালয়খনৰ পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি সুৰেশ চিৰোহিয়াই পতাকা উত্তোলন আৰু বন্তি প্ৰজ্বলন কৰাৰ পিছত পৰিচালনা আৰু উন্নয়ন সমিতিৰ উপসভাপতি, বিশিষ্ট অনাতাঁৰ শিল্পী দুৰ্গাময়ী বৰাৰ লগতে বহী মূল্যায়ক হিচাপে উপস্থিত থকা তেজপুৰ শিক্ষক শিকন মহাবিদ্যালয়ৰ অধ্যাপিকা মনময়ূৰী গোস্বামী আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কলিয়াবৰ সংমণ্ডলৰ সহকাৰী অভিযন্তা নৱজ্যোতি নাথে সৰ্বেপল্লী ৰাধাকৃষ্ণণৰ প্ৰতিচ্ছবিত ধূপ প্ৰজ্বলন কৰাৰ পিছত সভাপতি সুৰেশ চিৰোহিয়া আৰু প্ৰধান শিক্ষক বিজয় কাণ্ডুলনাই আদৰণী ভাষণ আৰু গুণোৎসৱৰ প্ৰাৰম্ভিক ভাষণ দাঙি ধৰে। আনহাতে ইয়াৰ পিছতেই আকৰ্ষণীয়কৈ অনুষ্ঠিত হয় প্ৰাৰ্থনা সভাৰ। এই আকৰ্ষণীয় প্ৰাৰ্থনা সভাৰ পিছতেই দুয়োগৰাকী বাহ্যিক বহী মূল্যায়ক অৰ্থাৎ একষ্ট্ৰাৰনেল ইভালুৱেটৰৰ উপস্থিতিত এনেদৰে বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰীসকলে অ’ এম আৰৰ জৰিয়তে শিক্ষাৰ্থীসকলৰ মূল্যায়ন আৰম্ভ কৰে।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More