শোণিতপুৰৰ ১২ স্হানত ১৩ শ বিহুৱা – বিহুৱতীৰ চূড়ান্ত আখৰা

তেজপুৰৰ নেহৰু ময়দানৰ নান্দনিক দৃশ্যৰ সন্মুখত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ সচিব সুন্দৰ্শন ঠাকুৰ

0 33

শতাব্দ ষ্টাফ ৰিপ টাৰ,তেজপুৰ ২৯ মাৰ্চ : IMG 20230329 WA0052বিহুৰ বিশ্বমুখী যাত্ৰা।লক্ষ্য ১৪ এপ্ৰিলৰ মহা আয়োজন। একেলগে ১১ হাজাৰ বিহুৱা – বিহুৱতীৰ বিহু প্ৰদৰ্শন। সেয়েহে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ সচিব সুন্দৰ্শন ঠাকুৰৰ লগতে একাংশ বিশিষ্ট বিহুৱা, বিশিষ্ট ব্যক্তিৰ উপস্থিতিত আজি পুৱাই তেজপুৰৰ ঐতিহাসিক নেহৰু ময়দান বিহুনাম, বিহু নৃত্যৰে মুখৰিত হৈ পৰে । ঢোলৰ গুমগুমনি আৰু তালৰ মাতেৰে ৰজনজনাই উঠিল নেহৰু ময়দান। উল্লেখ্য যে, অসম চৰকাৰৰ উদ্যোগত অসম আৰু অসমীয়াৰ স্বাভিমান বিহুক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ ৰাজ্যজুৰি যি ব্যাপক তৎপৰতা সৃষ্টি হৈছে তাৰেই অংশ হিচাপে শোণিতপুৰৰ ১২ টাকৈ স্হানত অনুষ্ঠিত হৈছে বিহু নৃত্যৰ সমূহীয়া চূড়ান্ত আখৰা। জিলাখনৰ এই চূড়ান্ত আখৰা পৰ্যবেক্ষণ কৰিবলৈ আজি পুৱাই তেজপুৰ নেহৰু ময়দানৰ আখৰা স্হলীত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ একাংশ দায়িত্ববাহী শিল্পী সহ উপস্থিত হয় সচিব সুন্দৰ্শন ঠাকুৰ। শোণিতপুৰ জিলা সাংস্কৃতিক উন্নয়ন বিষয়া তথা জ্যোতি ভাৰতীৰ ভাৰপ্ৰাপ্ত বিষয়া জিতেন কুমাৰ দাসৰ তৎপৰতাত জিলাখনৰ ১২ টাকৈ স্হানত চলি থকা বিহু আখৰাৰ তেজপুৰৰ চহৰৰ নেহৰু ময়দানৰ এই স্হানত প্ৰসিদ্ধ বিহুৱা জয়ন্ত সোণোৱালৰ লগতে এসময়ৰ বিহু কুঁৱৰী দ্বীপা দাস, নিলাক্ষী বৰুৱাকে ধৰি একাংশ লোকৰ উপস্থিতিত পৰ্যবেক্ষণ কৰে সচিব সুন্দৰ্শন ঠাকুৰে ।আনহাতে এই কৰ্মশালা পৰিচালনা কৰা বিহুৱা সকলৰ উপস্থিতিত সচিব সুন্দৰ্শন ঠাকুৰে কৰ্মশালাত অংশ গ্ৰহণ কৰা নাচনী বিহুৱা সকলক অহা ১৪ এপ্ৰিলৰ ঐতিহাসিক ক্ষণৰ বাবে নিজকে প্ৰস্তুত কৰিবলৈ অনুপ্ৰাণিত কৰি প্ৰদান কৰা ভাষণত এই মহা আয়োজনত সংস্কৃতিৰ নগৰী তেজপুৰৰ সন্মান অক্ষুন্ন ৰাখিবলৈ সকলোকে আহ্বান জনায়। নেহৰু ময়দানৰ ডেৰশ বিহুৱা, বিহুৱতীৰ বিহু নৃত্যৰে মুখৰিত হোৱা আজিৰ এই আখৰা স্হলীত উপস্থিত থকা প্ৰসিদ্ধ বিহুৱা জয়ন্ত সোণোৱালেও আখৰাৰ মুহূৰ্তত সকলো নীতি নিয়মৰ ওপৰত পৰামৰ্শ প্ৰদান কৰে। উল্লেখ্য যে, অবিভক্ত শোণিতপুৰ জিলাৰ ১৩ ৬৫ গৰাকী বিহুৱা বিহুৱতীয়ে অংশ গ্ৰহণ কৰিব লগা আৰু ৰাজ্যখনৰ ১১ হাজাৰ বিহুৱা বিহুৱতীয়ে একেলগে বিহু নৃত্য প্ৰদৰ্শন কৰি অভিলেখ সৃষ্টি কৰাৰ কচৰৎ কৰা এই আয়োজনত দেশৰ প্ৰধানমন্ত্ৰীকে ধৰি বিভিন্ন দেশৰ ৰাষ্ট্ৰদূতৰ লগতে আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ প্ৰতিনিধিয়েও অংশ গ্ৰহণ কৰিব বুলি সচিব সুন্দৰ্শন ঠাকুৰে সাংবাদিকৰ আগত মন্তব্য কৰি সমগ্ৰ অসমতে এইবাৰ বিহুৰ পূৰ্বেই এক উৎসৱমুখৰ পৰিৱেশ সৃষ্টি হৈছে বুলি মন্তব্য কৰি অসমৰ এই নতুন পৰিৱেশে অসমীয়াৰ স্বাভিমান বিহুক অসমত বসবাস কৰা সকলো শ্ৰেণীৰ ৰাইজৰ অন্তৰ স্পৰ্শ কৰিবলৈ সক্ষম হৈছে বুলি কয়।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More