শোণিতপুৰ জিলাৰ নদুৱাৰত জল জীৱন মিছনৰ খোৱাপানী যোগান আচঁনিৰ শুভ উদ্বোধন

জল জীৱনে গ্ৰামাঞ্চলৰ জনস্বাস্থ্যৰ উন্নতি ঘটাব: বিধায়ক পদ্ম হাজৰিকা

0 16

শতাব্দ ষ্টাফৰিপৰ্টাৰ তেজপুৰ ২০জানুৱাৰীঃ শোণিতপুৰ জিলাৰ চতিয়া বিধানসভা সমষ্টিৰ নদুৱাৰত আজি মধ্য চিলাবন্ধা আৰু দক্ষিণ মূঢ়াদল গাওঁ পঞ্চায়তৰ দুখনকৈ জল জীৱন মিছনৰ খোৱাপানী যোগান আঁচনিৰ শুভ উদ্বোধন কৰে সমষ্টিৰে বিধায়ক পদ্ম হাজৰিকাই ৷ জনস্বাস্থ্য কাৰিকৰী বিভাগ, তেজপুৰ ১ নং সংমণ্ডলৰ অধীনত নিৰ্মিত গেৰেলুৱাচুক আৰু ২ নং বৰপথাৰ খোৱাপানী যোগান আঁচনি দুখন উদ্বোধন কৰি উদ্বোধনী ভাষন প্ৰসংগত স্থানীয় বিধায়ক গৰাকীয়ে কয়,” মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সপোনৰ এই জল জীৱন মিছনৰ সফল ৰূপায়ণে গ্ৰামাঞ্চলৰ জনস্বাস্থ্যৰ মানদণ্ডৰ উন্নতি ঘটাব ৷ কিয়নো বিশুদ্ধ খোৱাপানীৰ সেৱনে গ্ৰাম্য জনসাধাৰণক পানীৰ পৰা হোৱা ৰোগৰ পৰা নিশ্চিতভাৱে নিৰাময় দিব আৰু জনসাধাৰণৰ স্বাস্থ্য আৰু আৰ্থিক দিশৰ উন্নতি ঘটিব ৷”
প্ৰায় ৭৬.২৩ লাখ আৰু ৯৯.৪৪ লাখ টকা ব্যয় সাপেক্ষে তেজপুৰ ১নং সংমণ্ডলৰ অধীনত নিৰ্মিত গেৰেলুৱাচুক আৰু ২ নং বৰপথাৰ খোৱাপানী যোগান আঁচনি দুখনৰ উদ্বোধনী অনুষ্ঠানত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্য্যবাহী অভিযন্তা মনোজ কুমাৰ দাস, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অন্যান্য বিষয়ববীয়া, আঞ্চলিক পঞ্চায়তৰ সদস্য, গাওঁ পঞ্চায়তৰ সভাপতি, সচিব, পানী উপভোক্তা সমিতিৰ বিষয়ববীয়াৰ লগতে কেইবাগৰাকী স্থানীয় গণ্যমান্য ব্যক্তি আৰু ৰাইজ উপস্থিত থাকে ৷ গেৰেলুৱাচুক আৰু ২ নং বৰপথাৰ খোৱাপানী যোগান আঁচনি দুখনৰ পৰা সম্প্ৰতি ১৫৪ টা আৰু ২৪২ টা পৰিয়াললৈ খোৱাপানীৰ যোগান ধৰা হ’ব ৷ এই আঁচনিৰ উদ্বোধনী অনুষ্ঠানত ভাষণ প্ৰসংগত কাৰ্য্যবাহী অভিযন্তা মনোজ কুমাৰ দাসে কয় যে “খোৱাপানী যোগান এই আঁচনিখনৰ উদ্বোধনে স্থানীয় ৰাইজৰ অতি প্ৰয়োজনীয় অভাৱ পুৰণ কৰিব ৷ আজি এই আঁচনি দুখন আমি গাওঁ পঞ্চায়ত আৰু উপভোক্তা সমিতি তথা ৰাইজলৈ হস্তান্তৰ কৰিম ৷ অনাগত দিনত আঁচনিখনৰ প্ৰতিপালন আৰু সঞ্চালন উপভোক্তা সমিতিয়ে ৰাইজৰ সহযোগত কৰিব লাগিব ৷ আমি আশাবাদী যে আপোনাসৱে এই দায়িত্ব সুদীৰ্ঘকাললৈ সুচাৰুৰূপে পালন কৰি উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিব ৷” গাওঁ পঞ্চায়তৰ প্ৰতিনিধিয়ে নিজৰ বক্তব্যত আঁচনিখন নিৰ্মাণৰ ক্ষেত্ৰত ভূমি নিৰ্বাচনকে ধৰি যাৱতীয় সহযোগিতাৰ উল্লেখ কৰি আঁচনিখন দীৰ্ঘম্যাদী কৰাৰ ক্ষেত্ৰত দান-বৰঙণি প্ৰদানৰ লগতে ৰাইজৰ সক্ৰিয় সহযোগিতা কামনা কৰে ৷ উল্লেখ্য যে জনস্বাস্থ্যকাৰিকৰী বিভাগ, তেজপুৰ ১ নং সংমন্ডলৰ অধীনত বৰ্তমানলৈকে জল জীৱন মিছনৰ প্ৰায় ২৫০ ৰো অধিক নতুন খোৱাপানী যোগান আঁচনিৰ নিৰ্মাণৰ কাম চলি আছে ৷ ইয়াৰ ভিতৰত প্ৰায় ৩৫খন আঁচনিৰ নিৰ্মাণৰ কাম প্ৰায় শেষ হৈছে আৰু কমদিনৰ ভিতৰতে বাকী আঁচনিৰ কাম শেষ হ’ব বুলি জানিব পৰা গৈছে ৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More