শোণিতপুৰ জিলা কংগ্ৰেছৰ সভাপতিৰ দায়িত্বত দাদুল বৰকাকতি

0 19

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২৪জানুৱাৰী: শোণিতপুুৰ জিলা কংগ্ৰেছৰ সভাপতি হিচাপে নিযুক্তি দিয়া হৈছে দাদুল বৰকাকতিক৷ উল্লেখযোগ্য যে,জিলা কংগ্ৰেছৰ সভাপতি পদৰ বাবে দলীয় প্ৰক্ৰিয়াৰ অন্ত পেলাই কালি এই নিযুক্তি প্ৰদান কৰে দলটোৰ শীৰ্ষ নেতৃত্বই৷উল্লেখযোগ্য যে,জিলাখনৰ প্ৰবীন কংগ্ৰেছ নেতা মাধুৰ্য গোস্বামী আৰু প্ৰাক্তন সাংসদ আৰ পি শৰ্মাক প্ৰদেশ কংগ্ৰেছৰ উপসভাপতি তথা অপূৰ্ব কুমাৰ ভট্টাচাৰ্য, ৰঙাপৰাৰ প্ৰাক্তন বিধায়ক অভিজিত হাজৰিকা আৰু কাৰ্তিক কুৰ্মীকো দলটোৰ ৰাজ্যিক পৰ্যায়ৰ বিষয়বাবত নিয়োগ কৰিছে কংগ্ৰেছ নেতৃত্বই৷ উল্লেখযোগ্য যে,বিগত সময়চোৱাত শোণিতপুৰ জিলা কংগ্ৰেছ ভাৰপ্ৰাপ্ত সভাপতিৰ দ্বাৰাই চলি আছিল আৰু শেহতীয়াকৈ এই পদত প্ৰাক্তন সাংসদ আৰ পি শৰ্মাই কাৰ্যনিৰ্বাহ কৰিছিল৷তদুপৰি তেওঁ পুনৰ জিলা কংগ্ৰেছৰ সভাপতি পদৰ দাবীদাৰ আছিল য’দিও এই দায়িত্বৰ বাবে বৰকাকতিক নিৰ্বাচিত হয়৷ দায়িত্ব লাভৰ পাছতে বৰকাকতিক তেজপুৰস্হিত জিলা কংগ্ৰেছৰ কাৰ্যালয়ত দলীয় কৰ্মী সমৰ্থকে আদৰণি জনায়৷ উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে বৰকাকতিয়ে প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰৰ দায়িত্বও পালন কৰিছিল৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More