শোণিতপুৰ নিচা দূৰীকৰণ আৰু পুনৰ সংস্থাপন কেন্দ্ৰৰ শুভ উদ্বোধন

0 23

শতাব্দ প্ৰতিনিধি তেজপুৰ, ২৬ জুন : আজি আন্তৰ্জাতিক নিচাযুক্ত দ্ৰব্যৰ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস উপলক্ষে আয়োজন কৰা এক অনুষ্ঠানত তেজপুৰ সমষ্টিৰ বিধায়ক পৃথ্বিৰাজ ৰাভাই মাজগাঁও খৰআতিত শোণিতপুৰ জিলাৰ নিচা দূৰীকৰণ আৰু পুনৰ সংস্থাপন কেন্দ্ৰটি শুভ উদ্বোধন কৰে । এই উপলক্ষে আয়োজন কৰা অনুষ্ঠানত সহকাৰী আয়ুক্ত তথা ভাৰপ্ৰাপ্ত জিলা সমাজ কল্যাণ বিষয়া কবিতা ফাংচো, জিলা তথ্য আৰু জনসংযোগ বিষয়া নীনা বৰুৱা, বিশিষ্ট শিক্ষাবিদ আনন্দ বৰুৱা, আৰু আজিৰ অনুষ্ঠানৰ সমল ব্যক্তি, কনকলতা অসামৰিক চিকিৎসালয়ৰ মনোৰোগ বিশেষজ্ঞ ডাঃ প্ৰদীপ কুমাৰ শৰ্মা, সমাজ কল্যান বিভাগ তথা উক্ত কেন্দ্ৰটিৰ কৰ্মচাৰী আৰু অনান্য বক্তিসকল উপস্থিত থাকে ।

আজিত সভাত দিয়া ভাষণ প্ৰসঙ্গত বিধায়কগৰাকীয়ে আজিৰ দিনটোৰ বিশেষ গুৰুত্ব আছে বুলি মন্তব্য কৰি সংশ্লিষ্ট বিষয়াসকলক নিচাযুক্ত দ্ৰব্যৰ অপব্যৱহাৰৰ পৰা ছাত্ৰ-ছাত্ৰী আৰু যুৱক-যুৱতীসকলক বিৰত ৰাখিবলৈ তেওঁলোকৰ মাজত ড্ৰাগছৰ অপব্যৱহাৰৰ কু-প্ৰভাৱৰ বিষয়ে বিশেষ সজাগতামূলক অভিযান হাতত লবলৈ আহবান জনায় ।

এই দিৱসৰ লগত সংগতি ৰাখি “স্বাস্থ্য আৰু সমাজৰ ওপৰত ড্ৰাগ অপব্যৱহাৰৰ প্ৰভাৱ” শীৰ্ষক বিষয়বস্তুৰ ওপৰত আয়োজন কৰা ৰচনা প্ৰতিযোগিতাৰ শীৰ্ষ বিজয়ী দুগৰাকীলৈও পুৰস্কাৰ বিতৰণ কৰে বিধায়ক পৃথ্বিৰাজ ৰাভাই । উল্লেখ্য যে, তেজপুৰ চৰকাৰী ছোৱালী উচ্চ মাধ্যমিক আৰু মহুমুখী বিদ্যালয়ৰ ছাত্ৰী কৰিস্মিতা কটকী আৰু নিকিতা বৰাই ক্ৰমে প্ৰথম আৰু দ্বিতীয় পুৰস্কাৰ লাভ কৰে।

আজি সমল ব্যক্তি হিচাপে উপস্থিত থাকি কনকলতা অসামৰিক চিকিৎসালয়ৰ মনোৰোগ বিশেষজ্ঞ, ডাঃ পি.কে. শৰ্মাই দেশত নিচাযুক্ত দ্ৰব্যৰ অপব্যৱহাৰৰ সন্দৰ্ভত তথ্য সহকাৰে বিশদভাৱে আলোচনা কৰাৰ লগতে এনে কাৰ্যকলাপে সামাজৰ প্ৰতি সৃষ্টি কৰাৰ ভাবুকিৰ বিৰুদ্ধে যুঁজিবলৈ সমাজৰ সকলো শ্ৰেণীৰ লোকক একত্ৰিত হৈ বিশেষ প্ৰচেষ্টা চলোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

ইয়াৰ উপৰি, মনোৰোগ বিশেষজ্ঞগৰাকীয়ে শিশু আৰু যুৱক-যুৱতীসকলৰ মাজত ড্ৰাগছ সেৱনৰ হানিকাৰক প্ৰভাৱৰ বিষয়ে সজাগতা কাৰ্যসূচী গ্ৰহণ কৰিবলৈ আহ্বান জনোৱাৰ লগতে যিসকল ইতিমধ্যে নিচাযুক্ত দ্ৰব্য সেৱনৰ প্ৰতি আসক্ত হৈ পৰিছে তেওঁলোকৰ পুনৰ্বাসনৰ বাবে উপযুক্ত পদক্ষেপ গ্ৰহণ কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে যাতে তেওঁলোকক পুনৰ মূলসুঁতিলৈ ঘূৰাই আনিব পৰা যায়।

বিশিষ্ট শিক্ষাবিদ তথা দৰং মহাবিদ্যালয়ৰ প্ৰাক্তন উপাধ্যক্ষ আনন্দ বৰুৱাই ড্ৰাগছ সেৱন প্ৰতিৰোধৰ লগতে শিশুৰ সামগ্ৰিক বিকাশৰ বাবে অভিভাৱক সকলৰ ভূমিকা সম্পৰ্কে আলোকপাত কৰে ।

আজিৰ অনুষ্ঠানত নিচাদূৰীকৰণ আৰু পুনৰ সংস্থাপন কেন্দ্ৰৰ প্ৰকল্প সমন্বয়ক মল্লিকা গোস্বামী, মনোবিজ্ঞানী, অন্নপূৰ্ণা ঠাকুৰীয়া, পৰামৰ্শদাতা, বনাশ্ৰী কলিতাৰ লগতে কেন্দ্ৰৰ অন্যান্য কৰ্মচাৰীও উপস্থিত থাকে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More