শোণিতপুৰ শিল্পী সমাজৰ হেমন্ত কুমাৰ বৰুৱা সোঁৱৰণী বাৰ্ষিক প্ৰতিযোগিতাত বৰ্ণিলসাংস্কৃতিক অনুষ্ঠান

0 13

বঁটা বিতৰণী আৰু সম্বৰ্ধনা অনুষ্ঠানত দৃষ্টিনন্দন নৃত্য আৰু সুৰীয়া গীতেৰে জীপাল হ’ল বাণ থিয়েটাৰৰ মঞ্চ। প্ৰবীণ কন্ঠশিল্পী অজিৎ দাস আৰু ৰুণজুন ফুকনক সম্বৰ্ধনা

শতাব্দ প্ৰতিনিধি তেজপুৰ , ১১ জুলাই :শোণিতপুৰ শিল্পী সমাজে তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰত দুদিনীয়াকৈ আয়োজন কৰা হেমন্ত কুমাৰ বৰুৱা সোঁৱৰণী বাৰ্ষিক সাংস্কৃতিক আৰু সাহিত্য প্ৰতিযোগিতাৰ মূল সাংস্কৃতিক অনুষ্ঠান, বঁটা বিতৰণী আৰু সম্বৰ্ধনাৰে কালি নিশা প্ৰায় ১০ বজাত সামৰণি পৰে। শোণিতপুৰ শিল্পী সমাজৰ মুখ্য উপদেষ্টা, বিশিষ্ট গীতিকাৰ বংকিম শৰ্মা ৰচিত প্ৰবীণ কন্ঠশিল্পী কীৰ্তি বনিয়া সুৰাৰোপিত আৰু সংগীত শিল্পী মনোজ নাথ পৰিচালিত সমবেত শীৰ্ষ গীতেৰে অনুষ্ঠান আৰম্ভ হোৱাৰ পিছতেই বিশিষ্ট কন্ঠশিল্পী, সংগীত পৰিচালক ডাঃ হিতেশ বৰুৱাই হেমন্ত কুমাৰ বৰুৱাৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন আনুষ্ঠানিক ভাবে এই মূল সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰে। উদ্বোধনী ভাষণত বহুকেইখন অসমীয়া চলচ্চিত্ৰৰ সংগীত পৰিচালক ডাঃ বৰুৱাই কলা সংস্কৃতিৰ উত্তৰণ আৰু বিকাশত তেজপুৰে ঐতিহাসিক ভাবেই মাৰ্গদৰ্শনকাৰীৰ ভূমিকা গ্ৰহণ কৰি আহিছে বুলি মন্তব্য কৰি অসমৰ সকলো শ্ৰেণীৰ ৰাইজে জাতিৰ যিকোনো দুৰ্যোগ, ভাষা সাহিত্য সংস্কৃতিলৈ অহা প্ৰত্যাহ্বানৰ সময়ত তেজপুৰবাসীৰ মুখলৈ বাট চাই ৰয় বুলি কৈ নিজে সংগীত পৰিচালনা কৰা দুখন চলচ্চিত্ৰৰ গীতো পৰিৱেশন কৰি ৰাইজক আপ্লুত কৰি তোলে।

শোণিতপুৰ শিল্পী সমাজৰ প্ৰচাৰ সম্পাদক পংকজ বৰুৱাই আঁত ধৰা এই অনুষ্ঠানতে শোণিতপুৰ শিল্পী সমাজে বাণ থিয়েটাৰৰ সভাপতি বংকিম শৰ্মাইক সন্মান জনোৱাৰ লগতে প্ৰবীণ কন্ঠশিল্পী অজিৎ দাসক সম্বৰ্ধনা পত্ৰ, গামোচা আৰু ফুলাম জাপিৰে বিশেষ ভাবে সম্বৰ্ধনা জ্ঞাপন কৰে।

আন এগৰাকী সম্বৰ্ধিত হ’ব লগা বিশিষ্ট কন্ঠশিল্পী ৰুণজুন ফুকন শাৰীৰিক অসুস্থতাৰ বাবে উপস্থিত থাকিব নোৱাৰাত সম্বৰ্ধনা পত্ৰখন শোণিতপুৰ শিল্পী সমাজৰ প্ৰচাৰ সম্পাদক পংকজ বৰুৱাই পাঠ কৰি দিয়ে।
উল্লেখ্য যে, এই অনুষ্ঠানতে সংগীত প্ৰতিযোগিতা, চিত্ৰাংকন প্ৰতিযোগিতা আৰু আবৃত্তি প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ প্ৰতিযোগী সকলক বঁটা প্ৰদান কৰা হয়।

গীত, নৃত্যৰে মনোৰম হৈ পৰা অনুষ্ঠানটিত জনপ্ৰিয় কন্ঠশিল্পী ঋতু বিকাশে তিনিটাকৈ গীত পৰিৱেশন কৰে। অনুষ্ঠানটিত শোণিতপুৰ শিল্পী সমাজৰ একাংশ সদস্যাই পৰিৱেশন কৰা দিহানামে সকলোকে মুগ্ধ কৰে। অকল এই দিহানামেই নহয় শিখিৰী চিখলা দলৰ বড়ো নৃত্য, “নৃত্যাংগনা” নামৰ নৃত্যানুষ্ঠানটিৰ সত্ৰীয়া আৰু ধ্ৰূপদী মিশ্ৰিত দৃষ্টিনন্দন নৃত্য, বাণ থিয়েটাৰৰ লক্ষ্মীৰাম বৰুৱা সংগীত মহাবিদ্যালয়ৰ বেহেলাৰ শিক্ষক হেমধৰ দাসৰ পৰিচালনাত শিক্ষাৰ্থী সকলৰ সমবেত বেহেলাবাদন, বিশিষ্ট কন্ঠশিল্পী বনদীপা শইকীয়া হাজৰিকা আৰু ৰূপাঞ্জলী মহন্তৰ গীত, অন্ধ প্ৰদেশৰ শিল্পী কিৰণ কুমাৰৰ শিৱ নৃত্যৰ অনুষ্ঠান, দলীয় বিহু নৃত্যৰে নিশা ১০ বজালৈকে বাণথিয়েটাৰ মঞ্চ মুখৰিত হৈ পৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More