শোণিতপুৰ ১৪ হেজাৰ ১৫৭ জন শিক্ষাৰ্থী বহিব হাইস্কুল শিক্ষান্ত পৰীক্ষাত

0 20

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ,২ মাৰ্চঃ তিনি মাৰ্চৰ পৰা ৰাজ্যত অনুষ্ঠিত হবলগীয়া হাইস্কুল শিক্ষান্ত পৰীক্ষাত শোণিতপুৰৰ পৰা মুঠ ১৪ হেজাৰ ১৫৭ গৰাকী শিক্ষাৰ্থী অৱতীৰ্ণ হব।মাণ্ডলিক সচিব কে কে ডেকাই আজি জানিবলৈ দিয়া অনুসৰি জিলাখনৰ মুঠ ৩০ টা কেন্দ্ৰৰ লগতে অতিৰিক্ত চাৰিটা কেন্দ্ৰত শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত হব। তেজপুৰ চাৰিআলি কন্যা উচ্চ মাধ্যমিক বিদ্যালয়ত এটা অতিৰিক্ত পৰীক্ষা কেন্দ্ৰৰ লগতে ডেকাৰগাঁও হাইস্কুল, নাৰেংকাটি উচ্চতৰ মাধ্যমিক বিদ্যালয়, ৰাক্ষসমাৰী হাইস্কুল, চিৰাজুলী হাইস্কুল, চিৰাজুলী কলনি প্ৰাথমিক বিদ্যালয় আৰু নাৰায়নপুৰ প্ৰাথমিক বিদ্যালয়তো পৰীক্ষা অনুষ্ঠিত হব। ইতিমধ্যে ৩৪ টা পৰীক্ষা কেন্দ্ৰৰ বাবে ৩৪ গৰাকী ক্ষেত্ৰ পৰিদৰ্শক নিযুক্তি দিয়া হৈছে৷ ইফালে জিলা পৰ্যায়ত তদাৰক কৰাৰ বাবে জিলা উপায়ুক্তৰ তত্বাৱধানত এখন পৰিদৰ্শন সমিতি গঠন কৰে। পৰীক্ষা শৃংখলাবদ্ধ ভাৱে অনুষ্ঠিত কৰাৰ বাবে পৰীক্ষা কেন্দ্ৰ সমূহৰ বিষয়া সকলক ২০ জানুৱাৰীত প্ৰশিক্ষণ প্ৰদান কৰা হয়৷ উল্লেখযোগ্য যে,যোৱা বৰ্ষতকৈ এইবাৰ শোণিতপুৰত ৩৩ গৰাকী অধিক শিক্ষাৰ্থী অৱতীৰ্ণ হব।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More