শ্বাৱাৰিং হ’প’ৰ প্ৰশংসনীয় পদক্ষেপ

0 27

যোৰহাট, ২৯ অক্টোবৰঃ মানুহৰ মানসিক স্বাস্থ্যৰ প্ৰতি সজাগতা অনাৰ এক মহান উদ্দেশ্যৰে ২০২০ চনত গঢ় লৈ উঠা ‘শ্বাৱাৰিং হ’প’ শীৰ্ষক স্বেচ্চাসেৱী অনুষ্ঠানটোৱে বিগত সময়ছোৱাত কিছু প্ৰশংসনীয় কাম কৰি আহিছে৷ চলিত মাহটোত সদস্য-সদস্যাসকলে যোৰহাটত জীৱনৰ মৌলিক প্ৰয়োজনখিনিও পূৰণ কৰিব নোৱাৰা একাংশ লোকক খাদ্যৰ টোপোলা আৰু বস্ত্ৰ প্ৰদান কৰে৷ উল্লেখ্য যে বৰ্তমানৰ সমস্যাবহুল জীৱন-যাত্ৰাত মানুহ সহজেই হতাশা আদি বিভিন্ন মানসিক ৰোগত আক্ৰান্ত হ’ব লগীয়া হৈছে৷ শ্বাৱাৰিং হ’পে ইয়াৰ প্ৰতি লক্ষ্য ৰাখি সামাজিক মাধ্যম যোগে বিভিন্ন ধৰণৰ মানসিক স্বাস্থ্য সম্বন্ধীয় তথ্য আগবঢ়োৱাৰ লগতে মনোবিজ্ঞানীৰ সৈতেও শিক্ষামূলক কথোপকথনৰ আয়োজন কৰিছে৷ অনুষ্ঠানটোৰ সদস্য-সদস্যাসকলে জনোৱা মতে তেওঁলোকে মৰমেৰে আগবঢ়োৱা টোপোলাটো গ্ৰহণ কৰা প্ৰতিখন মুখেই উজ্জ্বল হৈ উঠিছিল হাঁহিৰে, এই হাঁহিয়ে তেওঁলোকক সুখী কৰিছিল বুলি ব্যক্ত কৰে৷ তদুপৰি স্বেচ্চাসেৱী সংগঠনটোৰ অভিযানত অংশ লোৱা প্ৰতি গৰাকী সদস্য, স্বেচ্ছাসেৱকে আনৰ হকে কাম কৰি এক অনাবিল আনন্দ আৰু তৃপ্তি পোৱাৰ কথা অৱগত কৰে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More