বিমল বৰগোহাঁই
শ্বিলঙলৈ যাবলৈ বাৰু কাৰ মন নাযায় ! শ্বিলং বুলি কলেই যেন ভূপেন দাৰ সেই মনালিছা লিংডৌ গৰাকীলৈ বাৰে বাৰে মনত পৰে। ভূপেন দাৰ অপূৰ্ব সৃষ্টি, সেই গীতৰ মাজেদি শ্বিলঙৰ গাভৰু “মনালিছা”ৰ লগতে শ্বিলঙৰ মনোমোহা প্ৰাকৃতিক দৃশ্যৰ কথা বৰ সুন্দৰকৈ বৰ্ণনা দিছে। গতিকে, শ্বিলং বুলি কলেই যেন সকলোৰে গা সাতখন-আঠখন হৈ উঠে। সেয়েহে শ্বিলঙলৈ বাৰে বাৰে গলেও যেন কাৰোৰে হেঁপাহ নপলায়। কিমানবাৰ যে এই শ্বিলঙৰ মনোমোহা প্ৰাকৃতিক দৃশ্য উপভোগ কৰিছোঁ, তাৰ কোনো হিচাপ নাই। তথাপি যেন প্রকৃতিৰ অপূৰ্ব সৃষ্টি এই শ্বিলঙে বাৰে বাৰে হাত বাউল দি মাতে। সেয়েহে যান্ত্ৰিকতাৰ কোলাহলৰ আৰু কৰ্ম ব্যস্ততাৰ পৰা কিছু আঁতৰি আহি, মনত থুপ খাই থকা বিষাদ, বিৰক্তি সমূহৰ পৰা নিজকে মুক্ত কৰিবলৈ বুলি এই শান্ত-শিষ্ট সেউজীয়া পাহাৰীয়া ঠাইখনলৈ যেন মানুহৰ বাৰে বাৰে আগমন ঘটে। শ্বিলঙৰ পাহাৰৰ বুকুত সকলোৱে যেন নিজক বিলীন কৰি দিয়ে আৰু মনত লাভ কৰে প্ৰশান্তি, আনন্দ আৰু শান্তি। কভিড সৃষ্ট পৰিৱেশত দুবছৰ দিন ঘৰৰ ভিতৰতে আৱদ্ধ হৈ থকাৰ বাবে আমাৰ সন্তান দুটায়ো ক’ৰবাত ফুৰিবলৈ যাবলৈ বৰকৈ তাগিদা দি আছিল। সেয়ে যোৱা বছৰ (২০২১) শেষৰ ফালে দুদিনমান ছুটী লৈ শ্বিলঙৰ ফালে যাবলৈ সিদ্ধান্ত ললোঁ। গুৱাহাটীত থকা মোৰ খুলখালি এটাকো আমাৰ সৈতে যাবলৈ লগ ধৰিলোঁ আৰু শ্বিলঙত আগতে কেতিয়াও নোযোৱা কিবা ঠাই আছে নেকি তাক চাই থবলৈ কলো। সেয়ে পৰিয়ালৰ সৈতে যোৱা বছৰৰ শেষৰ (২০২১ ) ফালে অৰ্থাৎ ডিচেম্বৰ ২৭, ২০২১ তাৰিখে তিনিচুকীয়াৰ পৰা এখন ই’নভা গাড়ীৰে গুৱাহাটীলৈ যাত্ৰা কৰিলোঁ। আমাৰ গাড়ী চালক সুমিত পাটিল এগৰাকী অতি অভিজ্ঞ চালক। বিশেষকৈ পাহাৰীয়া একা-বেঁকা পথত গাড়ী চলোৱাত অতিকৈ পাকৈত। আমি যেতিয়াই দূৰণিবটীয়া যাত্ৰা কৰোঁ, তেতিয়া সদায় এই সুমিতে আমাৰ যাত্ৰাত লগ দিয়ে। যাত্ৰা পথত যোৰহাটৰ পৰা মোৰ পৰিবাৰৰ ভাগিনীয়েক এজন আৰু জাঁজীত থকা মোৰ ভন্টিৰ ছোৱালীজনীকো লগত লৈ শ্বিলঙলৈ বুলি লৈ গলো। সন্ধ্যা ৬.০০ মান বজাত আমি গৈ গুৱাহাটীৰ খ্ৰীষ্টিয়ানবস্তিস্থিত ক’ল ইণ্ডিয়াৰ অতিথিশালাত উপস্থিত হলো। তাৰে এগৰাকী বিষয়া মোৰ বন্ধু বিশ্বজিত ঘোষে আমাৰ বাবে আগতীয়াকৈ দুটা কোঠাৰ ব্যৱস্থা কৰি ৰাখিছিল। গুৱাহাটীলৈ গৈ গম পালোঁ যে শ্বিলঙলৈ যাবলৈ হলে “এন্ট্ৰী পাছ” লব লাগিব আৰু যাৱতীয় পৰিচয় পত্ৰ আৰু কভিড ভেকচিন লোৱা প্ৰমাণ পত্ৰ সহ মোবাইল এপ্লিকেচনৰ জৰিয়তে আবেদন কৰিব লাগিব। গতিকে, মই গোটেইখিনি প্ৰমাণ পত্ৰ আৰু একপিকৈ পাছপ’র্ট ফটো খুলখালিটোলৈ (বনজিৎ বৰুৱা) পঠাই দিলোঁ আৰু সি আমাৰ সকলোৰে বাবে আগতীয়াকৈ “এন্ট্ৰী পাছ” অনলাইনৰ যোগেদি সংগ্ৰহ কৰিলে। ২৮ ডিচেম্বৰ, ২০২১ পুৱা ৬মান বজাত প্ৰত্যেকেই নিজৰ নিজৰ গৰম কাপোৰ আৰু অন্যান্য প্ৰয়োজনীয় সামগ্ৰী সমূহ বেগত ভৰাই শ্বিলঙলৈ বুলি যাত্ৰা কৰিলোঁ। সকলোৰে মনত এটা উৎকণ্ঠা আছিল যে শ্বিলঙত এইবাৰ বৰফ পৰিছে। গোটেইবোৰে খুব ফুৰ্তি কৰিব পাৰিব। বিশেষকৈ আমাৰ কন্যা “কুঁহি”য়ে বৰফ লৈ খেলিব, “snow man” বনাব ইত্যাদি ইত্যাদি ভাৱি থৈছিল। বাটত যাওঁতে সকলোৰে চিনাকী ‘জিভা’ নামৰ ৰেষ্টুৰেণ্ট খনত অতি তৃপ্তিৰে পুৱাৰ আহাৰ গ্ৰহণ কৰি আৰু পুনৰ আমাৰ গাড়ীৰ গতি এইবাৰ মনোমোহা জয়ন্তীয়া পাহাৰৰ ফালে আগবাঢ়িল। লক্ষ্য আছিল এটা নতুন ৱাটাৰ ফ’লছ্ , ‘ফি’ ‘ফি’ চোৱাৰ।এই স্থান পাবলৈ শ্বিলঙৰ পৰা জোৱাইলৈ প্ৰায় ৬০ কিলোমিটাৰ যাত্ৰা কৰাৰ পাছত পুনৰ তাৰপৰা ২০ কিলোমিটাৰ মান যাত্রা কৰি “জেৰিয়ান” নামৰ এখন সৰু চহৰ পায়। এই বাটেদি “ডউকী”লৈও যাব পাৰি। প্ৰায় ১২.৩০ বজাত আমি জেৰিয়ান পালোগৈ। তাতে উপস্থিত হৈ আমি এখন সৰু নদী প্ৰত্যক্ষ কৰিলোঁ আৰু নদীখনৰ পাৰত কিছুমান ৰং-বিৰঙৰ টেণ্ট দেখা পালোঁ। বহু দূৰ দূৰণিৰ পৰা অহা পৰ্যটক সকলে বোধকৰোঁ এই টেণ্টবোৰতেই নিশাটো কটাই পুৱাই “ফি ‘ফি ফলছ্” চাবলৈ যাত্ৰা কৰে। এখন সৰু টুলুঙা নাৱেৰে পৰ্যটক সকলক নাৱৰীয়া এজনে পাৰ কৰাই দিয়ে আৰু পুনৰ উভতনি যাত্ৰাত এই পাৰলৈ আনি দিয়াৰ বাবদ মুঠ এশ থকা সংগ্রহ কৰে। নদীখন পাৰ হওঁতে লক্ষ্য কৰিছিলো যে, ইয়াৰ নীল ৰঙৰ পানীখিনি ইমানেই স্পষ্ট আৰু স্বচ্ছ যে নদীখনৰ একেবাৰে তলীলৈকে দেখা পোৱা যায়। নদীখন পাৰ হৈ গন্তব্য স্থান পাবলৈ আমি প্ৰায় ৫-৬ কিলোমিটাৰ মান (১ ঘণ্টা মান সময়) পাহাৰৰ ওপৰলৈ খোজ কাঢ়িলো আৰু তাৰ পৰা পুনৰ জলপ্ৰপাতটো চাবলৈ এক দু:সাহসিক যাত্ৰাৰে আমি পাহাৰৰ তললৈ প্ৰায় আধা ঘণ্টাতকৈ বেছি সময় বিপদ সংকুল অকোৱা পকোৱা বাটেৰে যাত্ৰা কৰিলোঁ। যাত্ৰা কৰোঁতে মনত এটা সাংঘাতিক ভয় ভাৱ লৈ খোজ কাঢ়িছিলো, যিহেতু ভৰি পিছল খালেই একেবাৰে পাহাৰৰ তলিত পৰিব লগা হলহেঁতেন। মই পৰিয়ালৰ সকলোকে অতি সাৱধানেৰে খোজ কাঢ়িবলৈ কাঢ়া নির্দেশ দিলোঁ। নহলে যে বিপদ অনিবাৰ্য। যাত্ৰা কালত আমাৰ পানী প্ৰায় শেষ হৈ গৈছিল আৰু খুব ভোকো লাগিছিল। কিন্তু, ফি্ ফি্ ফলছ্ত উপস্থিত হৈ তাৰ নান্দনিক আৰু চিত্তাকৰ্ষক দৃশ্য উপভোগ কৰি ভোক ক’লৈ আঁতৰি গৈছিল কবই নোৱাৰিলোঁ। সঁচাকৈ, প্ৰকৃতিৰ সৃষ্টি এই মনোমোহা দৃশ্য উপভোগ কৰা জনেহে একমাত্ৰ অনুভৱ কৰিব পাৰে এই ভ্ৰমণত লাভ কৰা মানসিক আনন্দ আৰু প্ৰশান্তি।সেই ঠাইৰ পৰা উভতি আহোতে বেলিয়ে লহিয়াইছিল। ভোকত সকলোৰে মুখৰ মাত নাইকিয়া হৈছিল। আন্ধাৰ হৈ অহাৰ বাবে বাটত হোটেল বিচাৰি বিচাৰি বহু দূৰ আহিব লগা হল। অৱশেষত, বাটৰ কাষতে এখন সৰু ধাবা দেখা পাই সকলোৱে গৰম গৰম ৰুটি, তৰকা, চাহ পৰম তৃপ্তিৰে খালোঁ আৰু আমি নিশাটো থকাৰ বাবে “অসম ভৱন”লৈ যাত্ৰা কৰিলোঁ। নিশা প্রায় ৮.৩০বজাত আমি তাত গৈ উপস্থিত হলো।”অসম ভৱন” অসম চৰকাৰৰ এটি সুন্দৰ অতিথিশালা। অতি পৰিপাটী, চাফ-চিকুণ আৰু ন-ৰূপত সজাই তোলা, এই অতিথিশালাৰ পৰিবেশ অতি সুন্দৰ। এটি টিলাৰ ওপৰত অৱস্থিত এই অতিথিশালাৰ পৰা শ্বিলং চহৰৰ সুন্দৰ দৃশ্য উপভোগ কৰিব পাৰি। অসম চৰকাৰৰ সাধাৰণ প্ৰশাসনৰ বিভাগৰ জৰিয়তে এই অতিথিশালাত থকাৰ সুবিধা পাব পাৰি। মই, অসম চৰকাৰৰ সাধাৰণ প্ৰশাসনৰ বিভাগৰ যুটীয়া সচিব শ্ৰদ্ধাৰ বুবুল লেখাৰু মহোদয় আৰু ” অসম ভৱন”ৰ উপ আবাসিক আয়ুক্ত শ্ৰদ্ধাৰ মঞ্জিত সোণোৱাল মহোদয়ক আমাৰ পৰিয়ালটিক ইয়াত থাকিবলৈ সুবিধা কৰি দিয়াৰ বাবে ধন্যবাদ আৰু কৃতজ্ঞতা জনালো। পিছদিনা পুৱাৰ খাদ্য গ্ৰহণ কৰি ৯ মান বজাত আমি পুনৰ যাত্ৰা আৰম্ভ কৰিলোঁ। লক্ষ্য আছিল চেৰাপুঞ্জীৰ চ’ৰাত অৱস্থিত আগতে কেতিয়াও নোযোৱা “ৱেওসাদাং” ফলছ্ । প্ৰায় ১ ঘণ্টা মান যাত্ৰা কৰাৰ পাছত আমি “ৱে’সাদাং” ফলছ্ লৈ যোৱা মূল পথটোৰ ওচৰত গাড়ী ৰখাই পুনৰ পাহাৰৰ তললৈ অলপ মান পকাৰে তৈয়াৰ কৰা খটখটীৰ ঢাপেদি আৰু বেছিভাগ গছৰ ডালেৰে বনোৱা সাঁকোয়েদি এক দুৰ্গম পথেৰে যাত্ৰা কৰি প্রায় চল্লিচ মিনিট মানৰ পাছত আমি আমাৰ লক্ষ্যস্থানত উপস্থিত হলোঁগৈ। অপূৰ্ব প্ৰাকৃতিক দৃশ্যৰে ভৰপূৰ “ৱে’সাদাং” ফলছ্ দেখি আনন্দত আত্মহাৰা হৈ পৰিছিলোঁ। তাত গৈ দেখিবলৈ পালোঁ ভাৰতৰ বিভিন্ন প্ৰান্তৰ বিশেকৈ উত্তৰ আৰু দক্ষিণ ভাৰতৰ পৰ্যটক সকলে সেই ঠাইত ভিৰ কৰিছিল আৰু উৎফুল্লিত মনেৰে তেওঁলোকে এই “ৱে’সাদাং” ফলছ্ ৰ মনোৰম দৃশ্য উপভোগ কৰিছিল। কোভিড অতিমাৰীৰ পাছত বোধকৰো তেওঁলোকে পোন প্ৰথমবাৰৰ বাবে এনেকৈ দূৰণিলৈ মুকলি মুৰীয়াকৈ আনন্দ-ফুৰ্তি কৰাৰ বাবে ওলাই আহিবলৈ এক পৰিৱেশ পাইছিল আৰু শ্বিলঙৰ বিস্ময়াভিভূত সৌন্দৰ্য্যই তেওঁলোকক প্ৰলোভিত কৰিছিল। আমিও পৰিয়ালৰ সৈতে সেই মনোৰোম দৃশ্য উপভোগ কৰিলোঁ আৰু নিজৰ মোবাইলৰ কেমেৰাত সেইবোৰৰ স্মৃতি ধৰি ৰাখিলোঁ। ইয়াৰ পাছত আমি ভাৰতীয় ভূতাত্ত্বিক জৰীপ বিভাগৰ তত্বাৱধানত থকা বহু পুৰণি “আ’ৰৱা গুহা” পৰিদৰ্শন কৰি আমি পুনৰ “ক্ৰানচুৰী” ফলছ্ লৈ যাত্ৰা কৰিলোঁ। ইয়াত দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰাৰ পাছত আমি পোনে পোনে গুৱাহাটীলৈ উভতি আহিলোঁ । সেই নিশা গুৱাহাটীত কটাই পিছদিনা আমি নিজৰ ঘৰলৈ উভতি আহিলোঁ। সঁচাকৈ, এইবাৰ মেঘালয়ৰ জয়ন্তীয়া পাহাৰৰ অপৰূপ প্ৰাকৃতিক দৃশ্যই মোৰ মনটো একেবাৰে ৰোমান্টিক কৰি তুলিছিল আৰু ভূপেন দাই গোৱাৰ দৰে মোৰো সেই গীত গাবলৈ মন গৈছিল। যদিও, আমি সকলোৱে প্ৰকৃতিৰ ভূস্বৰ্গ শ্বিলঙৰ দৃশ্য মনে প্ৰাণে উপভোগ কৰিলোঁ, আমাৰ কন্যা “কুঁহি”ৰ কিন্তু “snow man” বনোৱাৰ হেঁপাহটো থাকি গল। যিহেতু, আমি সেইসময়ত তাত কোনো বৰফ দেখা নাপালোঁ আৰু ঠাণ্ডাও বেছি নাছিল। যিকি নহওঁক শ্বিলং ভ্ৰমণৰ মাদকতাই যে সুকীয়া সেই কথা সকলোৱে একেমুখে স্বীকাৰ কৰিব। সেয়েহে, মই ব্যক্তিগত ভাৱে অনুভৱ কৰোঁ যে শ্বিলং ভ্ৰমণৰ মাদকতাই নিশ্চয়কৈ আমাৰ মনৰ বিষাদ, দুখ আৰু বেদনাবোৰ কিছু পৰিমাণে হলেও নাইকিয়া কৰি মনলৈ শান্তি আৰু প্ৰফুল্লতা কঢ়িয়াই আনিব।
ঠিকনাঃ বৰবিল নং ২ ডিগবৈ, তিনিচুকীয়া ফোন নং: ৯৪৩৫০৩৫১৭৭