শ্ৰমিক দিৱসৰ প্ৰাসংগিকতা

0 190

দীক্ষিত চুতীয়া

    WhatsApp Image 2023 04 30 at 7.06.16 PM 1 শ্ৰমিকসকলৰ শ্ৰমৰ প্ৰতি সন্মান জনাই প্ৰত্যেক বছৰৰ মে’ মাহৰ ১ তাৰিখে শ্ৰমিক দিৱস উদযাপন কৰা হয়। ইয়াৰ দ্বাৰা শ্ৰমিকসকলৰ অৱদানক স্বীকৃতি দিয়াৰ লগতে তেওঁলোকৰ অধিকাৰ, স্বাধীনতাৰ প্ৰতিও সজাগ আৰু সচেতনতাত গুৰুত্ব প্ৰদান কৰে।

     ১৯ শতিকাতে শ্ৰমিকসকলৰ সুৰক্ষাৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰত শ্ৰমিক দিৱস উদযাপন কৰা হয়। ১৮৮৬ চনত ১৬ ঘন্টীয়া কামৰ প্ৰতিবাদৰ ফলস্বৰূপে শ্ৰমিকৰ সুৰক্ষাৰ বাবে শ্ৰমিক দিৱসৰ কাৰ্যসূচী হাতত লোৱা হয়। ভাৰতত ১৯২৩ চনত “Labour Kisan Party of Hindustan”ৰ সহযোগত মাদ্ৰাজত প্ৰথমবাৰৰ বাবে শ্ৰমিক দিৱস পালন কৰা হয়। পৰৱৰ্তী সময়ত ভাৰতৰ সংবিধানেও শ্ৰমিকৰ সুৰক্ষাৰ প্ৰতি সন্মান জনাই বিভিন্ন অনুচ্ছেদত বিভিন্ন ব্যৱস্থাৱলীক সন্নিৱিষ্ট কৰিছে। উদাহৰণ স্বৰূপে আইনৰ দৃষ্টিত সমতা (অনুচ্ছেদ ১৪), সংগঠন অধিকাৰ (অনুচ্ছেদ ১৯), বলপূৰ্বক শ্ৰম নিষিদ্ধ (অনুচ্ছেদ ২৩) আদিৰ লগতে “শিশু শ্ৰমিক “, মহিলাৰ সজাগতা তথা সমতা আদিৰ বাবেও বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। শ্ৰমিক দিৱসক ‘কামঘৰ দিন’ , ‘আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক দিৱস’ , ‘কামঘৰ দিৱস’ আদি বিভিন্ন নামেৰে জনা যায়। শ্ৰমিক দিৱসৰ মূল উদ্দেশ্য হ’ল শ্ৰমিকক শ্ৰমৰ মূল্য প্ৰদান কৰা, অৰ্থনৈতিক সামাজিক দিশৰ লগতে নিজৰ অধিকাৰৰ প্ৰতি সচেতনতাৰ সৃষ্টি কৰা।

     এখন উন্নয়নশীল দেশ হিচাপে ভাৰতবৰ্ষত শ্ৰমিকসকল নিজৰ প্ৰাপ্য অধিকাৰ, স্বতন্ত্ৰতাৰ পৰা আজিও বঞ্চিত। দৰাচলতে জনবহুল দেশখনত জনসংখ্যাৰ অনুপাতে নিয়োগৰ সংখ্যা সীমিত। যাৰ বাবে অৰ্থনৈতিক ক্ষেত্ৰত দেশখন যথেষ্ট পিছপৰা। এই কাৰক সমূহেই শিক্ষাৰ ক্ষেত্ৰত প্ৰভাৱ বিস্তাৰ কৰে। শিশু শ্ৰমিকৰ সৃষ্টিও ইয়াৰে ফল।
শিক্ষাৰ অগ্ৰগতিয়েই সমাজৰ উন্নতি যদিও সংবিধানে ৬-১৪ বয়সৰ সকলো শিশুক বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ ব্যৱস্থা কৰিছে তথাপিও এতিয়াও ভাৰতৰ চোকে-কোণে অৱহেলিত শিশু দেখা যায়। নিজৰ অধিকাৰ তথা স্বাধীনতাৰ প্ৰতি অমনোযোগিতাই সমান কামৰ অসমান মজুৰি বাতাবৰণৰ সৃষ্টি কৰে। গতিকে নিজৰ অধিকাৰৰ প্ৰতি সচেতনতাৰ ক্ষেত্ৰত শিক্ষাৰ গুৰুত্ব অসীম। কিন্তু, দুবেলা দুমুঠি খোৱাৰ চিন্তাত থকা জনসাধাৰণে চৰকাৰী কাৰ্যত দৃষ্টি ৰখাটো সম্ভৱ নে ? আৰ্থিক অৱস্থাৰ দোহাই দি এতিয়াও যথেষ্ট পৰিমাণে শিশুৱে লোকৰ ঘৰত কাম কৰা, হোটেল, উদ্যোগত নিয়োজিত হৈ আছে। মানৱ সৰবৰাহৰ দৰে ঘটনা আজিও সমাজত বিদ্যমান। কেৱল সভা-সমিতি পাতি, ডাঙৰ ডাঙৰ শ্লোগানেৰে সমস্যাৰ সমাধান কৰিব নোৱাৰি। তাৰ বাবে লাগিব সঠিক প্ৰকল্প আৰু কাৰ্যসূচী। জনসাধাৰণেও সমানে সহায়ৰ হাত আগবঢ়োৱা যুগুত। প্ৰতিবছৰে শ্ৰমিক দিৱসৰ দিনা বন্ধৰ কাৰ্যসূচী হাতত লোৱা হয় ; কিন্তু, খাটি খোৱা মানুহখিনি সেইদিনাও হাতত প্ৰয়োজনীয় সামগ্ৰী লৈ কামলৈ যাব লাগে। এই অৱস্থাৰ পৰা হাত সাৰিবলৈ প্ৰাৰম্ভিক অৱস্থাৰ পৰাই ব্যৱস্থাৱলী সমূহ হাতত ল’ব লাগে । শিক্ষাৰ মাধ্যমেৰে বহু সমস্যাৰ সমাধান কৰিব পৰা যায়, কাৰিকৰী শিক্ষাৰ প্ৰসাৰ আৰু প্ৰচাৰৰ মাধ্যমেৰে জনসাধাৰণক একগোট কৰি বিকাশৰ বাট উন্নতি কৰিব পাৰি। জনসাধাৰণে নিজৰ অধিকাৰৰ প্ৰতি সচেতন হোৱা যুগুত, বিশেষকৈ নিজৰ সিদ্ধান্ত বা দায়িত্ব সমূহৰ প্ৰতি সজাগ হ’ব লাগে। শিক্ষিত শ্ৰেণীয়ে সঠিক পথৰ সন্ধানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে, তেওঁলোকেও নিজৰ লগতে আন ১০ জনৰ কথাও গুৰুত্ব দিয়াটো প্ৰয়োজন। চৰকাৰেও কেৱল নিৰ্বাচনৰ সময়ত শ্ৰমিকৰ সুবিধা-অসুবিধাৰ খবৰ লোৱাৰ পৰিৱৰ্তে শ্ৰমিকৰ অৰ্থনৈতিক সামাজিক দিশত সদায় সচেষ্ট হৈ থকাটো জৰুৰী। চৰকাৰী আঁচনিৰ সঠিক প্ৰয়োগ, মধ্যভোগীৰ পৰিবৰ্তে আঁচনিৰ প্ৰকৃত লোকে যাতে সুবিধা লাভ কৰে তাত গুৰুত্ব প্ৰদান কৰা উচিত। জনসজাগতাৰ বাবে শিক্ষাৰ ব্যৱহাৰিক মান উন্নত কৰাৰ লগতে কাৰিকৰী শিক্ষাৰ ব্যৱস্থা গ্ৰহণত গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে। সকলোৱে হাতে কামে লগ লাগি নিজৰ লগতে সমাজৰ উন্নতিৰ বাবে
ব্যৱস্থাৱলী গ্ৰহণ কৰাটো নিত্যান্তই প্ৰয়োজন। মানৱ সম্পদেহে মানৱ জাতিৰ উত্তৰণত সহায় কৰে, সেইদৰে দক্ষতা আৰু অৰ্হতা সম্পন্ন শ্ৰমিকে দেশৰ ভেটি শক্তিশালী কৰে। গতিকে শ্ৰমিকৰ কাৰিকৰী দক্ষতাৰ বিকাশৰ বাবে সঠিক ব্যৱস্থাৱলী গ্ৰহণ কৰা উচিত। এই ক্ষেত্ৰত চৰকাৰৰ লগতে বিভিন্ন প্ৰভাৱগোষ্ঠী, দল-সংগঠনৰ যথেষ্ট কৰণীয় কাৰ্য আছে। শ্ৰমিকৰ উন্নতিৰ বাবে সদায় সকলো সজাগ হওক সকলো কিয়নো শ্ৰমিক সকলেই উৎপাদনৰ চাৰি স্তম্ভৰ মূল স্তম্ভ। বিজ্ঞজনে এই সম্পৰ্কে আৰু অধিক অধ্যয়ন কৰি শ্ৰমিক দিৱসৰ মূলমন্ত্ৰক বাস্তৱত ৰূপায়ণৰ ব্যৱস্থা গ্ৰহণ কৰাৰ যথেষ্ট থল আছে।

লেখকৰ ঠিকনাঃ স্নাতকোত্তৰ মহলাৰ ছাত্ৰ
ৰাজনীতি বিজ্ঞান বিভাগ
নৰ্থ লখিমপুৰ কলেজ (স্বায়ত্ত শাসিত)
ফোন নং : ৮০১১৪২০৯৪০

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More