শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰত ব্ৰজাৱলী ভাষাৰ বিষয়ে কৰ্মশালা 

0 10

গুৱাহাটী,৩ জুনঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টিৰাজি প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে  কর্মৰত ‘ছ’চাইটি ফৰ শ্ৰীমন্ত শংকৰদেৱ’ আৰু ‘পৰম্পৰা প্ৰৱাহ’ৰ যৌথ উদ্যোগত গুৱাহাটীস্থিত শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰত অহা ২১,২২ আৰু ২৩ জুলাইত শংকৰী সংস্কৃতিত শুদ্ধ ৰূপত ব্ৰজাৱলী ভাষাৰ প্ৰয়োগ ওপৰত এক কৰ্মশালাৰ আয়োজন কৰা হৈছে।উল্লেখ্য যে আন্তঃৰাষ্ট্ৰীয় স্মৃতি সৌধ আৰু স্থান পৰিষদেও এই কৰ্মশালাত সহযোগিতা আগবঢ়াব। উক্ত কৰ্মশালাত ভাষাবিদ তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সাধাৰণ সম্পাদক ড° বসন্ত কুমাৰ গোস্বামীয়ে মুখ্য সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰাৰ লগতে নগাঁও মহাবিদ্যালয়ৰ অৱসৰী অধ্যাপক ড° গিৰিকান্ত গোস্বামী প্ৰমুখ্যে কেইবাগৰাকী সমল ব্যক্তিয়ে অংশগ্ৰহণ কৰিব। এই কৰ্মশালাত ছ’চাইটি ফৰ শ্ৰীমন্ত শংকৰদেৱৰ সভাপতি ড° সঞ্জীৱ কুমাৰ বৰকাকতি, ছ’চাইটি ফৰ শ্ৰীমন্ত শংকৰদেৱৰ উপ সভাপতি তথা পৰম্পৰা প্ৰৱাহৰ পৰিচালক ড° মল্লিকা কন্দলিয়ে (৯৪৩৫০১৩৫৭৭) সমন্বয়ক ৰূপে সেৱা আগবঢ়োৱাৰ লগতে এই কৰ্মশালাত সামগ্ৰিকভাবে পৰিচালনাৰ দায়িত্বত থাকিব ছ’চাইটিৰ সাধাৰণ সম্পাদক মৃদু মৌচম বৰা, বিষয়ববীয়াসকল ক্ৰমে ছ’চাইটিৰ সমন্বয়ক প্ৰদীপ হাজৰিকা, উপ সভাপতি ড° মধুচন্দা চলিহা ভূঞা (৯৪৩৫১৪৮০৯৮) সহকাৰী সম্পাদক অঞ্জনা তামুলী (৯৪৩৫১১৮৬০৭), প্রচাৰ সম্পাদক ড° বুলজিৎ বুঢ়াগোহাঁই (৯৪৩৫১৮৮৬৩০)। উক্ত কৰ্মশালাত অংশগ্ৰহণ কৰিব বিচৰা ইচ্ছুক প্ৰশিক্ষাৰ্থী সকলে ৫০০ টকা পঞ্জীয়ন মাচুল আদায় দিব লাগিব।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More