শ্ৰীলংকাৰ পিছত পাকিস্তান, আৰ্জেণ্টিনা!

তালিকাত প্ৰায় এক ডজন দেশৰ নাম

0 25
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৭ জুলাইঃ দেশৰ অৰ্থনীতি ভাঙিলে ঠিক কি হয়, সেয়া শ্ৰীলংকালৈ চালেই বুজিব পাৰি। খাদ্য নাই, তেল নাই— ছিন্নভিন্ন হৈ পৰা ৰাজনৈতিক গাঁথনিয়ে বিশ্বৰ বাবে শিকনীয় হিচাপে শ্ৰীলংকাক চৰ্চালৈ আনিছে। শ্ৰীলংকাৰ লগতে এতিয়া প্ৰায় এক ডজন দেশ দুৰ্যোগৰ মুখত থিয় দিছে। সংবাদ সংস্থা ৰয়টাৰ্ছৰ এক প্ৰতিবেদনত এনে দেশসমূহ চিনাক্ত কৰি তেওঁলোকৰ অৰ্থনৈতিক দুৰ্দশাসমূহ চৰ্চালৈ আনিছে। এই দেশবোৰৰ বৈদেশিক ঋণ, মুদ্ৰাস্ফীতি এনে এটা স্তৰত উপনীত হৈছে যিয়ে ভৱিষ্যতৰ বাবে ভয়াৱহ বিপদৰ ইংগিত দিয়ে। এই তালিকাত আছে আৰ্জেণ্টিনা, ইউক্ৰেইন, ইজিপ্ত, কেনিয়া, ইথিওপিয়া, এল ছালভাডৰ, ইকুৱেডৰ, বেলাৰুছ, নাইজেৰিয়া, পাকিস্তান আদি দেশ। সমীক্ষা অনুসৰি শেহতীয়াকৈ পাকিস্তানৰ মুদ্ৰাৰ মূল্য অভিলেখসংখ্যক হ্ৰাস পাইছে। পাকিস্তানৰ তেল আমদানিৰ বোজা ইমানেই বৃদ্ধি পাইছে যে দেশখনৰ বৈদেশিক মুদ্ৰাৰ মজুতলৈয়ো ভাবুকি আহিছে। এই সংখ্যা এতিয়া ইমানেই কম যে অহা পাঁচ সপ্তাহলৈহে ইছলামবাদে আমদানি কৰিব পাৰিব। পাকিস্তানৰ ৰাজহৰ ৪০ শতাংশ ঋণ পৰিশোধৰ বাবে ব্যয় কৰা হয়। ফলত শ্বাহবাজ শ্বৰীফৰ নতুন চৰকাৰে ব্যয় বৃহৎ পৰিমাণে হ্ৰাস কৰিব লাগিব। প্ৰতিবেদনত যুদ্ধবিধ্বস্ত ইউক্ৰেইনৰ অৰ্থনৈতিক সংকটৰ ওপৰতো আলোকপাত কৰা হৈছে। লগতে কোৱা হৈছে যে ৰাছিয়াৰ কাষতে থকা বেলাৰুছেও নিজকে সাজু কৰাৰ সময় সমাগত।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More