শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰীৰ পদত্যাগ

0 12

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১০ জুলাই : কৰ, বিভিন্ন প্ৰকল্পত বিনিয়োগ আদি পৰিস্থিতিৰ বাবে শ্ৰীলংকা মাহৰ পিছত মাহ ধৰি তীব্ৰ অৰ্থনৈতিক সংকটত পৰিছে। মাৰ্চ মাহৰ পৰা শ্ৰীলংকাৰ জনসাধাৰণে ৰাষ্ট্ৰপতিগৰাকীৰ পদত্যাগৰ দাবী জনাই আহিছিল। শেহতীয়া প্ৰতিবাদ আৰু ভয়াৱহ হৈ পৰিল। প্ৰতিবাদৰ সন্মুখীন হৈ শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি গোটাভয়া ৰাজাপাক্ষই ঘৰৰ পৰা পলায়ন কৰিবলগীয়া হৈছে। এনে অৱস্থাতে ৰানিল উইক্ৰেমসিংহে প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰাৰ সিদ্ধান্ত লৈছে। তেওঁ সকলো দলৰ অংশগ্ৰহণেৰে চৰকাৰ গঠনৰ সিদ্ধান্ত লোৱা বুলি কৈছে। শ্ৰীলংকাৰ অৰ্থনৈতিক সংকটক লৈ দেশজোৰা প্ৰতিবাদৰ সন্মুখীন হৈ মে’ মাহত ৰাষ্ট্ৰপতি গোটাবায়া ৰাজাপাক্ষৰ ভাতৃ প্ৰধানমন্ত্ৰী মহিন্দা ৰাজপাকছাই পদত্যাগ কৰিবলৈ বাধ্য হৈছিল। তাৰ পিছত গোটাবায়াই ৰাণিল উইক্ৰেমসিংহেক প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি দিয়ে। কিন্তু প্ৰতিবাদকাৰীয়ে তেওঁকো মানি নলয়। শ্ৰীলংকাৰ কেইবাটাও বিৰোধী দলেও ৰনিলক প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি দিয়াৰ বিৰোধিতা কৰিছিল। যদিও গোটাবায়াৰ বাবেই ৰনিল প্ৰধানমন্ত্ৰী পদত টিকি আছিল। কাৰ্যভাৰ গ্ৰহণ কৰাৰ লগে লগে ৰনিলে দেশৰ বৰ্তমানৰ সংকট সমাধান কৰাৰ প্ৰতিশ্ৰুতি দিছিল। কিন্তু প্ৰতিবাদকাৰীয়ে দেশৰ ৰাজনীতিত আমূল পৰিৱৰ্তনৰ আহ্বান জনাইছে। ৰানিলৰ নেতৃত্বত নতুন কেবিনেট গঠন হোৱাৰ পাছতো শ্ৰীলংকাৰ জনসাধাৰণে প্ৰতিবাদ অব্যাহত ৰাখিছিল। প্ৰতিবাদকাৰীয়ে গোটাবায়াক পদত্যাগ কৰিবলৈ দাবী জনাইছিল। কিন্তু তেওঁ পদত্যাগ নকৰাৰ ফলত প্ৰতিবাদ তীব্ৰতৰ হৈ পৰিল। এনে পৰিস্থিতিৰ সন্মুখীন হৈ গোটাবায়া ঘৰৰ পৰা পলায়ন কৰিবলৈ বাধ্য হয়। তাৰ পিছতে জৰুৰী সভাত বহিল ৰনিল উইক্ৰমেসিংহে। তেওঁ সকলো দলকে এই বৈঠকলৈ আহ্বান জনাইছিল। কিন্তু দেশৰ এটা মূল বিৰোধী দল সমাজবাদী জন বালাৱেগয়া (এছজেবি)ৰ নেতা সভাত উপস্থিত নাথাকিল। বৈঠকৰ কিছু সময়ৰ পাছতে শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে সকলো দলৰ অংশগ্ৰহণেৰে চৰকাৰ গঠনৰ লক্ষ্যৰে ৰনিলে পদত্যাগ কৰা বুলি জানিবলৈ দিয়ে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More