শ্ৰীশ্ৰীবাসুদেৱ নামঘৰ শাখা সত্ৰ, দক্ষিণপাটৰ ২০০বছৰীয়া জয়ন্তী

খোল, বৰতাল, দবা-কাহ আৰু হৰি নামৰ ৰসত বিলীন হেজাৰোধিক ভক্তিপ্ৰাণ ৰাইজ

0 92

শতাব্দ ষ্টাফ ৰিপটাৰ তেজপুৰ , ৫ ফেব্ৰুৱাৰীঃ ১৮১৭ চনতে প্ৰতিষ্ঠা হোৱা শ্ৰীশ্ৰীবাসুদেৱ নামঘৰ শাখা সত্ৰত আজি ভক্তিৰসত বিলীন হল বৃহত্তৰ উলুবাৰী অঞ্চলৰ হেজাৰোধিক ভক্তপ্ৰাণ ৰাইজ-আইমাতৃ৷ মানৰ আক্ৰমণত জীৱন ৰক্ষা কৰি ধূণাগুৰি, উলুবাৰীত নিগাজীকৈ থাকিবলৈ লোৱাৰ সমান্তৰালভাৱে মহাপুৰুষ শ্ৰীমন্তশঙ্কৰদেৱৰ আদৰ্শত বিমুগ্ধহৈ শ্ৰীশ্ৰীবাসুদেৱ নামঘৰ শাখা সত্ৰ প্ৰতিষ্ঠা কৰি অদৃশ্য ভগৱানক আৰাধনা কৰি আহিছে৷ দক্ষিণপাট সত্ৰৰ এটা অন্যতম শাখা হিচাপে পৰিগণিত হৈ অহা ধূণাগুৰি, উলুবাৰীত ভক্তিৰসৰ লগতে আধ্যাত্মিক শিক্ষা নিৰৱছিন্নভাৱে বিগত ২০০টা বছৰেই প্ৰদান কৰি অহা নামঘৰটোৱে ২০০বছৰত ভৰি দিয়া উপলক্ষে স্থানীয় ৰাইজে দ্বি-শতবাৰ্ষিকী অনুষ্ঠান বৰ্ণাঢ্য কাৰ্যসূচীৰে তিনিদিনীয়াকৈ আয়োজন কৰিছে৷ আজি দ্বিতীয় দিনা পুৱা শ্ৰদ্ধাঞ্জলি তৰ্পণ আৰু বৃক্ষৰোপণ কাৰ্যসূচী সমাপ্ত হোৱাৰ পিচত প্ৰায় দুই শতাধিক ভক্তপ্ৰাণ ৰাইজ, আইমাতৃ আৰু ভকত-বৈষ্ণৱে নামপ্ৰসংগ সম্পন্ন কৰে৷ আজি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান মুকলি কৰে স্থানীয় সমাজকৰ্মী প্ৰফুল্ল ৰাভাই৷ তেওঁ ইতিমধ্যে ইহসংসাৰ ত্যাগ কৰা অগ্ৰজসকলক স্মৰণ কৰি সকলো সমন্বয় আৰু ভাতৃত্ববোধ বৰ্তাই ৰখাৰ আহ্বান জনাই ইতিমধ্যে ইহসংসাৰ ত্যাগ কৰা অঞ্চলটোৰ সকলো সামাজিক অনুষ্ঠানৰ প্ৰতিষ্ঠাতা তথা গুৰি ধৰোতা প্ৰয়াত কনক চন্দ্ৰ বড়ো আৰু ৰমনীকান্ত বড়োক স্মৰণ কৰে৷ বৃক্ষৰোপণ কাৰ্যসূচী সম্পন্ন কৰে বামুনপুখুৰী গাঁও পঞ্চায়তৰ সভানেত্ৰী কামিনী কাকতিয়ে৷ সহযোগ কৰে আয়োজক সমিতিৰ সভাপতি তৰুণ চন্দ্ৰ বড়ো, যুগল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক বিশ্বজিৎ বড়ো, উলুবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক নলিনীকান্ত বড়ো, সমবায় পৰিদৰ্শক দীপ বড়ো, সমাজসেৱক ভোলাৰাম ৰাউতীয়া, বেদান্ত বড়ো, দয়াকান্ত বড়ো আদিয়ে৷ ইফালে কালিৰে আৰম্ভ হোৱা দ্বি-শতবাৰ্ষিকী অনুষ্ঠান পুৱা ধৰ্মধ্বজা উত্তোলনেৰে আৰম্ভ হয়৷ ধৰ্মধ্বজা উত্তোলন কৰে নাম আচাৰ্য্য তিলক দাসে, সহযোগ কৰে শ্ৰীশ্ৰী বাসুদেৱ নামঘৰৰ নাম আচাৰ্য্য দামোদৰ ৰাভাই৷ হৰি নামধ্বনি আৰু খোল-তাল, বৰ কাঁহ আৰু দবাৰ মধুৰ সংগমত ধৰ্মধ্বজা উত্তোলন কৰাৰ পিচতেই ২০০ পতাকা উত্তোলন কৰা হয়৷ ২০০পতাকাৰ মূল পতাকা উত্তোলন কৰে অসম চৰকাৰৰ গৃহ নিৰ্মাণ পৰিক্ৰমা, নগৰ উন্নয়ন আৰু জলসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংহল আৰু সমাজসেৱক গংগাৰাম বড়োৱে৷ মন্ত্ৰী অশোক সিংহলে ভাষণ প্ৰসংগত অসম চৰকাৰৰ বিভিন্ন আঁচনিৰ বিষয়ে সমবেত হেজাৰোধিক ৰাইজক অৱগত কৰি নামঘৰটোৰ উন্নয়নৰ বাবে দুই লাখ টকা প্ৰদান কৰাৰ কথা ঘোষণা কৰি প্ৰয়োজনত অধিক ধন প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে৷ ইয়াৰ পিচতে ভাগৱত শোভাযাত্ৰা আৰম্ভ হয়৷ আজি সন্ধিয়া কুৰুক্ষেত্ৰত শ্ৰীকৃষ্ণ শীৰ্ষক ভাওনা অনুষ্ঠিত হব৷ কাইলৈ পুৱা সাংস্কৃতিক শোভাযাত্ৰা আৰম্ভ হব৷ মুকুলি কৰিব অৱসৰপ্ৰাপ্ত শিক্ষক অনন্ত দাসে৷ দুপৰীয়া এক বজাত মূকলি সভা৷ সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব শোণিতপুৰ জিলাৰ উপায়ুক্ত দেৱকুমাৰ মিশ্ৰ, আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকিব শোণিতপুৰ জিলা পৰিষদৰ কাৰ্যবাহী বিষয়া কৰবী কৰণ শইকীয়া, জিলা বিজেপিৰ সভাপতি বাতাচ ওৰাং, নিদিৰ্ষ্ট বক্তা হিচাপে উপস্থিত থাকিব মাজুলীৰ দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ ননীগোপাল দেৱগোস্বামী আৰু সঞ্চালনা কৰিব যুগল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক বিশ্বজিৎ বড়োৱে৷ আনহাতে ৪ফেব্ৰুৱাৰী অৰ্থাৎ কালি নামঘৰটোৰ নবনিৰ্মিত বাটচৰা উদ্বোধন কৰে নাম আচাৰ্য্য দামোদৰ ৰাভা, মঞ্চ মুকলি কৰে ষ্টেট বেংকৰ অৱসৰপ্ৰাপ্ত শাখা প্ৰৱন্ধক বিমল বড়োৱে৷ ভাগৱত যাত্ৰা মুকলি কৰে জিতেন বড়োৱে, ভাগৱত পাঠ আৰু ব্যাখ্যা কৰে নাম আচাৰ্য তিলক দাসে আৰু সন্ধিয়া বন্তি প্ৰজ্বলন সম্পন্ন কৰে যাদৱ বড়োৱে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More