শ্ৰেষ্ঠ সাতখন নাটকৰ মাজত অসম ভিত্তিত নাট প্ৰতিযোগিতাৰ আয়োজন

ঘাঁহিগাঁৱত ছয়দুৱাৰ সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত 

0 109

 ।

গহপুৰ, ২মে’ : ছয়দুৱাৰ সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত গহপুৰৰ ঘাঁহিগাঁৱত প্ৰথম বৰ্ষৰ বাবে আয়োজন কৰিছে সদৌ অসম ভিত্তিত একাংকিকা নাট প্ৰতিযোগিতা। ঘাঁহিগাঁৱৰ শ্ৰীমন্ত শঙ্কৰদেৱ নাট্য ভৱন আৰু সুধাকন্ঠ ড° ভুপেন হাজৰিকা ৰঙ্গমঞ্চত অহা ২৮ মে’ত অনুষ্ঠিত হব নাট প্ৰতিযোগিতাখনি । উল্লেখ্য যে, অসমৰ নিৰ্বাচিত শ্ৰেষ্ঠ সাতখন নাটকৰ ওপৰতহে প্ৰতিযোগিতাখনি অনুষ্ঠিত হব। এই উপলক্ষে ইতিমধ্যে ধৰ্মানন্দ দাস সভাপতি, ৰূপম ৰাজখোৱা আৰু ডিম্ব বাৰিক উপ সভাপতি, সিদ্ধেশ্বৰ হাজৰিকা কাৰ্যকৰী সভাপতি, দিব্যজ্যোতি বৰা মুখ্য সম্পাদক, অভিজিত দাস আৰু লক্ষ্যপ্ৰাণ বৰা যুটীয়া সম্পাদক আৰু মানস ফুকনক সহ: সম্পাদক হিচাপে লৈ এখন আদৰণি সমিতি গঠন কৰা হৈছে । প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰিবলগীয়া নাটক কেইখন হৈছে ক্ৰমে নৱ নাট্যকৰ্মী, বোকাখাতৰ – ‘বনচাই’, শান্তি, বৰঙাবাৰীৰ – ‘জীৱন প্লাছ মাইনাছ ডটকম’, জেংৰাই, মঙলদৈৰ – ‘ব্ৰেইনলেচ হেড’, ডি. ৰেবেল, কলাবাৰীৰ – ‘দুঠেঙীয়াৰ সাধু’, মিৰদান, চামগুৰিৰ – ‘হাঁহি কান্দোনৰ ফেন্টাছি’, এনাজৰী, বিশ্বনাথ চাৰিআলিৰ – ‘এই সময় সু সময়’ আৰু প্ৰজন্ম, নলবাৰীৰ – ‘নিংনি’ । প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ নাট্যদলক নগদ ১৫ হেজাৰ টকা আৰু মানপত্ৰ, দ্বিতীয় শ্ৰেষ্ঠ নাট্যদলক নগদ ১২ হেজাৰ টকা আৰু মানপত্ৰ আৰু তৃতীয় শ্ৰেষ্ঠ নাট্যদলক নগদ ৯ হেজাৰ টকা আৰু মানপত্ৰৰ লগতে ব্যক্তিগত শিতানৰ বঁটা সমুহ প্ৰদান কৰা হব বুলি উদ্যোক্তা সকলে জানিবলৈ দিছে ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More