শয়নে-সপোনে আজিও কেৱল নেহৰুকে দেখা পায় মোদীয়ে–ভূপেন বৰা
নেহৰুৰ ১৯৬২ৰ ভাষণ ভুলকৈ প্ৰচাৰ নকৰিবলৈ সকীয়নি
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, গুৱাহাটী, ১১ আগষ্টঃ শয়নে-সপোনে কেৱল নেহৰুকে দেখি থকা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে অনাস্থা প্ৰস্তাৱ বিতৰ্কত মূল বিষয় মণিপুৰৰ পৰা ফালৰি কাটি অসমৰ প্ৰসংগহে উত্থাপন কৰে। তাকে কৰিবলৈ গৈ দেশৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী জৱহাৰলাল নেহৰুৰ বক্তব্য ভুলকৈ উত্থাপন কৰি গোৱেব্বলছীয় নীতিৰে জনসাধাৰণক বিপথে পৰিচালিত কৰাৰ চেষ্টা চলাইছে মোদীয়ে। নাজী শাসনকালত হিটলাৰৰ বিশ্বস্ত মন্ত্ৰী গোৱেব্বলছে ‘একেটা মিছা কথা বাৰম্বাৰ কৈ থাকিলে মানুহে সেই মিছাটোকে সত্য বুলি ধৰি লয়’ নীতি অনুসৰণ কৰি কংগ্ৰেছ বিৰোধী একাংশ লোকে দেশ স্বাধীনতা লাভ কৰাৰে পৰা কংগ্ৰেছক বদনাম কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈ আহিছে। তাৰে অংশ হিচাপে ১৯৬২ চনত চীনে কৰা ভাৰত আক্ৰমণ সন্দৰ্ভত তেতিয়াৰ প্ৰধানমন্ত্ৰী জৱহাৰলাল নেহৰুৱে দিয়া এটি ভাষণৰ ভুল ব্যাখ্যা কৰি আহিছে আৰএছএছ আৰু বিজেপিৰ একাংশ লোকে। নেহৰু সম্পৰ্কে জনসাধাৰণৰ মনত বিষবাষ্প বিয়পাই জনসাধাৰণক আভুৱা ভাৰি গাদী ধৰি ৰাখিবলৈ বিজেপি দল, বিশেষকৈ বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰি অহা এনে প্ৰচেষ্টাক তীব্ৰ ভাষাৰে গৰিহণা জনাইছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাই। এক বিবৃতিযোগে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতিগৰাকীয়ে স্পষ্ট কৰি দিয়ে যে ঐতিহাসিক ঘটনাবোৰ ভুলকৈ ব্যাখ্যা কৰাটোৱেই বিজেপিৰ প্ৰকৃত চৰিত্ৰ। চীন আক্ৰমণ সন্দৰ্ভত নেহৰুৰ ভাষণক লৈয়ো আৰএছএছ-বিজেপিয়ে সেয়ে অতীজৰে পৰা ভুল বিয়পাই আহিছে। বিজেপি-আৰএছএছৰ প্ৰপ’গাণ্ডাত ভোল নগৈ প্ৰকৃততেনো নেহৰুৱে ভাষণটোত কি কৈছিল সেয়া ভালকৈ জানি ল’বলৈকো সকলোকে আহ্বান জনায় প্ৰদেশ কংগ্ৰেছে। বিবৃতিটোত সভাপতি বৰাই কয় যে ৰেডিঅ’যোগে সম্প্ৰচাৰিত উক্ত ভাষণত একাংশ লোকে দাবী কৰাৰ দৰে নেহৰুৱে অসমৰ জনতাক বিদায় জনোৱা নাছিল। ‘নেহৰুৱে ভাষণত উল্লেখ কৰা My heart goes out to the people of Assam at this hour বাক্যটোৰ সম্পূৰ্ণৰূপে ভুল ব্যাখ্যা কৰি আহিছে নেহৰু বিৰোধীসকলে। ভাষণটোৰ কোনো অংশতে নেহৰুৱে অসমৰ জনতাক বিদায় জনাই চীনৰ হাতত তুলি দিয়া নাছিল। My heart goes-ৰ জৰিয়তে নেহৰুৱে অসমৰ ৰাইজে সংকটৰ সন্মুখীন হ’বলগীয়া হোৱা বাবে দুখহে প্ৰকাশ কৰিছিল। তাৰ পিছতে ভাষণৰ পৰৱৰ্তী অংশত নেহৰুৱে বিশ্বাসঘাতক চীনক যোগ্য প্ৰত্যুত্তৰ দিয়াৰ কথা কৈছিল।’-বৰাই কয়। ১৯৬২ চনৰ ২০ নৱেম্বৰত দিয়া ভাষণটোত নেহৰুৱে আৰু কৈছিল, ‘আক্ৰমণকাৰীসকল ভাৰতৰ পৰা গুচি নোযোৱালৈ বা খেদি পঠিয়াব নোৱৰালৈকে আমি মুঠেই ক্ষান্ত নহ’ম। শত্ৰুপক্ষই দিয়া কোনোধৰণৰ চৰ্তই আমি মানি নল’ও কাৰণ চৰ্ত মানি ল’লেই সিহঁতে ভাবিব যে আমি অলপকৈ হ’লেও ভয় খাইছো। মই আপোনালোক সকলোকে বিশেষকৈ এই মুহূৰ্তত মোৰ বেচিকৈ চিন্তা হৈ থকা অসমত বাস কৰা নাগৰিকসকলক এই কথা স্পষ্ট কৰি দিব খুজিছো।’ সেই ভাষণটোত নেহৰুৱে যুদ্ধত যেনেকৈয়ে নহওক চীনক পৰাভূত কৰিব লাগিব বুলি কোৱা কথাষাৰলৈয়ো উনুকিয়াই দিয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতি বৰাই। ‘কোনো বিদেশী ৰাষ্ট্ৰই ভাৰতত এনেদৰে অনধিকাৰ প্ৰৱেশ কৰাতো আমি মানি নলও। দেশে স্বাধীনতা লাভ কৰাৰ পিছত দেশৰ স্বাধীনতা অক্ষুণ্ণ ৰখাৰ এয়া প্ৰথমখন যুদ্ধ আৰু যিমানেই দীঘলীয়া সময় নালাগক কিয় আৰু আমাৰ যিমানেই ক্ষতি নহওক কিয় ভাৰতে কোনো কাৰণতে এই যুদ্ধত পৰাজয় বৰণ নকৰে।’-নেহৰুৰ ভাষণৰ এই উধৃতি দি সভাপতি বৰাই সকলোকে বিজেপি আৰু আৰএছএছৰ অপ-প্ৰচাৰৰ পৰা হাত সাৰি থাকিবলৈকো আহ্বান জনায়। বৰাই কয় যে দীঘলীয়া ভাষণৰ মাত্ৰ এটা বাক্যৰে আৰএছএছ-বিজেপিয়ে ইমানদিনে অসমৰ জনতাক ১৯৬২ৰ চীন যুদ্ধক লৈ মূৰ্খ সজাই আহিছিল যদিও তথ্য-প্ৰযুক্তিৰ এই যুগত সকলো উপলব্ধ হৈ পৰাত তেওঁলোকৰ সান্দহ খোৱা বালি তল যোৱাৰ উপক্ৰম হোৱা বাবেই এনেদৰে গোৱেব্বলছীয় নীতিৰে একেটা মিছাকেই বাৰে বাৰে আওৰাই যোৱাৰ অপচেষ্টা অব্যাহত ৰাখিছে। সভাপতি বৰাই নেহৰুক মোদী আৰু বিজেপি-আৰএছএছে আজিও কিয় ইমান ভয় কৰে বুলিও প্ৰশ্ন কৰে। তেওঁ কয় যে পণ্ডিত নেহৰুৰ ব্যক্তিত্ব আৰু পাণ্ডিত্য ইমানেই সুউচ্চ আছিল যে জ্ঞানেৰে বলে নোৱৰা বাবেই এনেদৰে অপপ্ৰচাৰৰ জৰিয়তে তেখেত স্বৰ্গগামী হোৱাৰ কেবা দশকৰ পিছতো বিজেপি-আৰএছএছে আক্ৰমণ চলাই যাবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈ আহিছে। ভাৰত-চীন যুদ্ধ সম্পৰ্কে অপপ্ৰচাৰৰ বিপৰীতে সেই সময়ৰ ইতিহাস অধ্যয়ন কৰিবলৈকো বৰাই বিজেপি-আৰএছএছক আহ্বান জনায়। তেওঁ কয় যে মণিপুৰ জ্বলি থকাৰ ৩ মাহ পিছতো প্ৰধানমন্ত্ৰীয়ে টু শব্দ এটাও নকলে যাৰ বাবে ‘ইণ্ডিয়া’ মহাজোঁটে অনাস্থা প্ৰস্তাৱ আনিবলগীয়া হ’ল আৰু অনাস্থাপ্ৰস্তাৱৰ ভাষণতো মোদীয়ে প্ৰকৃত বিষয়ৰ পৰা ফালৰি কাটি বাহুল্যহে বলকিবলৈ বাধ্য হ’ল। তেওঁ কয়, ‘ইতিহাস ভালকৈ পঢ়িবলৈ ধৈৰ্য লাগে। বিজেপি-আৰএছএছৰ ধৈৰ্য নাই বাবেই এনেকৈ ভুল কথা প্ৰচাৰ কৰে। ১৯৬২ৰ যুদ্ধৰ সময়ত সাহায্য সামগ্ৰী লৈ ১৯৫৯-১৯৬০ চনলৈ নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সভাপতিৰ দায়িত্বত থকা ইন্দিৰা গান্ধীয়ে বিশেষ বিমানযোগে তেজপুৰত উপস্থিত হৈ অসমৰ ৰাইজৰ দুখ-দুৰ্দশাৰ বুজ লৈছিল। মাজতে ৮ ঘণ্টাৰ বাবে দিল্লীলৈ উৰা মাৰি ইন্দিৰা গান্ধী আকৌ অসমলৈ আহি ৪৮ ঘণ্টা কটাইছিল আৰু তাৰ পিছতেই চীনে যুদ্ধবিৰতি ঘোষণা কৰি ঘৰমুৱা হৈছিল। এইবোৰ কথা আমি পাহৰিলে নহ’ব।’ সভাপতি বৰাই জৱাহৰলাল নেহৰুৰ ১৯৬২ চনৰ ভাষণটোৰ কোনটো বাক্যত ‘বিদায় অসম’ বা ‘আমি আত্মসমৰ্পণ কৰিলো’ বুলি উল্লেখ আছে সেয়া দেখুৱাই দিবলৈকো বিজেপি-আৰএছএছক প্ৰত্যাহ্বান জনায় আৰু হিটলাৰৰ মন্ত্ৰীৰ নীতিৰে দেশ চলাই দেশখন ধ্বংস নকৰিবলৈ সকীয়াই দিয়ে।