ষ্টাফিং পেটাৰ্নৰ অজুহাতত তিনিচুকীয়া পৌৰসভাৰ কৰ্মচাৰীক বঞ্চনাৰ অভিযোগ

ছমাহতে হ’ব লগা ষ্টাফিং পেটাৰ্ন ১২ বছৰে এপ্ৰু’ভ নহ’ল কিয়

0 103

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ৩০ মে’ : কৈ থাকিলেও অন্ত নপৰে তিনিচুকীয়া পৌৰসভাৰ অন্দৰমহলৰ বিতৰ্কৰে আৱৰা কাহিনীৰ । নৱ নিৰ্বাচিত উপ-সভানেত্ৰীৰ স্বামীৰ দৌৰাত্ম্যই তিনিচুকীয়া পৌৰসভাত এক অচলাৱস্থাৰ সৃষ্টি কৰা সন্দৰ্ভত সংবাদ মাধ্যমত বাতৰি প্ৰকাশ পোৱাৰ পাছত এইবাৰ উঠিছে বছৰ বছৰ ধৰি চাকৰি কৰি অহা কৰ্মচাৰীসকলক ন্যায্য প্ৰাপ্যৰ পৰা বঞ্চিত কৰাৰ গুৰুতৰ অভিযোগ । সদৌ অসম পৌৰ নিকায় কৰ্মচাৰী সন্থাৰ তিনিচুকীয়া শাখাই এই সন্দৰ্ভত সভাপতিক লিখিত অভিযোগ দাখিল কৰিছে । সেই অনুসৰি জ্যেষ্ঠ একাধিক কৰ্ম্মচাৰীৰ অৱসৰ আৰু মৃত্যুৰ পাছত মুখ্য সহায়ক, সহকাৰী কাৰ্যবাহী অভিযন্তা, টেক্স ডাৰোগা, গাণনিক, উচ্চ বৰ্গৰ সহায়ক, নিম্ন বৰ্গৰ সহায়ক আদি পদত ব’ৰ্ড তথা কাৰ্যবাহী বিষয়াসকলৰ অনুমোদনমৰ্ম্মে বহু কৰ্মচাৰীয়ে কাৰ্যনিৰ্বাহ কৰি আছে যদিও ষ্টাফিং পেটাৰ্ন এপ্ৰু’ভ নোহোৱাৰ অজুহাতত তেওঁলোকক উক্ত পদবীসমূহত স্থায়ী পদোন্নতি অথবা দৰমহা আদায় দিয়া হোৱা নাই। এইসকলে সেই পদবীসমূহত কাৰ্যনিৰ্বাহ কৰি থকাৰ তথ্য বহুবাৰ চৰকাৰক অৱগত কৰাৰ পাছতো চৰকাৰে প্ৰতিবাৰেই ষ্টাফিং পেটাৰ্ন এপ্ৰু’ভ নোহোৱাৰ দোহাই দি তেওঁলোকক ন্যায্য পদোন্নতি আৰু দৰমহাৰ পৰা বঞ্চিত কৰি আহিছে বুলি অভিযোগত প্ৰকাশ । জানিব পৰা মতে মাত্র ৬ মাহৰ ভিতৰতে ষ্টাফিং পেটাৰ্ন এপ্ৰু’ভ কৰা হ’ব বুলি জাননী জাৰি কৰি আজি ১২ টা বছৰে তাক কাৰ্যকৰী নকৰি চৰকাৰে এই কৰ্মচাৰীসকলক বঞ্চিত কৰি ৰাখিছে । শেহতীয়াকৈ যোৱা ২৯ এপ্ৰিলত চৰকাৰৰ আন এটা বিভাগ ’আৰবান ৱাটাৰ ছাপ্লাই’ৰ এজন সহকাৰী অভিযন্তাক আনি পৌৰসভাৰ কাৰ্যালয়ত সহকাৰী কাৰ্যবাহী অভিযন্তা হিচাবে নিযুক্তি দিয়া কাৰ্যই অন্যান্য কৰ্মচাৰীসকলক ক্ষুণ্ণ কৰি তুলিছে । কিয়নো উক্ত পদবীত বিগত ২০১৪ চনৰ পৰাই ব’ৰ্ডৰ অনুমোদনক্রমে পৌৰসভাৰ এজন কৰ্ম্মচাৰীয়ে কাৰ্যনিৰ্বাহ কৰি আছিল আৰু এই বিষয়ত পৌৰ সঞ্চালক তথা চৰকাৰো অৱগত । এনেদৰে পৌৰসভাৰ কৰ্মচাৰীয়ে বিগত ৮/১০ বছৰ বা তাতোধিক কাল কাৰ্যনিৰ্বাহ কৰি থকা পদসমূহ খালী থকা দেখুৱাই চৰকাৰৰ আন বিভাগৰ পৰা কৰ্মচাৰী আমদানি কৰি নিযুক্তি দিয়াটো তেওঁলোকৰ প্ৰতি অন্যায়মূলক কাৰ্য হৈছে বুলিও পৌৰ নিকায় কৰ্মচাৰী সন্থাৰ তিনিচুকীয়া শাখাই অভিযোগ কৰিছে ।  আন বিভাগৰ পৰা অহা কৰ্ম্মচাৰীক পৌৰসভাত যোগদান কৰিবলৈ দিয়াৰ পূৰ্বে অতবছৰে বিনাবেতনে সেই পদসমূহত কাৰ্যনিৰ্বাহ কৰি থকাসকলক দৰমহাসহ স্থায়ীভাৱে মকৰল কৰাৰ ব্যৱস্থা গ্ৰহণৰ বাবে পৌৰ নিকায় কৰ্মচাৰী সন্থাৰ তিনিচুকীয়া শাখাই দাবী জনোৱাৰ লগতে ইয়াৰ অন্যথা পৌৰ কৰ্মচাৰীৰ বৃহত্তৰ স্বাৰ্থত গণতান্ত্রিক আন্দোলনৰ পথ লোৱাৰ উপৰি প্রয়োজনসাপেক্ষে আইনৰ কাষ চাপিবলৈ বাধ্য হ’ব বুলি সকীয়াই দিছে ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More