ষ্টেট বেংকক চেৰ পেলালে আই চি আই চি আই বেংকে

0 33

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১২ মেঃ দেশৰ ৰাজহুৱা খণ্ডৰ বৃহত্তম বেংক ভাৰতীয় ষ্টেট বেংকৰ বজাৰ মূলধনক (market cap) ২০১৩ চনৰ পাছত দ্বিতীয়বাৰলৈ চেৰ পেলালে দেশৰ তৃতীয় স্থানৰ বেংক প্ৰতিষ্ঠান আই চি আই চি আই বেংকে । বুধবাৰৰ শ্বেয়াৰ বজাৰ সমাপ্তিৰ সময়ত আই চি আই চি আই বেংকৰ বজাৰ মূলধন 4,96,364:87 কোটিৰ বিপৰীতে ভাৰতীয় ষ্টেট বেংকৰ বজাৰ মূলধন আছিল 4,25,168:49 কোটি টকা । উল্লেখযোগ্য যে বেংকৰ বজাৰ মূলধনৰ ক্ষেত্ৰত শীৰ্ষতম স্থানত আছে 7,49,991:29 কোটি টকাৰে এইচ ডি এফ চি বেংক । এইচ ডি এফ চি বেংক ৰিলায়েন্স আৰু টি চি এচৰ পাছতে দেশৰ তৃতীয় সৰ্ববৃহৎ বজাৰ মূলধনসম্পন্ন প্ৰতিষ্ঠান । ইয়াৰ আগতে ২০১৩চনত আই চি আই চি আই বেংকে ভাৰতীয় ষ্টেট বেংকৰ বজাৰ মূলধনক চেৰ পেলাইছিল ।

আই চি আই চি আই বেংকৰ বজাৰ মূলধনে ভাৰতীয় ষ্টেট বেংকৰ বজাৰ মূলধনক চেৰ পেলোৱাৰ প্ৰধান কাৰণ হৈছে যোৱা সোমবাৰৰ পৰা হোৱা বজাৰৰ বৃহৎ পতনৰ বাবে সামগ্ৰিক ভাবে সকলো কোম্পানীৰে বজাৰ মূলধন হ্ৰাস পাইছে । কিন্তু আই চি আই চি আই বেংকৰ চতুৰ্থ ত্ৰিমাসিক ফলাফল অতি ভাল হোৱাৰ বাবে এই বেংকৰ শ্বেয়াৰ মূল্য কমাৰ সলনি সামান্য পৰিমাণে বৃদ্ধিহে হৈছে । সেইদৰে এইচ ডি এফ চি বেংকৰো চতুৰ্থ ত্ৰিমাসিক ফলাফল ভাল হোৱাৰ বাবে এই বেংকৰো শ্বেয়াৰ মূল্যৰ পতন হোৱা নাই।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More