সঁচাই এদিন লখিমপুৰ-ধেমাজি নিঃচিহ্ন হ’ব নেকি?

0 71

পংকজ হাজৰিকা

লখিমপুৰ আৰু ধেমাজি জিলাৰ গাতে লগাই অসম অৰুণাচলৰ সীমা গেৰুকামুখত নিৰ্মাণ কৰা নামনি সোৱনশিৰি বৃহৎ জলবিদ্যুৎ প্ৰকল্পৰ কাম NHPCয়ে প্ৰায় সম্পূৰ্ণ কৰিলে।হয়তু চলিত বৰ্ষতে ইয়াৰ পৰা বিদ্যুৎ উৎপন্ন হ’ব।নাজানো অসমে কি পাব কিন্তু এজন নদীপৰীয়া হিচাপে সদাই শংকিত হৈ আহিছো।আৰম্ভণীৰে পৰা অসমৰ গৰিষ্ঠ সংখ্যক দল-সংগঠনে ইয়াৰ বিৰোধিতা কৰি আহিছে যদিও চৰকাৰ নাচোৰবান্দা।বহু আন্দোলন হ’ল , বহু প্ৰতিবাদ হ’ল।প্ৰতিবাদৰ নামত বহুজনে যান্ত্ৰনা যিদৰে ভূগিব লগা হ’ল ঠিক সেইদৰে ভালে কেইজনে তথাকথিত জাতীয় সংগঠনৰ নেতা হৈ নিলৰ্জ ভাবে শাসক গোষ্ঠীৰ ওচৰত আত্ম সমৰ্পণ কৰি নিজৰ ৰাজনৈতিক চকীখন মজবুত কৰি নিজৰ লগতে পৰিয়ালক নিশ্চিন্ত কৰিলে।অসমৰ জলন্ত সমস্যা সমূহ বুজি উঠি সেইবোৰ সমাধানৰ উদ্দেশ্যে গঠন হোৱা আঞ্চলিক শক্তি অসম গণ পৰিষদেও ক্ষমতাৰ খকতেই হওঁক বা পোন্ধৰ বছৰীয়া কংগ্ৰেছৰ অপশাসন দূৰ কৰাৰ বাহানাতেই মেৰুদণ্ডহীন বুলি পৰিচয় দি আত্মসমৰ্পণ কৰি বৃহৎ বান্ধৰ ক্ষেত্ৰত নিৰৱ হৈ পৰিল।সকলোৰে নিজা নিজা স্বাৰ্থ সিদ্ধি হোৱাৰ সমসাময়িক ভাবে বান্ধৰ কাম সম্পূৰ্ণ হ’ল। এক্সপাৰ্ট সমিতিৰ প্ৰতিবেদন আজিও নাজানিলো।নামনি অংশৰ লোক সকলে বিৰোধিতা কৰি আছিল যদিও বিগত বিধান সভাৰ নিৰ্বাচনত শাসক গোষ্ঠীৰ সপক্ষে ভোট প্ৰদান কৰি প্ৰমাণ কৰি দিলে যে ইমান দিনে কৰি অহা প্ৰতিবাদ আছিল কেৱল এখন ভাওনা।নিজকে উপভোক্তা সজোৱাৰ প্ৰতিযোগিতাত সকলোৱে পাহৰি পেলালে যে বৃহৎ নদী বান্ধ একোটা জল বোমা।মুষ্টিমেয়  সংগঠন,দুই এজন সংবাদ কৰ্মী আৰু কেইজন মান সচেতন ব্যক্তিৰ বাহিৰে সকলো আজি নিৰৱ।ইয়াৰ অৰ্থ এইটোৱে নেকি বৃহৎ নদী বান্ধে আমাৰ একো অপকাৰ নকৰে? হয় উন্নয়ন বিছাৰো কিন্তু উন্নয়নৰ নামত জলবোমা নিবিচাৰো।নীপক’ৰ বান্ধৰ পৰা ৰঙানদীয়ে সৃষ্টি কৰা ত্ৰাস দেখি সহজেই অনুমান কৰিব পাৰিছো NHPCৰ ভয়াৱহতাৰ কথা।সপ্তাহযোৰা প্ৰৱল বৃষ্টিপাতৰ ফলত অসমৰ সকলো নদী উফন্দি পৰিছে।নীপক’য়ে অতিৰিক্ত পানীভাগ এৰাৰ ফলত ৰঙানদীৰ নামনি অংশত সৃষ্টি হোৱা পৰিবেশ প্ৰত্যক্ষ নকৰিলে বোধগম্য নহয়।ইয়াতকৈ বহু ক্ষমতা সম্পন্ন NHPC বান্ধত আজিৰ তাৰিখত যি পৰিৱেশ নিশ্চয় সকলোৰে জ্ঞাত।ধাৰাবাহিক বৰষুণ কেৱল এইবছৰেই হৈছে, আগলৈ নহ’ব এনে হ’ব নোৱাৰে।যেতিয়া বান্ধত বিদ্যুৎ উৎপাদনৰ কাম আৰম্ভ হ’ব আৰু অতিৰিক্ত পানীভাগ এৰি দিব সোৱণশিৰিৰ নামনি অংশত কি পৰিৱেশ হ’ব !!যদি কোৱামতেই বান্ধটোৰ ক্ষতি হয় সৃষ্টি হ’ব মহাপ্ৰলয়।ভোগ কৰিব লখিমপুৰ, ধেমাজিৰ একাংশৰ লগতে মাজুলী ,কাজিৰঙা আৰু কলিয়াবৰৰ কোনো কোনো অংশ।তেতিয়া বুজি একো নহ’ব।সময় থাকোতেই আমি সজাগ হ’ব লাগিব।নামনিৰ বাসিন্দা সকলৰ নিৰাপত্তাৰ বাবে কি কৰিছে সেয়া সকলোৰে বোধগম্য।ৰঙানদী পাৰত বাস কৰি হোৱা অভিজ্ঞতাৰে চৰকাৰলৈ অনুৰোধ এতিয়াও বিশেষজ্ঞ সমিতিৰ প্ৰতিবেদন মতে কাম কৰক।ক্ষমতা সদায় হাতত নাথাকে যিদৰে এসময়ত একাংশই অৰাজকতা আৰু অপশাসন কৰাৰ ফলত পতনৰ ভয়ত শাসক দলত যোগদান কৰি নিজক বচাই ৰাখি ক্ষমতাশালী হৈ পৰিছে তেনেকেয়ে আকৌ পলাই ফুৰিব লাগিব।অনাগত দুৰ্যোগৰ বাবে আপোনালোকেই জগৰীয়া হ’ব।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More