সঁচা-মিছাৰ দোমোজাত মঙল গ্ৰহ যাত্ৰাত কাৰ্ছন !
শৰীৰত বিশেষ জিন লৈ মংগল গ্ৰহলৈ যাব বুলি ওলাইছে অনেক খবৰ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২ জুলাই : এলিছা কাৰ্ছনে মংগল গ্ৰহত ভৰি দিবলৈ যাব বুলি বহু পোষ্টত দাবী কৰা হৈছে। বিভিন্ন ঠাইত দাবী কৰা হৈছে যে, ২০ বছৰীয়া এলিছাই নিজকে মংগল অভিযানৰ বাবে সাজু কৰি আছে। মংগল গ্ৰহত উপনীত হোৱাৰ পিছত তেওঁ পৃথিৱীলৈ ঘূৰি নাহিব বুলিও দাবী কৰা হৈছে। তেওঁ মংগল গ্ৰহত গৈ বাস কৰা পৃথিৱীৰ প্ৰথম মানুহ হ’ব নেকি? যদিও এলিছাৰ ‘ৰঙা গ্ৰহ’ত ভৰি দিয়াৰ প্ৰবল ইচ্ছা আছে, বাস্তৱত তেওঁক মংগল গ্ৰহলৈ লৈ যোৱা হোৱা নাই। কেৱল সেয়াই নহয়, যিসকল এই মিছনত যাব, তেওঁলোক সকলোৱেই ঘূৰি অহাৰ লক্ষ্যৰে মংগল গ্ৰহলৈ যাব। নাছাই এই দাবী কৰিছে। এটা ফেচবুক পোষ্টত লিখা হৈছিল— ‘‘এলিছাৰ কেতিয়াও বিয়া নহ’ব। শিশুৰ মুখ তেওঁ কেতিয়াও দেখা নাপাব। মংগল গ্ৰহলৈ যাত্ৰা কৰা প্ৰথমগৰাকী ব্যক্তি হ’ব, তেওঁ আৰু কেতিয়াও পৃথিৱীলৈ ঘূৰি নাহিব।” মাত্ৰ তিনি বছৰ বয়সৰ পৰাই তেওঁ মহাকাশচাৰী হৈ মংগল গ্ৰহলৈ যাব বিচাৰিছিল। কেইবাটাও ৱেবছাইটে দাবী কৰিছে যে, এলিছাই অসংখ্য মহাকাশ শিবিৰ আৰু মহাকাশৰ বিষয়ে শিকোৱা সংগঠনত যোগদান কৰি মংগল গ্ৰহৰ অভিযানৰ বাবে প্ৰস্তুতি চলাই আছে। গুজৱ ওলাইছে যে, এলিছাৰ দেহত এটা বিশেষ জিন সুমুৱাই দিয়া হৈছে যাতে তেওঁ মংগল গ্ৰহৰ পৰিৱেশৰ লগত খাপ খাব পাৰে। যাতে তেওঁৰ আৱেগক নিয়ন্ত্ৰণ কৰিব পৰা যায়। কিন্তু নাছাই এই দাবী সম্পূৰ্ণ মিছা বুলি দাবী কৰিছে। আমেৰিকান মহাকাশ সংস্থা নাছাই স্পষ্ট কৰি দিছে যে, যদিও সংস্থাটোৱে ভৱিষ্যতে মংগল গ্ৰহৰ অভিযানৰ পৰিকল্পনা কৰিছে, তথাপি এলিছা নামৰ কোনো লোক সেই অভিযানৰ অংশ নহয়। নাছাৰ এগৰাকী মুখপাত্ৰই ৰয়টাৰ্ছক জনোৱা মতে, নাছাৰ বিভিন্ন অভিযানৰ প্ৰতি আগ্ৰহী ছাত্ৰ-ছাত্ৰীসকল জড়িত হৈ আছে। কিন্তু এলিছা নামৰ এগৰাকী ২০ বছৰীয়া ছাত্ৰী এই অভিযানৰ সৈতে জড়িত নাছিল বুলি সংস্থাটোৱে জনায়। তদুপৰি নাছাৰ পৰৱৰ্তী মংগল অভিযানলৈ কোন যাব সেয়া এতিয়াও সিদ্ধান্ত লোৱা হোৱা নাই। নাছাৰ মতে, এলিছাৰ হাতত মহাকাশচাৰী হ’বলৈ প্ৰয়োজনীয় অৰ্হতা নাই। এলিছাৰ পিতৃয়েও ৰয়টাৰ্ছক ইমেইলযোগে জনাইছে যে, তেওঁৰ কন্যাৰ জীৱনৰ মূল লক্ষ্য আছিল মংগল গ্ৰহলৈ অভিযানত যোৱা। আৰু ছোৱালীজনীয়ে তাৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰি আছে। অৱশ্যে তেওঁৰ কন্যাক নাছাই মংগল গ্ৰহলৈ পঠিয়াব নে নাই সেয়া তেওঁ একেবাৰেই নাজানে। এলিছাৰ পিতৃয়ে কয় যে, তেওঁৰ ছোৱালীক লৈ গ’লে তেওঁ এখন ভৰিৰে যাবলৈও সন্মত। আনকি তেওঁক ঘূৰাই অনা নহ’লেও যাবলৈ ইচ্ছুক বুলিও দাবী কৰিছে। এলিছাই বিশ্বাস কৰিছে যে, তেওঁক মংগল গ্ৰহলৈ লৈ যোৱা হ’ব। আনকি ২০১৬ চনত ‘টিন ভগ’ আলোচনীৰ সৈতে কথা পাতোঁতে তেওঁ মংগল গ্ৰহলৈ যোৱাৰ পিছত পৃথিৱীলৈ ঘূৰি আহিব বুলি কৈছিল। অৱশ্যে এলিছাৰ পৰিয়ালৰ লোকে ভাবে যে, তেওঁ এতিয়া যাব নোৱাৰিলেও ভৱিষ্যতে মংগল গ্ৰহলৈ যাব।