সংযোগকাৰী হিচাপে নদীসমূহক গুৰুত্ব দিয়া প্ৰয়োজন : বাংলাদেশৰ প্ৰতি ভাৰতীয় উচ্চায়ুক্ত

0 19

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৯ মে’ : সংযোগকাৰী হিচাপে নদীসমূহৰ ভূমিকাক গুৰুত্ব দি ২৮ মে’ শনিবাৰে গুৱাহাটীত ভাৰতৰ উচ্চায়ুক্ত বিক্ৰম দোৰাইস্বামীয়ে কয় যে, নদী ব্যৱস্থাৰ সকলো অৰ্থনৈতিক আৰু ৰাজনৈতিক প্ৰেক্ষাপটৰ লগতে ইয়াৰ ঐতিহাসিক আৰু সাংস্কৃতিক মাত্ৰাসমূহক কেন্দ্ৰ কৰি নীতি প্ৰণয়নৰ বাবে বিবেচনা কৰাটো প্ৰয়োজন। নদীসমূহৰ ওপৰত আলোচনাৰ কেন্দ্ৰবিন্দু ‘জল কূটনীতি’ৰ পৰা ‘জল সহযোগিতা’লৈ স্থানান্তৰিত হ’ব লাগে বুলিও তেওঁ কয়। ‘‘এখন নদীক বিভাজক হিচাপে লোৱা ধাৰণাটো বহুদিনৰ পৰা চলি আহিছে যদিও সংযোগকাৰী হিচাপে নদীৰ ভূমিকা অধিক মৌলিক।’’— দোৰাইস্বামীয়ে কয়। উল্লেখ্য যে ভাৰতীয় উচ্চায়ুক্তজন বাংলাদেশত NADI 3: Asian Confluence River Conclave 2022ৰ অংশ হিচাপে আয়োজিত Rivers of the Bay of Bengal: Connecting the Blue Economy, the Mountain Economy and the Plains Economy শীৰ্ষক এক অধিৱেশনত এইদৰে কয়।  ২৮ মে’ৰ পৰা আৰম্ভ হোৱা দুদিনীয়া কনক্লেভত তেওঁ কয় যে, কেৱল কাৰিকৰী বা ৰাজনৈতিক দৃষ্টিভংগীৰ পৰিৱৰ্তে অধিক সামগ্ৰিক দৃষ্টিভংগীৰ প্ৰয়োজন। জ্যেষ্ঠ কূটনীতিবিদগৰাকীয়ে কয় যে, নদীসমূহৰ প্ৰসংগ আৰু মাত্ৰা বেলেগ বেলেগ আৰু ইয়াক কেন্দ্ৰ কৰি নীতি প্ৰণয়নৰ বাবে এই সকলোবোৰ দিশ বিবেচনা কৰা প্ৰয়োজন। ৰাজনৈতিক প্ৰেক্ষাপটৰ পৰা অৰ্থনৈতিক আৰু ঐতিহাসিক আৰু সাংস্কৃতিক মাত্ৰালৈকে মানৱ জীৱনৰ জীৱিকাৰ ক্ষেত্ৰত নদীৰ ভূমিকালৈকে একক নদী ব্যৱস্থাই বিভিন্ন ভূমিকা পালন কৰে বুলিও তেওঁ কয়। দোৰাইস্বামীয়ে নদী ব্যৱস্থাসমূহক বিভিন্ন অৱবাহিকাত ভাগ কৰি পৃথকে দিশসমূহৰ সৈতে মোকাবিলা নকৰি সম্পূৰ্ণভাৱে পৰিচালনাৰ গুৰুত্বৰ ওপৰতো আলোকপাত কৰে। উল্লেখযোগ্য যে ভাৰত আৰু বাংলাদেশৰ মাজত ৫৪খন উমৈহতীয়া নদী আছে। ভাৰতত বাংলাদেশৰ প্ৰাক্তন উচ্চায়ুক্ত চৈয়দ মুয়াজেম আলীয়ে ২০১৯ চনত কৈছিল যে, খৰালি কালত পানী ভাগ-বতৰা কৰাৰ বিষয়টো এটা গুৰুত্বপূৰ্ণ বিষয় হৈ আহিছে। ২০১১ চনৰ ছেপ্টেম্বৰ মাহত তেতিয়াৰ প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ বাংলাদেশ ভ্ৰমণৰ সময়ত তিস্তা চুক্তি স্বাক্ষৰিত হ’বলগীয়া আছিল যদিও পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে উত্থাপন কৰা আপত্তিৰ বাবে শেষ মুহূৰ্তত স্থগিত ৰখা হৈছিল। তেওঁ এই চুক্তিৰ বিৰোধিতা কৰি কৈছিল যে তেওঁৰ অঞ্চলৰ মানুহে “এটাও টোপাল নাপাব”। বংগ উপসাগৰ আৰু দক্ষিণ-পূব এছিয়া অঞ্চলত সহযোগিতাৰ এক সামূহিক দৃষ্টিভংগী প্ৰকাশ কৰিবলৈ এই কনক্লেভ হৈছে আন্তঃৰাষ্ট্ৰীয় মন্ত্ৰী পৰ্যায়ৰ নদী সন্মিলন। শিলচৰস্থিত থিংক টেংক এছিয়ান কনফ্লুয়েন্সে অসম চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়, এক্ট ইষ্ট পলিচি এফেয়াৰ্ছ বিভাগ, উত্তৰ-পূব পৰিষদ আৰু অন্যান্য অংশীদাৰৰ সহযোগত এই কাৰ্যসূচীৰ তৃতীয় সংস্কৰণ– Natural Allies in Development and Interdependence আয়োজন কৰিছে। আন্তঃৰাষ্ট্ৰীয় সংহত পাৰ্বত্য উন্নয়ন কেন্দ্ৰৰ সঞ্চালক প্ৰধান পেমা গেমটছ’ৱেও সংযোগকাৰী হিচাপে নদীসমূহৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰে। বিশেষকৈ এছিয়াৰ ১০খন প্ৰধান নদী ব্যৱস্থাৰ উৎপত্তি হোৱা হিন্দুকুশ হিমালয় অঞ্চলৰ প্ৰেক্ষাপটত জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ ৰোধ কৰাৰ ওপৰত কাঠমাণ্ডুস্থিত কেন্দ্ৰটোৰ মুৰব্বীগৰাকীয়ে আলোকপাত কৰে। তেওঁ কয়— “জলবায়ু পৰিৱৰ্তন (প্ৰভাৱ) ৰোধ কৰিবলৈ ৰূপান্তৰমূলক পৰিৱৰ্তনৰ প্ৰয়োজন। এই বিশ্বজনীন পৰিঘটনাক মোকাবিলা কৰিবলৈ আঞ্চলিক সহযোগিতাৰ বিকল্প নাই।’’ বাংলাদেশৰ সাংসদ ৰহিম ৰাজাকে নিৰাপত্তাৰ পৰিৱৰ্তিত প্ৰকৃতিৰ ওপৰত আলোচনা কৰে, যিটো এতিয়া প্ৰতিৰক্ষাৰ বিষয়ত সীমাবদ্ধ নহয় বৰঞ্চ খাদ্য, বাণিজ্য আৰু আন্দোলন সুৰক্ষা আদিৰ লগতে অন্যান্য বিষয়কো অন্তৰ্ভুক্ত কৰা হৈছে। BIMSTECৰ মহাসচিব টেনজিন লেখপেলে অৰ্থনৈতিক সহযোগিতাৰ বাবে আঞ্চলিক সংযোগ মুকলি কৰাৰ লগতে অন্যান্য দিশতো সংস্থাটোৰ ভূমিকা সম্পৰ্কে বিশদভাৱে কয়। তেওঁ কয় যে, Bay of Bengal Initiative for Multi-Sectoral Technical and Economic Cooperation-ৰ অধীনত পাহাৰীয়া অৰ্থনীতি প্ৰণয়নৰ বাবে কৰ্মী সমিতি গঠনৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More