সংস্কৃত ভাষাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে ভাস্কৰ বৰ্মা সংস্কৃত ও পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ ব্যাপক তৎপৰতা

তেজপুৰত দহদিনীয়া সম্ভাষণ শিবিৰ উদ্বোধন

0 123

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ ২২ এপ্ৰিল: ভাৰতত সংস্কৃত ভাষাৰ ব্যাপক প্ৰচলন আৰু সংস্কৃত ভাষাৰ শিক্ষাৰে শিক্ষিত কৰি তোলাৰ বাবে কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত ও পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ উদ্যোগত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হৈছে । সেই মহৎ উদ্দেশ্যৰে কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত ও পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ অধীনত তেজপুৰ চহৰৰ সমীপস্থ বাম-পৰ্বতীয়াস্থিত শোণিতপুৰ প্ৰাচ্য বিদ্যালয়ত কালিৰ পৰা দহদিনীয়াকৈ শোণিতপুৰ প্ৰাচ্য বিদ্যালয়ৰ উদ্যোগত সংস্কৃত ভাৰতীৰ সহযোগত সংস্কৃত সম্ভাষণ শিবিৰৰ শুভ উদ্বোধন কৰা হয়। বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি, বিশিষ্ট শিক্ষাবিদ, অৱসৰপ্ৰাপ্ত কৃতী শিক্ষক দ্বিজেন্দ্ৰ নাথ শৰ্মাই বন্তি প্ৰজ্বলনেৰে আৰম্ভ কৰা উক্ত অনুষ্ঠানত সংস্কৃত ভাষাৰ প্ৰয়োজনীয়তা আৰু ইয়াৰ প্ৰচাৰ ও প্ৰসাৰৰ বাবে অতি গুৰুত্বপূৰ্ণ বক্তব্য প্ৰদান কৰে সংস্কৃত ভাৰতীৰ অসম প্ৰান্তৰ অধ্যক্ষ কুমুদ বৰঠাকুৰে। বৰঠাকুৰে সংস্কৃত ভাষাৰ ব্যবহাৰিকতাৰ ওপৰত গুৰুত্ব প্ৰদান কৰি সকলোকে সংস্কৃত ভাষা শিকাৰ বাবে আহ্বান জনায়। শোণিতপুৰ প্ৰাচ্য বিদ্যালয়ৰ প্ৰধান অধ্যাপক বলেন্দ্ৰ নাথ শৰ্মা শাস্ত্ৰীয়ে আঁত ধৰা এই উদ্বোধনী সভাত স্থানীয় সমাজ সেৱক, বিশিষ্ট জ্যেষ্ঠ অধিবক্তা বাসুদেৱ শৰ্মা, দৰং মহাবিদ্যালয়ৰ সংস্কৃত বিভাগৰ শিক্ষক ডঃ ধুন্দিৰাজ উপাধ্যায় আদিয়ে অতি উপযোগী বক্তব্য প্ৰদান কৰে । এই অনুষ্ঠানত শিল্পী পেঞ্চন প্ৰাপ্ত বিশিষ্ট শিল্পী লিখন শৰ্মাৰ লগতে বিদ্যালয়ৰ অধ্যাপক-শিক্ষক বৃন্দ আৰু বহুতো বিশিষ্ট ব্যক্তি উপস্থিত থাকে । এই অনুষ্ঠানত এটি সৰস্বতী বন্দনা পৰিবেশন কৰে সুকণ্ঠৰ অধিকাৰী নীলাংকনা কৌণ্ডিণ্যই।কালিৰ প্ৰথম দিৱসীয় প্ৰশিক্ষণ শিবিৰত স্থানীয় বহুতো ছাত্র-ছাত্ৰীৰ লগতে বিভিন্ন ক্ষেত্ৰত জড়িত কেইবাগৰাকী জ্যেষ্ঠ ব্যক্তি আৰু বিদ্যালয়ৰ কৰ্মকাণ্ড বিভাগৰ ছাত্ৰ সকলে অংশগ্ৰহণ কৰে। এই প্ৰশিক্ষণ শিবিৰত কেন্দ্ৰীয় সংস্কৃত বিশ্ববিদ্যালয়ৰ কাৰ্য্যকৰ্তা তপন ৰাজবংশীয়ে সমল ব্যক্তি হিচাপে অংশ গ্ৰহণ কৰি অতি মনোগ্ৰাহী ৰূপে প্ৰশিক্ষাৰ্থী সকলক সংস্কৃত সম্ভাষণৰ প্ৰশিক্ষণ প্ৰদান কৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More