সকলোৰে বাবে পেঞ্চন সুবিধা কেন্দ্ৰীয় চৰকাৰৰ

৪২ বছৰ পূৰ্বৰ সকলৰ বাবে...

0 43

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২৫ এপ্ৰিলঃ কেন্দ্ৰীয় চৰকাৰে দেশৰ সকলো শ্ৰেণীৰ নাগৰিকৰ বাবে কেইবাখনো বিশেষ আঁচনি প্ৰচলন কৰি আহিছে। আজি এনে এখন আঁচনিৰ কথা আপোনাক জনাব খুজিছো যি আপোনাৰ বাবে লৈ আহিব প্ৰতিমাহে ৫০০০ হেজাৰকৈ টকা। আটাইতকৈ উল্লেখনীয় কথাটো হ’ল যদি আপুনি বিবাহিত তেন্তে আপুনি লাভ কৰিব প্ৰতিমাহে দহ হেজাৰকৈ টকা। আপুনি জানি ভাল পাব যে প্ৰতিমাহৰ এই ধনৰাশি পোনপতীয়াকৈ আপোনাৰ বেংক একাউণ্টত প্ৰদান কৰা হ’ব।

কি এই আঁচনি

এই বিশেষ আঁচনিখনৰ নাম অটল পেঞ্চন আঁচনি। (Atal Pension Scheme)।ইয়াক স্বাৱলম্বী যোজনা হিচাপেও জনা যায়।আঁচনিখন ২০১৫ চনত বাজেট অধিবেশনত বৃত্ত মন্ৰী অৰুণ জেটলীয়ে ঘোষণা কৰিছিল আৰু ২০১৫ চনৰ ৯ মে’ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিছিল।এই আঁচনিয়ে আবেদনকাৰীক প্ৰতিমাহে পেঞ্চন প্ৰদান কৰিব। আঁচনিৰ সুবিধা পতি পত্নী দুয়োৱে ল’ব পাৰে।অটল পেঞ্চন আঁচনি সম্প্ৰতি মোদী চৰকাৰ এক জনপ্ৰিয় আঁচনি হিচাপে বিবেচিত হৈছে। ইয়াৰ জৰিয়তে নাগৰিকক ১০০০ৰ পৰা ৫০০০ পৰ্যন্ত টকা প্ৰতিমাহে প্ৰদান কৰা হ’ব। যদি পতি পত্নী দুয়ো এই যোজনাৰ আবেদনকাৰী হয় তেন্তে ১০,০০০টকাপৰ্যন্ত লাভ কৰিবলৈ সক্ষম হ’ব।পেঞ্চন কোষ নিয়ামক তথা বিকাশ প্ৰধিকৰণৰ মতে পতি পত্নী দুয়োৱে এই আঁচনিৰ অধীনত ৫০০০কৈ টকাৰ পেঞ্চনৰ বাবে আবেদন কৰিব পাৰে।

কেনেকৈ লাভ কৰিব এই সুবিধা

এই আঁচনিৰ সুবিধাৰ বাবে আপুনি প্ৰতিমাহে কিস্তি প্ৰদান কৰিব লাগিব। যদি আবেদনকাৰীৰ বয়স ১৮ বছৰ হয় তেন্তে প্ৰতিমাহে ২১০ টকা, অথবা প্ৰতি তিনিমাহৰ ৬২৬টকা অথবা প্ৰতি বছৰে ১২৩৯ টকা কিস্তি দিব লাগিব।যদি কিবা কাৰণত ৬০ বছৰৰ আগতেই আবেদনকাৰীৰ মৃত্যু হয় তেন্তে তেওঁৰ পত্নীৰ একাউণ্টত আৰু পত্নীৰ মৃত্যুত পতিৰ একাউণ্টত অথবা যদি দুয়োগৰাকী মৃত্যু হয় তেন্তে উল্লেখিত উত্তৰাধিকাৰীৰ একাউণ্টলৈ পেঞ্চনৰ ধনৰাশিৰ হস্তান্তৰ কৰা হ’ব।

আবেদনৰ উদ্ধতম বয়সৰ সীমা

৪২ বছৰ বয়সলৈকে আঁচনিখনৰ বাবে যিকোনো লোকে আবেদন কৰিব পাৰে। কিস্তি আদায়ৰ বাবে মাহেকীয়া, তিনিমহীয়া,ছমহীয়া অথবা বছেৰেকীয়া সময়সীমা আবেদনকাৰীৰ সুবিধা অনুসৰি নিৰ্বাচন কৰি ল’ব পাৰে।আঁচনিখনৰ লাভ ৬০ বছৰৰ পৰা আবেদনকাৰীৰ হাতলৈ আহিব আৰু ৬০ বছৰৰ পিছৰ পৰা আবেদনকাৰীৰ একাউণ্টত প্ৰতিমাহে ৫০০০কৈ টকা জমা হ’ব। আয়কৰ ধাৰা ৮০ চি চি ডি (১বি) অনুসৰি গ্ৰাহকৰ বাবে নিৰ্ধাৰণ হ’ব । বয়সৰ সময়সীমা ১৮ৰপৰা ৪০ বছৰৰ ভিতৰত হোৱা আৰু যিকোনো বেংকত সম্পূৰ্ণ KYCসহ এটা একাউণ্ট থাকিব লাগিব।

আবেদন ক’ত কৰিব লাগে

এজন গ্ৰাহকৰ নামত কেৱল এখন আবেদনহে গ্ৰহণ কৰা হ’ব।যিকোনো বেংকৰ জৰিয়তে এই আঁচনিৰ একাউণ্ট খুলিব পাৰে। একাউণ্ট খোলাৰপৰা পাঁচ বছৰলৈ কিস্তিৰ ধন কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা জমা কৰা হ’ব। APY পেন্সন ব্যৱস্থাৰ বাবে তিনিটা মৌলিক যোগ্যতা থাকিব লাগে। ভাৰতৰ নাগৰিক হ’ব লাগিব,বয়স ১৮ ৰপৰা ৪০ৰ ভিতৰত হ’ব লাগিব আৰু সম্পূর্ণ KYC সহ ন্যূনতম জমাৰাশিৰ সৈতে যিকোনো এটি বেংকত এটাএকাউন্ট থাকিব লাগিব। এজন গ্ৰাহকে ন্যূনতম ২০ বছৰলৈকে কিস্তি পৰিশোধ কৰিব লাগিব । অৱশ্যে এহেজাৰ পৰা পাঁচ হেজাৰ ভিতৰত যিমান টকাৰ পেঞ্চন বিচাৰে সেই পৰিমাণৰ কিস্তিহে পৰিশোধ কৰিব লাগে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More