সকলোৱেই ক’ৰবাত আৰম্ভ কৰে!

0 60
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ৩ জুলাই: তেওঁৰ নাম তৃতীয় উইলিয়াম হেনৰী গেটছ, কিন্তু সেই নামেৰে তেওঁক কোনেও চিনি পোৱা যেন নালাগে। তেওঁক সকলোৱে বিল গেটছ বুলিহে চিনি পায়। এই নামটোৱে সদায়েই উত্তেজনাৰ সৃষ্টি কৰি আহিছে। তেওঁ কৰা অসম্ভৱ কামৰ বাবে সকলো স্তৰৰ মানুহ তেওঁৰ নামেৰে অনুপ্ৰাণিত হয়। শেহতীয়াকৈ বিল গেটছে সম্পূৰ্ণ বেলেগ কাৰণৰ বাবে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। যোৱা ১ জুলাইত ছ’চিয়েল মিডিয়াত তেওঁক লৈ হৈ চৈ লাগিছিল। কাৰণ এটাই— প্ৰায় ৫ দশক পুৰণি বিলৰ বায়’ডাটা চৰ্চালৈ আহিছে! বিল গেটছৰ বায়’ডাটা! কোনে জানিব নিবিচাৰে, কোনে চাব নিবিচাৰে? জনা যায় যে, বিলে হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ প্ৰথম বৰ্ষৰ ছাত্ৰ হৈ থাকোঁতে নিজৰ জীৱনৰ প্ৰথম বায়’ডাটা সৃষ্টি কৰিছিল। তেওঁৰ এক পৃষ্ঠাৰ জীৱনীখনে দেখুৱাইছে যে, তেওঁৰ ছাত্ৰ জীৱন বিভিন্ন সাফল্যত উজ্জ্বল আছিল। বিল গেটছে বায়’ডাটা পোষ্টটো শ্বেয়াৰ কৰি এটা অতি সুন্দৰ মন্তব্য কৰিছিল— ”যদি আপুনি শেহতীয়াকৈ স্নাতক হৈছে, বা কলেজ এৰি গৈছে, মই নিশ্চিত যে আপোনাৰ বায়’ডাটা ৪৬ বছৰৰ আগৰ মোৰ বায়’ডাটাতকৈ বহুত ভাল দেখা যাব!” বিলৰ নিজৰ বায়’ডাটা পোষ্ট এটা পেছাদাৰী নেটৱৰ্কিং চাইটৰ হৈ মন্তব্য— ”প্ৰত্যেকেই ক’ৰবাত আৰম্ভ কৰিব লাগিব”! নক’লেও হয় যে, বিল গেটছ মাইক্ৰ’ছফ্টৰ সহ-প্ৰতিষ্ঠাপক আৰু বিল এণ্ড মেলিণ্ডা গেটছ ফাউণ্ডেশ্যনৰ অন্যতম প্ৰতিষ্ঠাপক।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More