সকলো সময়তে শুই থাকে? হৃদৰোগ হোৱাৰ সম্ভাৱনা বৃদ্ধিৰ শংকা

0 25

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ৬ জুলাই : জীৱনশৈলীৰ প্ৰতি সচেতন নহ’লে নিৰ্দিষ্ট বয়সৰ পিছত হৃদৰোগ হ’ব পাৰে। বিশেষকৈ যদি আপোনাৰ উচ্চ ৰক্তচাপ, ডায়েবেটিছ, কলেষ্টেৰল আছে তেন্তে অধিক সাৱধান হোৱাটো অতি প্ৰয়োজনীয়। জীৱনশৈলী সলনি হোৱা, অত্যধিক ব্যস্ততা, মানসিক চাপ আদিৰ ফলত হৃদৰোগ হ’ব পাৰে। এইবোৰৰ উপৰি হৃদৰোগৰ আন এটা কাৰণ চিনাক্ত কৰা হৈছে। গৱেষণাৰ মতে অত্যধিক টোপনিও হৃদৰোগৰ কাৰণ হ’ব পাৰে। কম টোপনি স্বাস্থ্যৰ বাবে বেয়া। চিকিৎসকৰ মতে, এজন প্ৰাপ্তবয়স্কৰ শৰীৰটো সুস্থ কৰি ৰাখিবলৈ ৭-৮ ঘণ্টা টোপনিৰ প্ৰয়োজন হয়। পৰ্যাপ্ত পৰিমাণে টোপনি নোযোৱাৰ ফলত বিভিন্ন ধৰণৰ শাৰীৰিক সমস্যাৰ সৃষ্টি হ’ব পাৰে। কম টোপনি যেনেকৈ অস্বাস্থ্যকৰ, অতিৰিক্ত টোপনিও শৰীৰৰ বাবে উপকাৰী নহয়। ইউৰোপিয়ান হাৰ্ট জাৰ্নেলত প্ৰকাশিত এক গৱেষণাৰ মতে অত্যধিক টোপনিয়ে স্বাস্থ্যৰ ওপৰত ক্ষতিকাৰক প্ৰভাৱ পেলায়। গৱেষণাৰ পৰা দেখা গৈছে যে, দিনটোত ৮ ঘণ্টাৰো অধিক সময় শুই থকা লোকসকলৰ মধ্যবয়সৰ পৰা অধিক হৃদযন্ত্ৰৰ সমস্যা হয়। বহু দিন ৮ ঘণ্টাতকৈ অধিক সময় শুই থাকিলে হৃদযন্ত্ৰৰ ক্ষতি হ’ব পাৰে। ৮ ঘণ্টাতকৈ অধিক সময় শুই থকা লোকসকলৰ হৃদৰোগ হোৱাৰ সম্ভাৱনা পাঁচ শতাংশ বৃদ্ধি পায়।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More