সদগুৰুৱে দেখুওৱা পথেৰে আহিছে সফলতা !

'ছেভ ছইল' প্ৰজেক্টৰ ৫০ দিন

0 28
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২২ মে’ : ৫২ শতাংশ কৃষিভূমি ইতিমধ্যেই ক্ষয়প্রাপ্ত হৈছে গোটেই বিশ্বজুৰি। বিশ্বৰ মাটি সংকটৰ দিশত। সেয়ে জৰুৰী মনোযোগৰ প্রয়োজন। সেই প্রয়োজনৰ কথা সমুখত ৰাখি আৰম্ভ হৈছে সদগুৰুৱে দেখুওৱা পথেৰে Save Soil প্রজেক্ট। বিগত ৫০ দিনত সদগুৰুৱে ইউৰোপৰ অধিকাংশ, মধ্য এছিয়াৰ কিছু অংশৰ লগতে মধ্যপ্রাচ্যৰ মাজেদি যাত্রা কৰিছে। নানা সচেতনতামূলক প্রচাৰৰ মাধ্যমেৰে বুজাইছে মাটি সংৰক্ষণৰ প্রয়োজনীয়তাৰ কথা। সদগুৰুৱে জনাইছে— “মাটি আমাৰ সম্পত্তি নহয়, এয়া হৈছে এক উত্তৰাধিকাৰ যি আমালৈ আহিছে পূর্বৱর্তী প্রজন্মৰ পৰা। আমিও ইয়াক জীৱন্ত মাটি হিচাবে ভবিষ্যৎ প্রজন্মৰ হাতত অৰ্পণ কৰিব লাগিব।” উল্লেখ্য যে, সদগুৰুৱে ইতিমধ্যে বার্মিংহাম, লণ্ডন, হেগ, আমষ্টাৰডাম, বার্লিন, প্রাগ, ভিয়েনা, লুব্লজানা, ৰোম, জেনেভা, পেৰিছ, ব্রাচেলছ, কোলন, ফ্রেঙ্কফুর্ট, ব্রাতিস্লাভা, বুদাপেষ্ট, বেলগ্রেড, ছোফিয়া, বুখাৰেষ্ট, ইষ্টানম্বুল, তিবিলিচি, বাকুত পৰিভ্ৰমণ কৰিছে।1653201499933 তেওঁৰ এই পথত পৰিছে আম্মান, তেল আবিব, ৰিয়াদ আৰু মানামাও। বর্তমান সদগুৰু আছে ডুবাইত। জনা গৈছে যে, সদগুৰু মে’ মাহৰ শেষত ভাৰতত উপস্থিত হ’ব আৰু ২১ জুন পর্যন্ত দেশজুৰি ভ্রমণ কৰিব। উল্লেখ্য যে, ইউনাইটেড নেচনছ কনভেনচন টু কমবেট ডেজার্টফিকেচন বা ইউএনচিচিডি (UNCCD)-ৰ পূর্বাভাস অনুযায়ী, বর্তমানৰ হাৰত ভূমিক্ষয় হৈ থাকিলে, পৃথিৱীৰ সম্পূর্ণ মাটি বিলুপ্ত হৈ যাব পাৰে। ৰাষ্ট্রসংঘৰ খাদ্য আৰু কৃষি সংস্থা বা এফএঅ’ (FAO)-ৰ অনুমান— আগন্তুক ৬০ বছৰৰ ভিতৰত পৃথিৱীৰ সমস্ত ওপৰৰ স্তৰৰ মৃত্তিকা বিলুপ্ত হৈ যাব পাৰে। বৰ্তমান হাৰত জনসংখ্যা বাঢ়ি থাকিলে অদূৰ ভৱিষ্যতে খাদ্য আৰু পানীৰ সংকটে দেখা দিব পাৰে। এই অৱস্থাত ছেভ ছইল মুভমেন্টৰ মাধ্যমেৰে বিশ্বৰ সমস্ত দেশত ভূমিক্ষয়ৰোধী পদক্ষেপৰ বিষয়ে সচেতন কৰিব বিচাৰিছে সদগুৰুৱে। সেই লক্ষ্যৰেই লণ্ডনৰ আইকনিক ট্রাফালগাৰ স্কোৱাৰত তেওঁ মটৰচাইকেল ৰেলি কৰে। ছেভ ছইলৰ পতাকা লৈ ত্ৰিছ হাজাৰ কিলোমিটাৰ ধৰি একক মটৰচাইকেল যাত্রা কৰা হয়। সদগুৰুৱে পূৰ্বেই জনাইছিল যে, এই আন্দোলনৰ অংশ হিচাবে তেওঁ ১০০ দিন যুক্তৰাজ্য, ইউৰোপ আৰু মধ্যপ্রাচ্যৰ ২৭খন দেশজুৰি ৩০,০০০ কিলোমিটাৰৰ একক মটৰচাইকেল যাত্রাত ওলোৱাৰ পৰিকল্পনা কৰিছে। এই যাত্রাৰ সময়ত তেওঁ বিশ্বৰ বিভিন্ন ৰাষ্ট্রনেতাসকলৰ লগত, বিভিন্ন দেশৰ সংবাদ মাধ্যমৰ লগত আৰু এই দেশবোৰৰ নেতৃস্থানীয় বিশেষজ্ঞসকলৰ লগত ভূমি ৰক্ষাৰ বিষয়ে সমন্বিত পদক্ষেপৰ প্রয়োজনীয়তাৰ ওপৰত আলোচনা কৰিব। এই যাত্রা শেষ হ’ব কাবেৰী নদীৰ অববাহিকাত, য’ত সদগুৰুৱে ‘কাবেৰী কলিং’ প্রকল্প আৰম্ভ কৰিছে। ৰাষ্ট্রসংঘ আৰু বিভিন্ন আন্তর্জাতিক পৰিৱেশ সংক্রান্তীয় সংস্থাই তেওঁৰ এই উদ্যোগক সমর্থন কৰিছে। ইয়াৰ পূৰ্বে সদগুৰুৰ নেতৃত্বত মাটি বচাও আন্দোলনত যোগ দিয়ে ৬খন কেৰিবিয়ান দেশে। এন্টিগুৱা আৰু বাৰবুডা, ডমিনিকা, ছেইন্ট লুচিয়া, ছেইন্ট কিটচ এণ্ড নেভি, গায়েনা আৰু বার্বাডোজ— এই ছয় দেশেই নিজ নিজ দেশৰ মাটি সংৰক্ষণৰ বাবে ইশা ফাউণ্ডেচনৰ প্রতিষ্ঠাতা সদগুৰুৰ নেতৃত্বেত Save Soil Movement বা ‘মাটি বাচাও আন্দোলন’ত অংশগ্রহণৰ প্রতিশ্রুতি দি বুজাবুজি চুক্তি বা MOU স্বাক্ষৰ কৰে। ভূমিক্ষয় ৰোধ কৰিবলৈ আৰু দীর্ঘম্যাদী খাদ্য আৰু পানীৰ নিৰাপত্তা নিশ্চিত কৰিবলৈ প্রত্যেকখন দেশেই দৃঢ় পদক্ষেপ গ্ৰহণ কৰাৰ প্রতিশ্রুতি দিছ।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More