সদৌ অসম পথ চাইকেলিং:শোণিতপুৰ জিলা দল ঘোষণা

0 29

শতাব্দ প্ৰতিনিধি তেজপুৰ ,১৫অক্টোবৰ: অহা ১৭অক্টোবৰৰ পৰা দুদিনীয়াকৈ উত্তৰ লখিমপুৰৰ বাইপাছ ৰ’ডত অনুষ্ঠিত হ’ব লগীয়া তৃতীয় বাৰ্ষিক সদৌ অসম ৰাজ্যিক পথ চাইকেলিং চেম্পিয়নশ্বিপত অংশ ল’ব শোণিতপুৰ দলে৷শোণিতপুৰ জিলা চাইকেলিং সন্হাই ইতিমধ্যে কাইলৈ প্ৰতিযোগিতাখনৰ বাবে দল প্ৰেৰণ কৰিব৷জিলা দলটোৰ বাবে ইতিমধ্যে মিছ দৃষ্টি বৰা,ৰূপশিখা সাহা,পৰিশ্মিতা বৈশ্য,দীপজ্যোতি ডেকা, নিৰূপম তামুলী, উদীপ্ত বৰা আৰু জয় সাহাক নিৰ্বাচিত কৰিছে৷দলটোৰ স’তে শোণিতপুৰ জিলা চাইকেলিং সন্হাৰ সভানেত্ৰী ললিতা বৰাই কাইলৈ তেজপুৰৰ পৰা প্ৰতিযোগিতাখনলৈ যাত্ৰা কৰিব৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More