সদৌ অসম ভিত্তিক সংগীত প্ৰতিযোগিতাৰ শুভাৰম্ভ

তেজপুৰত অশ্ৰুসিক্ত নয়নেৰে স্মৰণ হেমন্ত কুমাৰ বৰুৱাক

0 17

 “শোণিতপুৰ শিল্পী সমাজ” ২১ সংখ্যক হেমন্ত কুমাৰ বৰুৱা সোঁৱৰণী বাৰ্ষিক সাংস্কৃতিক – সাহিত্য প্ৰতিযোগিতাৰ প্ৰথম দিনটোতে স্মৰণ প্ৰতিষ্ঠা কালৰ কাণ্ডাৰী গৰাকীক

শোণিতপুৰ শিল্পী সমাজৰ প্ৰয়াত বিষয়ববীয়াক স্মৃতি তৰ্পনেৰে সোঁৱৰণ

হেমন্ত কুমাৰ বৰুৱাৰ সহধৰ্মিনী হিমাদ্ৰী বৰুৱাই শুভাৰম্ভ কৰিলে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

সাংস্কৃতিক দায়ৱদ্ধতাৰে তেজপুৰত যাউতিযুগীয়া অনুষ্ঠান হৈ ৰ’ব শোণিতপুৰ শিল্পী সমাজ – – পৃথ্বিৰাজ ৰাভা

শতাব্দ প্ৰতিনিধি তেজপুৰ , ৯ জুলাই : সমগ্ৰ তেজপুৰবাসীৰ লগতে ৰাজ্যখনৰে অতি জনপ্ৰিয়, বহুমুখী প্ৰতিভাধৰ হেমন্ত কুমাৰ বৰুৱাক আজি পুৱাই তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰ প্ৰাংগনত অশ্ৰুসিক্ত নয়নেৰে স্মৰণ কৰিলে তেজপুৰৰ সকলো শ্ৰেণীৰ ৰাইজে। উল্লেখ্য যে, প্ৰয়াত হেমন্ত কুমাৰ বৰুৱাৰ আত্মাৰ অনুষ্ঠান শোণিতপুৰ শিল্পী সমাজৰ ২১ সংখ্যক হেমন্ত কুমাৰ বৰুৱা সোঁৱৰণী বাৰ্ষিক প্ৰতিযোগিতাৰ আজিৰ প্ৰথম দিনটোত হেমন্ত কুমাৰ বৰুৱাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান শুভাৰম্ভ কৰে সহধৰ্মিনী হিমাদ্ৰী বৰুৱাই।তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভা, শোণিতপুৰ শিল্পী সমাজৰ সভাপতি বীৰেন্দ্ৰ কুমাৰ বৰা,কাৰ্যকৰী সভাপতি ৰঞ্জিত শইকীয়া, সাধাৰণ সম্পাদক জয়ন্ত কাকতি, সম্পাদক ভূপেন বৰুৱা,পল্লৱ ভট্টাচাৰ্য্য, প্ৰাক্তন বিষয়ববীয়া দ্বীজেন নাথ, উৎপল নাথ , সত্যদেৱ শৰ্মা, বাণ থিয়েটাৰৰ সাধাৰণ পৰিচালক ভূপেন শৰ্মা আদিয়েও শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা অনুষ্ঠানটিৰ আগতে বাণ থিয়েটাৰ প্ৰাংগনত শোণিতপুৰ শিল্পী সমাজৰ প্ৰয়াত বিষয়ববীয়া সকলৰ স্মৃতি তৰ্পন সম্পন্ন হয়। শিল্পী সমাজৰ প্ৰয়াত বিষয়ববীয়া মোহিনী গোস্বামী, কুশ গোস্বামী, প্ৰাক্তন সভাপতি সুভাষ বৰা, কমল শইকীয়া, চুমন মহন্ত, হীৰেন মহন্ত, বসন্ত শৰ্মা, বসন্ত বৰুৱা, নৰেন্দ্ৰ দেৱ গোস্বামী, যোচেফ মাথিঅ, খগেন ভট্টাচাৰ্য, অতনু বৰুৱা, আৰু কৃষাংকু বৰুৱাৰ সোঁৱৰণত স্মৃতি তৰ্পন অনুষ্ঠান শুভাৰম্ভ কৰে তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভাই ।
স্মৃতি তৰ্পনৰ এই অনুষ্ঠানতো শোণিতপুৰ শিল্পী সমাজৰ বিষয়ববীয়া, বাণ থিয়েটাৰৰ বিষয়ববীয়া, তেজপুৰ সাহিত্য সভাৰ বিষয়ববীয়া আৰু শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়নৰ পুলক কুমাৰ ডেকা, অসম নাট্য সন্মিলনৰ তেজপুৰ শাখাৰ সম্পাদক জিন্টু বৰঠাকুৰ, মহাদেৱ শৰ্মা শাখা সাহিত্য সভাৰ সত্যদেৱ শৰ্মা আদিয়ে অংশ গ্ৰহণ কৰাৰ পিছত উদ্বোধনী ভাষণত বিধায়ক পৃথ্বিৰাজ ৰাভাই শোণিতপুৰ শিল্পী সমাজে দীৰ্ঘদিন ধৰি তেজপুৰত এক সুস্থ সামাজিক সাংস্কৃতিক পৰিৱেশৰ সৃষ্টি কৰাই নহয় বহু শিল্পীক জন্ম দিবলৈ সক্ষম হৈছে বুলি মন্তব্য কৰে। শোণিতপুৰ শিল্পী সমাজৰ প্ৰতিষ্ঠা কালৰ অন্যতম কাণ্ডাৰী বন্ধু হেমন্ত কুমাৰ বৰুৱাক স্মৰণ কৰি বিধায়ক পৃথ্বিৰাজ ৰাভাই আৰম্ভণিৰ পৰাই শোণিতপুৰ শিল্পী সমাজে সামাজিক দায়বদ্ধতাৰ পৰিচয় দাঙি ধৰি এই অনুষ্ঠানৰ জৰিয়তে উঠি অহা প্ৰজন্মক নিজৰ প্ৰতিভা বিকাশৰ পথ প্ৰশস্ত কৰি তুলিবলৈ সক্ষম হৈছে বুলি কয়। অনুষ্ঠানটিয়ে অদ্যাপি সামাজিক দায়বদ্ধতাৰে নিজৰ কৰ্ম সূচী হাতত লৈ আগবাঢ়ি আহিছে বাবেই এই অনুষ্ঠানটি তেজপুৰৰ যাউতিযুগীয়া অনুষ্ঠান হিচাপে পৰিগণিত হ’ব বুলি মন্তব্য কৰে ।

আনহাতে শোণিতপুৰ শিল্পী সমাজৰ সভাপতি বীৰেন্দ্ৰ কুমাৰ বৰাই হেমন্ত কুমাৰ বৰুৱাৰ অবৰ্তমানত এই বাৰ্ষিক প্ৰতিযোগিতা প্ৰথমবাৰৰ বাবে আয়োজন কৰি সকলোৰে অন্তৰ সেমেকি উঠিছে বুলি কৈ আজিৰ পৰা আৰম্ভ হোৱা সদৌ অসম ভিত্তিক সংগীত প্ৰতিযোগিতা বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে। উল্লেখ্য যে আজি প্ৰথম দিনটোত জনপ্ৰিয় কন্ঠশিল্পী ঋতু বিকাশ, বিশিষ্ট কন্ঠশিল্পী বনদীপা শইকীয়া হাজৰিকা আৰু কন্ঠশিল্পী ৰূপাঞ্জলী মহন্তই বিচাৰকৰ আসন অলংকৃত কৰাৰ পিছত আৰম্ভ হয় সদৌ অসম ভিত্তিক বনগীত আৰু পাৰ্বতি প্ৰসাদ বৰুৱাৰ গীতৰ প্ৰতিযোগিতা।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More