সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ বিভিন্ন সাহিত্য প্ৰতিযোগিতাৰ ফলাফল ঘোষণা

মাজুলী, ধেমাজি আৰু দৰং জিলালৈ শ্ৰেষ্ঠ জিলাৰ বঁটা

0 62

গৌৰীপুৰ, যোৰহাট আৰু মৰাণ শাখালৈ শ্ৰেষ্ঠ শাখাৰ স্বীকৃতি

শতাব্দ প্ৰতিনিধি তেজপুৰ , ১৮ ছেপ্টেম্বৰ : মাজুলী জিলা, ধেমাজি জিলা আৰু দৰং জিলাক শ্ৰেষ্ঠ জিলা হিচাপে ঘোষণা কৰিছে সদৌ অসম লেখিকা সমাৰোহ সমিতিয়ে। একেদৰে ধুবুৰী জিলাৰ গৌৰীপুৰ শাখা, যোৰহাট জিলাৰ যোৰহাট শাখা আৰু শিৱসাগৰ জিলাৰ মৰাণ শাখাক বিগত বৰ্ষৰ শ্ৰেষ্ঠ শাখা হিচাপে ঘোষণা কৰিছে। উল্লেখ্য যে, সদৌ অসম লেখিকা সমাৰোহ সমিতিয়ে জিলা আৰু শাখা সমূহৰ কাম-কাজৰ পাৰদৰ্শিতা বিচাৰ কৰি শ্ৰেষ্ঠ জিলা আৰু শ্ৰেষ্ঠ শাখাক পাৰদৰ্শিতাৰ প্ৰমাণ পত্র প্ৰদান কৰি অহাৰ পিছত এইবাৰো প্ৰদান কৰাৰ পূৰ্বে শ্ৰেষ্ঠ জিলা আৰু শ্ৰেষ্ঠ শাখাৰ নাম সমূহ ঘোষণা কৰাৰ লগতে ২০২০-২০২২ বৰ্ষৰ সাহিত্য প্ৰতিযোগিতাৰ ফলাফল ঘোষণা কৰিছে। সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী ড° চাৰু চহৰীয়া নাথ আৰু প্ৰধান সম্পাদিকা ড° থুনু কলিতাই এই সন্দৰ্ভত প্ৰেৰণ কৰা এক বিবৃতিত উল্লেখ কৰা অনুসৰি পুন্যপ্ৰভা ৰাজখোৱা স্মৃতি উপন্যাস প্ৰতিযোগিতাত গহপুৰৰ কবিতা শইকীয়া ৰাজখোৱাই “ইয়াচি গামিনী” শীৰ্ষক উপন্যাসৰ বাবে প্ৰথম স্থান, গুৱাহাটীৰ বিজয়া দুৱৰাই “অনাহুতা” শীৰ্ষক উপন্যাসৰ বাবে দ্বিতীয় স্হান আৰু গুৱাহাটীৰে মিনাক্ষী বৰুৱাই “অদিতি ফুকন” শীৰ্ষক উপন্যাসৰ বাবে তৃতীয় স্থান লাভ কৰিছে। সেইদৰে পুষ্পলতা বৰঠাকুৰ স্মৃতি অনুবাদ গল্প প্ৰতিযোগিতাত যোৰহাটৰ অৰুণিমা দত্তই “মৃত্যুভোজ” শীৰ্ষক গল্পৰ বাবে প্ৰথম স্হান, গোলাঘাটৰ ৰশ্মিৰেখা বৰা হাজৰিকাই “চেলভি” শীৰ্ষক গল্পৰ বাবে দ্বিতীয় স্হান আৰু গুৱাহাটীৰ দক্ষিণ শৰণীয়াৰ ইলা শৰ্মাই “হৃদয়ৰ পৰিৱৰ্তন” শীৰ্ষক গল্পৰ বাবে তৃতীয় স্হান লাভ কৰে। ৰাণী দেৱী স্মৃতি বিজ্ঞান ভিত্তিক শিশু গ্ৰন্থ সংকলন প্ৰতিযোগিতাত নিউ গুৱাহাটী নুনমাটিৰ অঞ্জনা দত্তই “দীপুৰ প্ৰাৰ্থনা” শীৰ্ষক গ্ৰন্থৰ বাবে প্ৰথম স্হান, গোলাঘাট দেৰগাঁৱৰ প্লাবিতা বাঢ়ৈ বৰুৱাই “সৰাপাত” শীৰ্ষক গ্ৰন্থৰ বাবে দ্বিতীয় স্হান আৰু যোৰহাটৰ সন্ধ্যাৰাণী বেজবৰুৱাই “আমাৰ মন” শীৰ্ষক গ্ৰন্থৰ বাবে তৃতীয় স্থান লাভ কৰে। একেদৰে কাকলি নেওগ স্মৃতি খুহুতীয়া কবিতা প্ৰতিযোগিতাত উত্তৰ লখিমপুৰৰ যজ্ঞেশ্বৰী বৰা হাজৰিকাই “আঁচনি” শীৰ্ষক কবিতাৰ বাবে প্ৰথম স্থান, ধুবুৰী গোলোকগঞ্জৰ দিপীকা দাস সৰকাৰে “কিনো কলিকাল আহিল হে ৰাম ৰাম” শীৰ্ষক কবিতাৰ বাবে দ্বিতীয় স্হান আৰু উত্তৰ লখিমপুৰৰ ৰিণি বৰা শইকীয়াই “আধুনিকা নাৰী” শীৰ্ষক কবিতাৰ বাবে তৃতীয় স্থান লাভ কৰে। স্বৰ্ণলতা হাজৰিকা স্মৃতি প্ৰবন্ধ সংকলন প্ৰতিযোগিতাত গুৱাহাটী আজাৰাৰ বিজুলী দাসে “বিজ্ঞান বিশ্ব” সংকলনৰ বাবে প্ৰথম স্থান, গোলাঘাটৰ জ্যোতি কুমাৰী শৰ্মা বৰঠাকুৰে “জ্ঞানৰ পৰা বোধলৈ” শীৰ্ষক সংকলনৰ বাবে দ্বিতীয় স্হান আৰু উত্তৰ লখিমপুৰৰ মিনা ফুকন হাজৰিকা আৰু দীপাঞ্জলী দত্তই ক্ৰমে – “প্ৰবন্ধ পৰিক্ৰমা” আৰু “অনুভূতিৰ অনুৰণন” শীৰ্ষক সংকলনৰ বাবে যুটীয়া ভাবে তৃতীয় স্থান লাভ কৰে। সেইদৰে “সাবিত্ৰী বৰগোহাঁই স্মৃতি গল্প সংকলন প্ৰতিযোগিতাত “সোণাৰু ফুলৰ মালিতা “শীৰ্ষক গল্প সংকলনৰ বাবে মণিৰূপা মিশ্ৰই প্ৰথম স্থান,” বৰষুণ ভাল পোৱা ছোৱালীজনী”ৰ বাবে বৰ্ণালী দত্ত বৰাই দ্বিতীয় স্থান আৰু “মন আকাশৰ বিচিত্ৰ ৰং “শীৰ্ষক গ্ৰন্থৰ বাবে মঞ্জু কটকীয়ে তৃতীয় স্থান লাভ কৰে। যমুনেশ্বৰ খাটনিয়াৰ স্মৃতি একক কবিতা প্ৰতিযোগিতাত গুৱাহাটীৰ চচল শাখাৰ সান্ত্বনা দাস বৰ্মণে “পালেং” শীৰ্ষক কবিতাৰ বাবে প্ৰথম স্থান, ঢকুৱাখানাৰ অপৰাজিতা বুঢ়াগোহাঁয়ে “শিলৰ পুৰাতন কাহিনী “শীৰ্ষক কবিতাৰ বাবে দ্বিতীয় স্হান আৰু সোণাৰীৰ প্ৰীতিমা চাংমাইয়ে “শূন্যতাৰ দুৰত্ব” শীৰ্ষক কবিতাৰ বাবে তৃতীয় স্থান লাভ কৰে। মুক্তলতা দেৱী কবিতা সংকলন প্ৰতিযোগিতাত ঢকুৱাখনাৰ মৌচুমী হাতীবৰুৱাই “পানীৰ আত্মকথা” শীৰ্ষক সংকলনৰ বাবে প্ৰথম স্থান, বিশ্বনাথ চাৰিআলিৰ মাতু হাজৰিকাই “মৰ চেঁওৰা” শীৰ্ষক সংকলনৰ বাবে দ্বিতীয় স্হান আৰু বৰপেটাৰ তৃষ্ণা লহকৰে “এখন চহৰৰ সাধুকথা” শীৰ্ষক সংকলনৰ বাবে তৃতীয় স্থান লাভ কৰে। নিৰু বৰুৱা স্মৃতি শিশু সাহিত্য প্ৰতিযোগিতাত “ঢোল বায় ক’ত “শীৰ্ষক কবিতাৰ বাবে হিৰণ্যময়ী বৰুৱাই প্ৰথম স্থান, জাগীৰোডৰ তুমণি গোস্বামী আৰু জাজী শিৱসাগৰৰ অদিতি খাউণ্ডে যুটীয়া ভাবে দ্বিতীয় স্থান আৰু বোকাখাটৰ হেমা চৌধুৰী গগৈ, শিখামণি গগৈয়ে যুটীয়া ভাবে তৃতীয় স্থান লাভ কৰে। সেইদৰে বিজু ডেকা সোঁৱৰণী ভ্ৰমণ কাহিনী সাহিত্য প্ৰতিযোগিতাত নতুন দিল্লীৰ শৰ্মিষ্ঠা বৰ্মণে “মোৰ ভ্ৰমণ ডায়েৰী” শীৰ্ষক গ্ৰন্থৰ বাবে প্ৰথম স্থান, ডিব্ৰুগড়ৰ আৰাধনা দত্তই “যাত্ৰা সপ্তক” শীৰ্ষক গ্ৰন্থৰ বাবে দ্বিতীয় স্হান আৰু ডিব্ৰুগড় চাবুৱাৰ ৰূপা গগৈয়ে “ভ্ৰমণৰ মিঠা সোঁৱৰণ” শীৰ্ষক গ্ৰন্থৰ বাবে তৃতীয় স্থান লাভ কৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More