সন্তানক নীতি শিক্ষাৰ প্ৰয়োজন কিয়
বিমল বৰগোহাঁই
সাম্প্ৰতিক সময়ত আমাৰ প্ৰায় ভাগ ছাত্ৰ-ছাত্ৰী আৰু নৱ প্ৰজন্মৰ যুৱক-যুৱতীৰ মাজত শিষ্টাচাৰ, নিয়মানুৱৰ্তিতা, মানৱীয় প্ৰমূল্যবোধ ইত্যাদি কথাবোৰৰ অভাৱ দেখা যায়। সততে কোৱা হয় আজিৰ ছাত্র কাইলৈ দেশৰ এগৰাকী সু-নাগৰিক। এই কথাষাৰৰ নিশ্চয় তাৎপৰ্য আছে। আমি প্ৰতি গৰাকী পিতৃ-মাতৃ, অভিভাৱক তথা শিক্ষক-শিক্ষয়িত্ৰী সকলোৱে নিজৰ সন্তান বা ছাত্ৰ-ছাত্ৰী সকলে ভালদৰে পঢ়া শুনা কৰি সমাজৰ একো একো গৰাকী নামজ্বলা আৰু প্রতিষ্ঠিত ব্যক্তি হওঁক তাকে কামনা কৰোঁ। আমাৰ অসমীয়াত এষাৰ কথা আছে যে “যি মূলা বাঢ়িব তাৰ দুপাততে চিন”। অৰ্থাৎ অংকুৰিত হোৱা মূলা আগলৈ ভাল হ’ব নে নহয়, তাৰ চিন সৰুতেই পোৱা যায়। যিটো মূলা পুলি ভাল হব, সি দুপতীয়াকৈ লহপহকৈ ধুনীয়াকৈ বাঢ়িব; যিটো কেৰুণীয়া হব, সি দুপতিয়াতে মেমেৰা হব। ঠিক সেইদৰে এগৰাকী ছাত্র বা ছাত্ৰীৰ ভৱিষ্যৎ কেনেকুৱা হব, সেই কথা তেওঁলোকৰ শৈশৱৰ পৰা গঢ় লৈ উঠা কাম-কাজ,কথা-বতৰা, স্বভাৱ-চৰিত্ৰ, ব্যৱহাৰ, নিয়মানুৱৰ্তিতা আদি গুণবোৰৰ পৰা সহজে অনুমান কৰিব পাৰি। আজি কালি প্ৰায়ে অভিযোগ শুনিবলৈ পোৱা যায় যে নৱ প্রজন্মৰ যুৱক-যুৱতী সকলে জ্যেষ্ঠজনক সন্মান কৰিব নাজানে। ইয়াৰ উপৰিও কিছুমান ছাত্ৰই তেওঁলোকৰ শিক্ষা গুৰুকে বেয়া ব্যৱহাৰ বা অপমান কৰাৰ অভিযোগ শুনিবলৈ পোৱা যায়। কেতিয়াবা কেতিয়াবা শিক্ষকক শাৰিৰীক ভাৱে অপদস্ত কৰাৰ ঘটনাও ঘটে। গতিকে, এনে ঘটনাবোৰৰ পৰা হাত সাৰিবলৈ হলে শিক্ষক আৰু অভিভাৱক সকলে ছাত্ৰ-ছাত্ৰী সকলক নীতি শিক্ষা প্ৰদান কৰাটো বা এই শিক্ষা আয়ত্ব কৰিবলৈ তেওঁলোকক আগবঢ়াই দিয়াটো খুবেই প্ৰয়োজন। গতিকে, এক সু-শৃখংলাবদ্ধ জীৱন ও এগৰাকী সু-নাগৰিক হিচাবে উজ্জ্বলিত হবলৈ হলে আমি সৰুৰে পৰাই আমাৰ সন্তানসকলক তেনে শিক্ষা প্ৰদান কৰি তেওঁলোকৰ চাৰিত্ৰিক দিশৰ সঠিক বিকাশৰ লগতে মানসিকভাৱে পৰিপক্ব কৰি তুলিব লাগিব। এই ক্ষেত্ৰত আমাৰ শ্ৰদ্ধাৰ শিক্ষক শিক্ষয়িত্ৰী সকলৰ যথেষ্ট কৰণীয় আছে বুলি মই ভাবোঁ। যিহেতু, ছাত্র-ছাত্ৰীসকলে বেছিভাগ সময় বিদ্যালয়তেই অতিবাহিত কৰে। আমাৰ ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতিও “মিছাইল মেন” হিচাবে পৰিচিত ডক্টৰ এ. পি.জে আব্দুল কালাম মহোদয়ে তেওঁৰ এখন গ্ৰন্থ “INDOMITABLE SPIRIT”ৰ এটা লিখনি “ENLIGHTENED CITIZENSHIP” ত গুণগত মানদণ্ডৰ শিক্ষাৰ লগতে নীতি শাস্ত্ৰ বা নীতিসন্মত শিক্ষাৰ কথা উল্লেখ কৰিছে। তেখেতে কৈছিল, “School provides the most important environment where the character gets shaped as children between the age of five to seventeen years spend almost 25,000 hours in school.” এই কথাশাৰীৰ পৰা আমি সকলোৱে সহজে অনুমান কৰিব পাৰো যে বিদ্যালয়ত পঢ়ি থকা সময়ত শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীৰ মাজত কেনেদৰে এক নিবিড় সম্পৰ্ক গঢ় লৈ উঠে। সেয়েহে, পিতৃ-মাতৃকৈ আমাৰ সন্তানসকলে সিহঁতৰ শিক্ষাগুৰু সকলক খুব বেছিকৈ গুৰুত্ব দিয়ে আৰু তেখেত সকলে দিয়া জ্ঞান বা শিক্ষা আয়ত্ব কৰিবলৈ বিনা দ্বিধাই মানি লয়। গতিকে, এজন ছাত্র বা ছাত্ৰীক সঠিকভাৱে বাট দেখুৱাই নিয়াত, পিতৃ-মাতৃ বা অভিভাৱক সকলতকৈ শিক্ষকসকলৰ গুৰুত্ব এইক্ষেত্ৰত যথেষ্ট বেছি। অৱশ্যে, সেই বুলি আমি পিতৃ-মাতৃ সকলেও কিন্তু নিজৰ সন্তান সকলৰ প্ৰতি অমনোযোগিতা দেখুৱালে নহব। পাঠ্যপুথি শিক্ষাৰ ওপৰত জ্ঞান দিব নোৱাৰিলেও আমি অভিভাৱক সকলে কিছু নীতি শিক্ষা দিয়াটো খুবেই প্ৰয়োজন। আমি প্ৰায়েই দেখিবলৈ পাওঁ যে বেছিভাগ অভিভাৱকে নিজ নিজ সন্তানক বেয়াটো নকৰিবলৈ বা নীতি শিক্ষাৰ জ্ঞান লবলৈ কোৱা শুনা যায়। অন্যহাতে, ইয়াৰ বেছিভাগ অভিভাৱকে কিন্তু নিজে নীতি শিক্ষাক জলাঞ্জলি দি বহু অসমাজিক কামত লিপ্ত হোৱা যায়। গতিকে, এনে অভিভাৱকৰ সন্তান সকলে নীতিশিক্ষাক আঁকোৱালি লবনে, তেওঁলোকেও অভিভাৱকৰ পদাংক অনুকৰণ কৰিব! আজিকালি প্ৰায়েই দেখা যায় আমাৰ একাংশ ছাত্র-ছাত্ৰীয়ে ড্ৰাগছ আৰু অন্যান্য ৰাগীয়াল দ্ৰব্য সেৱন কৰাৰ লগতে বিভিন্ন অসমাজিক আৰু অপৰাধমূলক কাৰ্যত লিপ্ত হোৱাৰ খবৰ পোৱা যায়। বোধকৰো উচিত নীতিশিক্ষাৰ অভাৱৰ বাবেই, এই ছাত্র-ছাত্ৰী সকলে পথভ্ৰষ্ট হৈ তেনে অসৎ কামত লিপ্ত হবলৈ বাধ্য হৈছে। আমি যেতিয়া বিদ্যালয়ত পঢ়িছিলো, তেতিয়া আমাৰ পাঠতপুথিত “চৰিত্ৰ পাঠ” বুলি এখন কিতাপ আছিল। সেই পাঠ গ্ৰহণ কৰাটো আমাৰ সকলোৰে বাবে বাধ্যতামূলক আছিল। আমাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰু সকলে যেতিয়া শ্রেণীকোঠাত সেই চৰিত্ৰ পাঠৰ সাৰমৰ্মৰ বিষয়ে কৈছিল, তেতিয়া আমাৰ শ্ৰেণীৰ প্ৰতিগৰাকী ছাত্র-ছাত্ৰীয়ে বৰ মনোযোগোৰে কথাখিনি শুনিছিলো আৰু তেতিয়াৰ পৰাই আমি সেই চৰিত্ৰ পাঠৰ প্ৰতিটো উপদেশ বা নীতি শিক্ষা লগতে মূল্যবোধ, সহানুভূতি, নিয়মানুৱৰ্তিতা, শিষ্টাচাৰ, কৃতজ্ঞতা আদি গুণবোৰৰ বিষয়ে মন আৰু মগজুত ভৰাই লৈ ফুৰিছো। আজিকালি বিদ্যালয়ৰ বোৰত সেই বিষয়ে তেনে কোনো পাঠ প্ৰদান কৰা নহয় বুলি গম পাইছোঁ। আমাৰ নৱ-প্ৰজন্নৰ ছাত্র-ছাত্ৰী সকলৰ সেই বিষয়ে সম্যক জ্ঞান নাথাকিব পাৰে। গতিকে, তেওঁলোকে কেতিয়াবা কেতিয়াবা অজানিতে কিছুমান ভুল কৰি পেলায় বা অপৰাধ কাৰ্যত লিপ্ত হোৱা দেখা যায়। আচলতে, তেওঁলোকৰ বিবেকে কোনটো শুদ্ধ কোনটো অশুদ্ধ, কোনটো নীতিগত বা কোনটো নীতিগত নহয়, কোনটো বৈধ কোনটো অবৈধ সেই কথাখিনি ভালদৰে হৃদয়ঙ্গম কৰিব নোৱাৰে। সেয়েহে, আমি যদি সৰুৰে পৰাই তেনে শিক্ষাৰে শিক্ষিত কৰি আমাৰ সন্তানসকলক কিছু সংস্কাৰ দিবলৈ প্ৰয়াস কৰোঁ, তেন্তে নিশ্চয় আমাৰ সন্তান সকলে কিবা এটা বেয়া কাম বা অসামাজিক কামত লিপ্ত হবলৈ হাজাৰ বাৰ চিন্তা কৰিব। গতিকে, ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক, মানসিক আৰু বৌদ্ধিক বিকাশ হবলৈ হলে শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে আমাৰ অভিভাৱকসকলৰো এক গুৰু দায়িত্ব আছে বুলি মই ব্যক্তিগত ভাবে অনুভৱ কৰোঁ। এটা, সৰু কাহিনীৰে কথাটো স্পষ্টকৈ বুজাব বিচাৰিছোঁ। এবাৰ এটা গভাইত চোৰৰ অপৰাধ সমূহ প্ৰমাণিত হোৱাত ন্যায়াধীশে তাৰ শাস্তি ঘোষণা কৰি সুধিলে,”তোমাৰ কিবা কবলগীয়া আছে নেকি?” তেতিয়া সি কলে “মহোদয় মোৰ যদি শাস্তি হয়, তেন্তে মোৰ মা-দেউতাকো শাস্তি দিব লাগিব।” ন্যায়াধীশ গৰাকী আচৰিত হৈ তাক পুনৰ প্রশ্ন কৰিলে,” তোমাৰ অপৰাধৰ বাবে তোমাৰ মা-দেউতাই কিয় শাস্তি পাব?” ন্যায়াধীশৰ প্ৰশ্নত সি যিখিনি কথা কলে, ন্যায়াধীশৰ লগতে আদালতত উপস্থিত থকা সকলো লোকৰে দৃষ্টি আকৰ্ষণ কৰিলে। চোৰটোৱে কলে,” মহোদয়, বিদ্যালয়ত পঢ়ি থাকোতেই মই এদিন লগৰ লৰা এজনৰ পৰা মনে মনে কলম এটা লৈ আহিছিলো আৰু মাক-দেউতাকক সেই বিষয়ে জনাইছিলো। কিন্তু, তেনেকৈ মনে মনে যে আনৰ বস্তু অনাটো বেয়া কাম সেই কথা তেওঁলোকে মোক নকলে। গতিকে, মই তেনেদৰেই লগৰীয়াৰ পৰা মনে মনে যি কোনো বস্তু আনিবলৈ ধৰিলো আৰু মোৰ মা-দেউতাই কেতিয়াও সেইবোৰ যে বেয়া কাম আৰু তেনে কাম কৰিবলৈ মোক কেতিয়াও বাধা প্ৰদান নকৰিলে। গতিকে, মই লাহে লাহে এটা গভাইত চোৰলৈ ৰূপান্তৰিত হলো। মোক যদি মা-দেউতাই সেইসময়তেই সেইবোৰ কামত বাধা প্ৰদান কৰিলহেঁতেন, তেন্তে মই আজি ইয়ালৈ আহিব লগা নহলহেঁতেন। গতিকে, মই যিমান জগৰীয়া মোৰ মা-দেউতাও সমানেই জগৰীয়া। সেয়েহে, তেওঁলোকেও শাস্তি পোৱাটো যোগ্য।” চোৰটোৰ যুক্তিপূৰ্ণ কথাত ন্যায়াধীশৰ লগতে উপস্থিত সকলোৰে মুখৰ যেন মাত হৰিল। কাঁহ পৰি জীন যোৱা এটা পৰিৱেশৰ সৃষ্টি হল। এই কাহিনীটোৰ পৰা আমি এইটোৱেই বুজিলো যে নীতি শিক্ষাৰ গুৰুত্ব কিমান বেছি সেই কথা আমি মৰ্মে মৰ্মে উপলব্ধি কৰা উচিত। গতিকে, নীতি শিক্ষাৰ অভাৱৰ বাবেই যে আমাৰ ছাত্ৰ-ছাত্ৰীৰ চাৰিত্ৰিক তথা ব্যৱহাৰ, স্বভাৱ আদিত পৰিবর্তন আহিব ধৰিছে, সেইটো খাটাং। আমি সকলোৱে জানো যে এটা কেইবা খলপীয়া উচ্চ অট্টালিকা বনাবলৈ হলে যিদৰে তাৰ আধাৰটো মজবুত হোৱাটো খুবেই দৰকাৰ, ঠিক তেনেদৰে এজন ছাত্ৰ বা ছাত্ৰীৰ ভৱিষ্যত ৰ শৈক্ষিক, মানসিক, বৌদ্ধিক বিকাশৰ বাবেও প্ৰাথমিক স্তৰৰ পৰাই শিক্ষাৰ আধাৰ মজবুত কৰিব লাগিব। সেয়েহে, সৰুৰে পৰাই যদি আমি আমাৰ সন্তানক নীতি শিক্ষাৰ লগতে গুণগত শিক্ষাৰ চানেকিৰ নিদৰ্শনৰে জ্ঞান দিব পাৰো, তেন্তে নিশ্চয়কৈ আমাৰ সন্তানসকল উচ্চ শিক্ষাৰে শিক্ষিত হৈ যুগ যুগ ধৰি জিলিকি থকা ইজিপ্তৰ পিৰামিডৰ দৰে জিলিকি থাকিবলৈ সক্ষম হব লগতে মানৱীয় প্ৰমূল্যবোধৰ গুণেৰে সমৃদ্ধিশালী হৈ তেওঁলোক প্ৰত্যেকেই একো একো জন সু-নাগৰিক হৈ আমাৰ সমাজলৈ সেৱা আগবঢ়াই যে কোনো কুণ্ঠাবোধ নকৰিব, সেয়া মোৰ দৃঢ় বিশ্বাস। গতিকে, আমাৰ মৰমৰ ছাত্ৰ-ছাত্ৰী সকলেও এই কথাখিনি ভালদৰে উপলব্ধি কৰি এক সংকল্প লৈ নিজকে প্ৰতিষ্ঠা কৰিবলৈ আগবাঢ়ি যোৱা উচিত। শেষত ডক্টৰ এ. পি.জে আব্দুল কালাম ডাঙৰীয়াৰ ভাল লগা এটি উক্তিৰে কওঁ, ” The purpose of education is to make good human being with skill and expertise. Enlightened human beings can be created by teachers.”
ঠিকনাঃ বৰবিল নং ২ ডিগবৈ, তিনচুকীয়া ফোন নং:৯৪৩৫০৩৫১৭৭