সন্দেহজনক চৰাইৰ প্ৰৱেশ পাকিস্তান সীমান্তৰে

গুপ্তচৰৰ সন্দেহ ভাৰতীয় চোৰাংচোৱাৰ

0 30
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ৫ জুন : ভাৰত-পাকিস্তান সীমান্তৱর্তী এলেকাত এটা পৰিভ্ৰমী চৰাই উদ্ধাৰক ঘেৰি চাঞ্চল্য বিয়পিছে। জনা গৈছে যে, চৰাইটো পাকিস্তানৰ সীমান্ত অতিক্ৰমি ভাৰতত প্রৱেশ কৰিছে। পৰিভ্ৰমী চৰাইটো ‘গুপ্তচৰ’ হ’ব পাৰে, এই সন্দেহত ইতিমধ্যেই তদন্ত আৰম্ভ কৰিছে বর্ডাৰ ছিকিউৰিটি ফৰ্চে। স্থানীয় সূত্রৰ পৰা জনা গৈছে যে, বাৰমেৰ আৰু জয়চালমেৰ সংলগ্ন ‘বিষ্ণু কি ধানি’ গাঁৱৰ বাসিন্দাসকলে এই পৰিভ্ৰমী চৰাইটো সীমান্ত অতিক্ৰমি উৰি অহা দেখা পাইছিল। এই চৰাইটো ধৰি বিএছএফৰ ৮৭ বেটালিয়নৰ হাতত তুলি দিয়ে গাঁওবাসীয়ে। পৰিভ্ৰমী চৰাইটোক এছিয়াটিক হুবাৰা বুলি চিহ্নিত কৰা হৈছে। সূত্রৰ খবৰমতে, চৰাইটোৰ সোঁফালৰ ঠেঙত এলুমিনিয়ামৰ আঙুঠি-সহ আৰু দুটা ধাতৱ আঙুঠি লগোৱা আছিল। বাওঁ ঠেঙত সেউজীয়া প্লাস্টিকৰ আঙুঠি লগোৱা আছিল। এই আঙুঠিবোৰত বহুকেইটা চিহ্ন আৰু সংখ্যা খোদাই কৰা আছিল বুলি সেনা সূত্রে জানিব পৰা গৈছে। তদুপৰি এই চৰাইটোৰ নখতো ‘সংযুক্ত আৰৱ আমিৰাত’ লেখা এটা কাপোৰৰ টুকুৰা পোৱা গৈছে। ইতিমধ্যেই এই আঙুঠি আৰু কাপোৰৰ টুকুৰা পৰীক্ষা নিৰীক্ষা কৰা আৰম্ভ কৰিছে বিএছএফে। প্রসঙ্গত উল্লেখ কৰা হয় যে, যোৱা বছৰো পঞ্জাৱৰ ভাৰত-পাকিস্তান সীমান্তৱর্তী এলেকাত বগা-ক’লা ৰঙৰ এটা পাৰ উদ্ধাৰ কৰা হৈছিল। ৰোৰানৱালাত কর্তব্যৰত এজন কনিষ্টবলৰ কান্ধত আহি বহিছিল এই পাৰটো। আঠা দি মেৰিওৱা বগা কাগজো পাৰটোৰ ঠেঙৰ পৰা উদ্ধাৰ কৰা হৈছিল। এই পাৰটোকো পাক গুপ্তচৰ বুলি অনুমান কৰা হৈছিল।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More