সন্মিলিত গণশক্তিক বৰ্জনৰ সিদ্ধান্ত জোনাই প্ৰেছ ক্লাৱৰ

ৰাজু মেদকৰ সাংবাদিকক অশুভনীয় মন্তব্যঃ ক্ষমা খোজাৰ দাবী

0 35

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১১ আগষ্টঃ জোনাই প্ৰেছ ক্লাৱৰ গুৰুত্বপূৰ্ণ সভা এখন আজি ঙাচাৰচুক উকোমত অনুষ্ঠিত হয়। সভাত সন্মিলিত গণশক্তি অসমৰ জোনাই ব্লক সমিতিৰ সভাপতি ৰাজু মেদকে এক ৰাজহুৱা সভাত সাংবাদিকক অশুভনীয় মন্তব্য কৰা সন্দৰ্ভত গুৰুত্ব সহকাৰে আলোচনা কৰা হয়। উল্লেখ্য যে যোৱা ৮ আগষ্টত জোনাইৰ বেৰাচাপৰিত সন্মিলিত গণশক্তি অসমৰ জোনাই ব্লক কমিটিৰ উদ্যোগত এখন ৰাজহুৱা সভাত সভাপতিৰ আসনৰ পৰা সন্মিলিত গণশক্তি অসম দলৰ জোনাই ব্লকৰ সভাপতি তথা মিচিং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য ৰাজু মেদকে সাংবাদিকক অশুভনীয় মন্তব্য কৰে। উল্লেখ্য যে জোনাইৰ বৃহত্তৰ বেৰাচাপৰি অঞ্চলৰ সুৰক্ষাৰ বাবে লালি নদীৰ পাৰত জলসম্পদ বিভাগ আৰু ঠিকাদাৰে মিলি বালিৰে নিম্নমানেৰে নিৰ্মাণ কৰা কোটি টকীয়া মথাউৰিৰ দুৰ্নীতিৰ বাতৰি সাংবাদিকসকলে ধাৰাবাহিকভাৱে পৰিবেশন কৰি আহিছে। এই সময়তে সন্মিলিত গণশক্তি অসম দলৰ জোনাই ব্লকৰ সভাপতি তথা মিচিং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য ৰাজু মেদকে সাংবাদিকক অশুভনীয় মন্তব্য কৰাক লৈ জোনাই প্ৰেছ ক্লাৱে তীব্ৰ গৰিহণা দিয়ে। সভাই উক্ত অশুভনীয় মন্তব্যৰ বাবে সন্মিলিত গণশক্তি অসম দলৰ জোনাই ব্লকৰ সভাপতি তথা মিচিং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য ৰাজু মেদকক ক্ষমা খোজাৰ দাবী জনায়। তদুপৰি সভাই ক্ষমা নোখোজা পৰ্যন্ত জোনাই প্ৰেছ ক্লাৱে সন্মিলিত গণশক্তি অসম দলক বৰ্জন কৰি দলৰ বাতৰি পৰিবেশনৰ পৰা বিৰত থকাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় বুলি জোনাই প্ৰেছ ক্লাৱৰ সভাপতি/ সম্পাদকে সদৰী কৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More