সফলতাৰ আন এক অধ্যায়ত ইছৰ’

সফল বছৰৰ দ্বিতীয়টো পি এছ এল ভি মিছন

0 18

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১ জুলাই : ৩০ জুন বৃহস্পতিবাৰে অন্ধ্ৰ প্ৰদেশৰ শ্ৰীহাৰিকোটাৰ সতীশ ধৱন মহাকাশ কেন্দ্ৰৰ পৰা ইছৰ’ই তিনিটা উপগ্ৰহ প্ৰেৰণ কৰে। এই তিনিটা উপগ্ৰহ PSLV-C53ৰ পৰা উৎক্ষেপণ কৰা হয়। আৰু লগে লগেই ভাৰতৰ মহাকাশ গৱেষণা কেন্দ্ৰই লাভ কৰে এক নতুন সফলতা। উল্লেখ্য যে, উৎক্ষেপণ কৰা এই তিনিওটা উপগ্ৰহ ছিংগাপুৰৰ। এই পদক্ষেপ ইছৰ’ৰ ‘কমাৰ্চিয়েল আৰ্ম’ৰ অংশ। এইবাৰৰ সতে দ্বিতীয়বাৰলৈ ইছৰ’ই এনে বাণিজ্যিক অভিযানত অংশ লৈছে। উৎক্ষেপণ কৰা উপগ্ৰহসমূহৰ ভিতৰত দুটা হৈছে কোৰিয়াত নিৰ্মিত ছিংগাপুৰৰ উপগ্ৰহ। আনটো ছিংগাপুৰৰ নানয়াং টেকন’লজিকেল ইউনিভাৰ্চিটিত নিৰ্মাণ কৰা হৈছিল। এই অভিযানৰ লগত আছে পি এছ এল ভি কক্ষপথ পৰীক্ষামূলক মডিউল। যিটো এটা নিৰ্দিষ্ট মঞ্চৰ পৰা পৃথিৱীৰ চাৰিওফালে ঘূৰিব। প্ৰসংগক্ৰমে ডি এছ-ই অ’ত ইলেক্ট্ৰ’-অপ্টিক মাল্টি-স্পেকট্ৰেল পেলোড আছে। ছাত্ৰ উপগ্ৰহৰ শৃংখলাৰ ভিতৰত প্ৰথমটো SCOOB-I উপগ্ৰহ। ইয়াৰ উপৰি আছে NeuSAR উপগ্ৰহ। উল্লেখযোগ্য যে এইবাৰ ইছৰ’ই দ্বিতীয়টো পিএছএলভি উপগ্ৰহ উৎক্ষেপণৰ পথত ভৰি দিছিল আৰু প্ৰথমটোৰ পিছত দ্বিতীয়টো অভিযানত ভাৰতীয় মহাকাশ গৱেষণা কেন্দ্ৰটো সফল হৈছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More