সভ্যতাৰ সংকট! বাহৰেইনৰ সমুদ্ৰ পুতি বেদখল

0 19

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৬ ছেপ্টেম্বৰ : পাৰস্য উপসাগৰত ক্ৰমান্বয়ে বেদখল চলিছে। বাহৰেইন দ্বীপৰ আকাৰ বৃদ্ধি পাইছে। ১৯৮০ চনত বসতি স্থাপন কৰা এই দ্বীপটো ২০২২ চনত সম্পূৰ্ণৰূপে সলনি হৈছে। ইউনিভাৰ্চিটি অৱ নৰ্থ কেৰ’লিনা উইলমিংটনৰ ভৌতিক ভূগোলবিদ ইমান ঘোনেইমে কয় যে বাহৰেইনত জনসংখ্যা বৃদ্ধি পাইছে। ফলত নগৰায়ন জাঁপ মাৰি বাঢ়িছে। মাটিৰ অভাৱ হৈছে। ফলত বাহৰেইনৰ পাৰ ক্ৰমান্বয়ে বৃদ্ধি পাইছে। ৩৫ বছৰৰ ভিতৰত এই পৰিৱৰ্তন ঘটিছে। লেণ্ডছেট ৫ত থমেটিক মেপাৰে ১৯৮৭ চনৰ ১৭ আগষ্টত বাহৰেইনৰ এখন ফটো তুলিছিল। পুনৰ ২০২২ চনৰ ১৭ আগষ্টত লেণ্ডছেট ৮ত থকা অপাৰেচনেল লেণ্ড ইমেজাৰে (OLI) বাহৰেইনৰ এখন ফটো তোলে। আৰু এই দুখন ফটোতেই স্পষ্ট হৈছে বাহৰেইনৰ নগৰায়নৰ পৰিৱৰ্তনৰ স্পষ্ট ছবি। নগৰায়নৰ কু-অভ্যাসবোৰক লৈ মানুহ বহুদিনৰ পৰাই চিন্তিত হৈ আহিছে। বৃদ্ধি পোৱা চহৰসমূহক লৈয়ো পৰিৱেশবিদসকল চিন্তিত। বহু ঠাইত পুখুৰী, জলাহভূমি পুতি অট্টালিকা নিৰ্মাণ কৰা হৈছে। গছ-গছনি কাটিবলগা হৈছে। সেউজীয়া কমি আহিছে। প্ৰদূষণ বাঢ়িছে। মুঠতে দশক দশক ধৰি নগৰায়নৰ ভয়াৱহতাত মানুহ স্তম্ভিত হৈছে আৰু বিতৃষ্ণাত ভুগি আহিছে। কিন্তু বাহৰেইনত যি ঘটিল সেয়া আৰু অধিক মৰ্মান্তিক। পুখুৰী নহয় সাগৰ পুতি বাহৰেইনত বৃদ্ধি পাইছে চহৰ। সাগৰবিজ্ঞানী জন বাৰ্টৰ গৱেষণা অনুসৰি বাহৰেইনৰ মুঠ ভূমিৰ ১১ শতাংশই হৈছে ‘পুনৰুদ্ধাৰ কৰা ভূমি’। তেওঁ কয় যে বাহৰেইনৰ বিষয়টো এতিয়া ইমান চিন্তাৰ বিষয় হৈ পৰা নাই, কিন্তু বিষয়টো চোৱাৰ প্ৰয়োজন আছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More