“সমদল”ৰ পশ্চিম তেজপুৰ সাহিত্য উৎসৱ আৰু গ্ৰন্থমেলাৰ সামৰণি

"কথোপকথন" আৰু "সৃষ্টিৰ আৱহ কথকতা" শীৰ্ষক অনুষ্ঠানেৰে হ'ল জীপাল 

0 20
শতাব্দ ষ্টাফ ৰিপটাৰ তেজপুৰ, ২৭ মাৰ্চ : তেজপুৰৰ অন্যতম সাহিত্য, সাংস্কৃতিক অনুষ্ঠান “সমদল”ৰ উদ্যোগত যোৱা ২৪ তাৰিখৰ পৰা তিনিদিনীয়াকৈ তেজপুৰ বিহগুৰিৰ কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মা ভৱনত আয়োজিত প্ৰথম বাৰ্ষিক পশ্চিম তেজপুৰ সাহিত্য উৎসৱ আৰু গ্ৰন্থমেলা কালি সামৰণি পৰে। এই তিনিদিনীয়া কাৰ্যসূচীৰ অন্যতম “কথোপকথন” আৰু “সৃষ্টিৰ আৱহ কথকতা” শীৰ্ষক অনুষ্ঠানত শোণিতপুৰ জিলা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক, কবি মৃদুল কুমাৰ চহৰীয়াৰ এখন কাব্য গ্ৰন্থ উন্মোচন কৰে সাহিত্য অকাডেমি বঁটা প্ৰাপক বিশিষ্ট কবি জ্ঞান পূজাৰীয়ে। কাব্য গ্ৰন্থ খন উন্মোচন কৰি কবি গৰাকীয়ে নতুন সকলৰ ওপৰত অগ্ৰজ কবিৰ প্ৰভাৱৰ লগতে নিজৰ সৃষ্টি সম্পৰ্কে অৱগত কৰে । আন এগৰাকী প্ৰগতিশীল কবি দিলীপ ফুকনৰ কেতবোৰ প্ৰশ্নৰ উত্তৰ দি কবি জ্ঞান পূজাৰীয়ে কবিতা চৰ্চাৰ পৰিবেশ, নাটকৰ লগতে নতুনৰ কাব্য চর্চা সম্পৰ্কে মনোজ্ঞ আলোচনা দাঙি ধৰি আপোন ভাষাটোৰ প্ৰতি সকলো দায়ৱদ্ধ হ’ব লাগিব বুলি মতপোষণ কৰে।  কবি পূজাৰীৰ লগতে  বিশিষ্ট কবি দিলীপ ফুকন, জীৱন নৰহ, সৌৰভ শইকীয়া, বিশিষ্ট সমালোচক, ঔপন্যাসিক ড° মৃদুল শৰ্মা আৰু কবি সিদ্ধাৰ্থ  শংকৰ কলিতাই কাব্য গ্রন্থ খন উন্মোচন কৰে আৰু “সৃষ্টিৰ আৱহ কথকতা ‘” শীৰ্ষক অনুষ্ঠানত উপস্থিত থাকি আটাই কেইগৰাকী কবিয়ে সাম্প্ৰতিক কবিতাৰ ওপৰত আলোচনা কৰাৰ লগতে কবি জীৱন নৰহে জনগোষ্ঠীয় বা লোক কবিতাৰ অনুবাদ আৰু সংগ্ৰহৰ ওপৰত বিস্তৃত ব্যাখ্যা আগবঢ়ায়। জনপ্ৰিয় কবি সৌৰভ শইকীয়াই কেইবাটাও স্বৰচিত কবিতা পাঠেৰে সকলোকে আপ্লুত কৰে। তিনিদিনীয়াকৈ আয়োজিত এই সাহিত্য উৎসৱত প্ৰথম দিনৰ কাৰ্যসূচীত অংশ গ্ৰহণ কৰে বিশিষ্ট শিক্ষাবিদ ড° যোগেন কলিতা, ডঃ জ্যোতিকমল হাজৰিকা, সাহিত্য অকাডেমি অনুবাদ বঁটা প্ৰাপক চন্দ্ৰমণি উপাধ্যায়ে। অনুষ্ঠানৰ বিভিন্ন কাৰ্যসূচীত ৰাজ্যখনৰ কেইবাগৰাকী বিশিষ্ট সাহিত্যিক ক্ৰমে – ড° স্বাধীনতা মহন্ত, কবি-চিত্ৰশিল্পী সমুদ্ৰ কাজল শইকীয়া, অসম সাহিত্য সভাৰ সদ্য বিদায়ী সম্পাদক যাদৱ চন্দ্ৰ শৰ্মা, বিশিষ্ট অভিনেত্ৰী ডাঃ জাহানাৰা বেগম, গল্পকাৰ নিলোৎপল বৰুৱা, কবি প্ৰণৱ বৰ্মন সহ হৰ্ষবৰ্ধন, কিশোৰ বড়ো, নিকু দুৱৰা আদিকে ধৰি  বৰছলা সমষ্টিৰ বিধায়ক গণেশ লিম্বু মুকলি সভাত অংশ গ্ৰহণ কৰে। গ্ৰন্থমেলাত ৰাজ্যখনৰ সম্ভ্রান্ত প্ৰকাশক বৰ্ণ, শংকৰদেৱ প্ৰকাশনে অংশগ্ৰহণ কৰে । অনুষ্ঠানত কবি ৰঞ্জন কুমাৰ মহন্ত, দক্ষিণা দেৱী গজুৰেলৰ কাব্যগ্ৰন্থকে ধৰি অন্যান্য বিষয়ৰ আৰু পাঁচ খনকৈ গ্ৰন্থ উন্মোচন কৰা হয় ।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More