সমাজকল্যাণ বিভাগত কৃপাত এখন চামুচৰ মূল্য ১৬৫টকা

অংগনৱাডী কেন্দ্ৰত সামগ্ৰী যোগানৰ নামত সমাজকল্যাণ বিভাগত ভয়ানক দুৰ্নীতিৰ অভিযোগ

0 33

শতাব্দ প্ৰতিনিধি তেজপুৰ,১৬আগষ্ট: মুকলি বজাৰত যিবিধ চামুচৰ একডজনৰ মূল্য ৫০টকা সেই একেই চামুচ মাত্ৰ এখনৰে মূল্য ১৬৫টকা৷ ৰাজ্য চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ যোগানিয়াৰৰ বজাৰত ষ্টিলৰ এনে চামুচৰ মূল্য ইমান৷ চকুমুদি এই আচৰিত মূল্যত সামগ্ৰী যোগানৰ অনুমোদন জনাইছে অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগে৷ শেহতীয়াকৈ আৰ টি আই কৰ্মীয়ে লাভ কৰা সমাজকল্যাণ বিভাগৰ তথ্যত প্ৰকাশ পাইছে এনে তথ্য ৷বিগত দুটা বছৰে একাংশ ঠিকাদাৰ যোগনিয়াৰে সমাজকল্যাণ বিভাগৰ কৃপাত এনে আজৱ মূল্যৰ বিনিময়তে ৰাজ্যখনৰ অংগনবাড়ী কেন্দ্ৰসমূহত যোগান ধৰিছে কোটি কোটি টকাৰ বিনিময়ত বিভিন্ন সামগ্ৰী৷ কন্টেনাৰ, চামুচ, কেৰাহী, প্লেট, বস্ত্ৰ আদি এইদৰে যোগানৰ নামত সংঘটিত হোৱা দুৰ্নীতিয়ে দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতা প্ৰদৰ্শন কৰা ৰাজ্য চৰকাৰৰ সদিচ্ছাকলৈয়ো সম্প্ৰতি প্ৰশ্ন উত্থাপিত হৈছে৷ উল্লেখযোগ্য যে,২০১৯-২০আৰু ২০২০-২১ত সংঘটিত হোৱা সমাজকল্যাণ বিভাগৰ এই কেলেংকাৰিৰ সন্দৰ্ভত আজি তেজপুৰত এক সংবাদমেলত তথ্য সহকাৰে প্ৰকাশ কৰিছে আৰ টি আই কৰ্মী দিলীপ নাথে৷ আজি নাথে তেজপুৰত এক সংবাদমেলত প্ৰকাশ কৰে যে,ৰাজ্যৰ সমাজকল্যাণ বিভাগৰ একাংশ বৰমূৰীয়াৰ জ্ঞাতসাৰেই সামগ্ৰী যোগানৰ নামত সংঘটিত হৈছে ভয়ানক দুৰ্নীতি৷ তথ্যজনাৰ অধিকাৰ আইনৰ অধীনত নাথে লাভ কৰা তথ্যই সৰ্বসাধাৰণৰ চকু কঁপালত তুলিব বুলি উল্লেখ কৰি তেওঁ কয় যে,খুচুৰা বজাৰত সাত টকীয়া ষ্টিল চামুচখন যোগান ধৰা হৈছে এখনত ১৬৫টকা হিচাপত৷ উল্লেখযোগ্য যে, এই চামুচখনৰ মূল্য এখন প্লেটতকৈ অধিক৷ অৱশ্যে প্লেট যোগানৰ নামতো যোগনিয়াৰে সংঘটিত কৰিছে একেই দুৰ্নীতি৷ যিখন ১০ইঞ্চি বহল ষ্টীল প্লেট যোগানৰ ঠিকা সমাজকল্যাণ বিভাগে আবন্টন দিছিল,তেনে একোখন প্লেট বজাৰত ২০-৩০টকাৰ ভিতৰত উপলব্ধ য’দিও যোগানিয়াৰ এনে একোখন প্লেট যোগান ধৰিছে ১১০টকাত৷ আচৰিতভাবে সমাজকল্যাণ বিভাগৰ কোনো বৰমুৰীয়াৰ এনে আজৱ মূল্য আকৌ চকুতেই নপৰিল৷ উল্লেখযোগ্য যে,সমাজকল্যাণ বিভাগে গুৱাহাটীৰ এইচ আৰ এন্টাৰপ্ৰাইজ,অমৰেন্দ্ৰ নাথ শৰ্মা, কুষাণ চৌধুৰী, শ্ৰীসিদ্ধ মংগলম আৰু এছ বি এন্টাৰপ্ৰাইজক ৰাজ্যৰ অংগনবাড়ী কেন্দ্ৰ সমূহত বিভিন্ন সামগ্ৰী যোগানৰ ঠিকা ২০১৯-২০আৰু ২০২০-২১ত আবন্টন দিয়াৰ বিষয়ে সংবাদমেলত প্ৰকাশ কৰি আৰটিআই কৰ্মী নাথে কয় যে,ইয়াৰে ভিতৰত এইচ আৰ এন্টাৰপ্ৰাইজে প্লাষ্টিকৰ ঢাকনি যুক্ত ৪০কিলোগ্ৰামৰ কন্টেনাৰ ১০হেজাৰ ৭১৩টা কেন্দ্ৰত আৰু একেই সংখ্যক কেন্দ্ৰত ৫০কিলোগ্ৰামৰ কন্টেইনাৰ শোণিতপুৰত ১২০২টা, দৰঙত ৫৬৭টা, লখিমপুৰত ২৩০৫টা, গোলাঘাটত ৬৮৩টা, যোৰহাটত ৬১০টা, শিৱসাগৰত ২১০টা, ডিব্ৰুগড়ত ৩৮০টা, তিনিচুকীয়াত ৫৭০টা, বঙাইগাঁৱত৪১টা, নগাঁৱত ১৩৩২টা, মৰিগাঁৱত ৮৭৭টা, গোৱালপাৰাত ২৩২টা, কামৰূপ মহানগৰত ৪৭৭টা, কামৰূপ গ্ৰাম্যত ৬২৯টা, নলবাৰীত ৫৯৮টাসহ মুঠ তিনি কোটি ৫১লাখ ৩৮হেজাৰ ৬৪০টকাৰ প্লাষ্টিক কন্টেনাৰ যোগান ধৰিছিল৷ উল্লেখযোগ্য যে এই কন্টেনাৰ সমূহৰ ভিতৰত ৪০কিলোগ্ৰামৰ এটা কন্টেনাৰৰ মূল্য ১৫৯০টকা আৰু ৫০কিলোগ্ৰামৰ কন্টেনাৰৰ মূল্য ১৬৯০টকা কৈ আদায় দিয়া হয়৷ নাথে কয় যে,কিন্তু আটাইতকৈ উৎকৃষ্ট মানদণ্ডৰ কন্টেনাৰৰ মূল্যও বজাৰত ইয়াৰ আধাও নহয়৷ নাথে সংবাদমেলত কয় যে,একেদৰেই কুষান চৌধুৰীয়ে কাছাৰৰ ২৪৫১টা কেন্দ্ৰত এনে দুইবিধ কন্টেনাৰ যোগান ধৰাৰ বিপৰীতে ৮০,৩৯২৮০টকা, শ্ৰীসিদ্ধ মংগলমে কৰিমগঞ্জত ৩৪৭টা, ওদালগুৰিত ৭১টা, ধেমাজিত ১০২১টা আৰু বাকছাৰ ৩৮০ টা কেন্দ্ৰ সহ মুঠ ১৮১৯টা অংগনৱাডী কেন্দ্ৰত ৫৯,৬৬২২০টকাৰ কন্টেনাৰ যোগান ধৰে৷ তদুপৰি,অমৰেন্দ্ৰ নাথ শৰ্মাই হাইলাকান্দিত ৬৮২টা, বৰপেটাত ৫২০টা সহ মুঠ ১২০২টা কেন্দ্ৰত এনে কন্টেনাৰ যোগান ধৰি আদায় কৰে ৩৯ লাখ ৪২হেজাৰ ৫৬টকা৷ ইপিনে, এছ বি এন্টাৰপ্ৰাইজে কামৰূপ, কৰিমগঞ্জ, লখিমপুৰ, মৰিগাঁও, নগাঁও, হোজাই, নলবাৰী, শিৱসাগৰ, বিশ্বনাথ, শোণিতপুৰ আৰু তিনিচুকীয়াৰ মুঠ ২৬০২৯টা কেন্দ্ৰত এনে দুবিধ ৫২০৫৮টা কন্টেনাৰ যোগান ধৰি মোকলাই নিয়ে ৮,৫৩,৭৫১২০টকা৷ এই যোগানিয়াৰ সকলে ৰাজ্যৰ সৰ্বমুঠ ৬৮২৪৩টা অংগনবাড়ী কেন্দ্ৰত ৪০আৰু ৫০কিলোগ্ৰামৰ কন্টেনাৰ যোগানৰ বিপৰীতে সমাজকল্যাণ বিভাগৰ পৰা মুঠ ১৩কোটি ৮৪লাখ ৬১হেজাৰ ৮২০টকা মোকলাই নিয়াৰ উপৰি এলুমিনিয়াম চচপেন, প্লেট, চামুচ আদিকে ধৰি বিভিন্ন সামগ্ৰী যোগানৰ নামত বজাৰ মূল্যতকৈ চাৰি-পাঁচগুণকৈ অধিক ধন আদায় কৰা তথা এইক্ষেত্ৰত বিভাগীয় শীৰ্ষ আমোলা বিষয়া আৰু মন্ত্ৰী অজন্তা নেওগে কিয় ব্যৱস্থা গ্ৰহণ নকৰিলে বুলি প্ৰশ্ন কৰি নাথে কয় “এই ব্যাপক দুৰ্নীতিৰ বিষয়টো ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ দৃষ্টি গোচৰ কৰিলোঁ আৰু এতিয়া এইক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব বুলি আশা কৰিছোঁ৷” নাথে লগতে কয় যে,কংগ্ৰেছৰ দিনৰ পৰাই সমাজকল্যাণ বিভাগত দুৰ্নীতি অব্যাহত আছে আৰু এতিয়া ইয়াৰ মাত্ৰা বৃদ্ধি পাইছে৷ তেওঁ লগতে কয় যে,এইসকল যোগানিয়াৰক এই সামগ্ৰী যোগান ধৰিবলৈ নিদি যদিহে অংগনবাড়ী কেন্দ্ৰ সমূহক নিজাববীয়াকৈ সামগ্ৰী সমূহ ক্ৰয় কৰিবলৈ দিয়া হ’লহেঁতেন তেনেহলে চৰকাৰৰ বহু ধন ৰাহি হ’লহেঁতেন৷ নাথে লগতে প্ৰকাশ কৰে যে ৰাজ্যৰ কোনো বজাৰতে এই সামগ্ৰী সমূহৰ মূল্য প্ৰকৃততে ইমান নহয়৷ এতিয়া এই বিস্ফোৰক অভিযোগৰ বিপৰীতে মুখ্যমন্ত্ৰীয়ে কেনে ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষ্যণীয় হ’ব৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More