সমাজত এইডছ আক্ৰান্তৰ প্ৰতি ভেদভাৱ অনুচিত, সতৰ্কতাৰহে প্ৰয়োজন

বিশ্ব এইডছ দিৱসৰ ৰাজ্যিক অনুষ্ঠানত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ ৰাইজলৈ আহ্বান

0 25

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, গুৱাহাটী, ১ ডিচেম্বৰ : ‘এইডছ আক্ৰান্ত লোকৰ প্ৰতি সমাজত কোনেও ভেদভাৱ ৰাখিব নালাগে। তেওঁলোকে যাতে সঠিক চিকিৎসা লাভ কৰে আৰু নিয়মীয়াকৈ এইচ আই ভি প্ৰতিৰোধী ঔষধ সেৱন কৰিব পাৰে, সেই দিশতহে সকলোৱে সহযোগিতা আগবঢ়োৱা উচিত। সমাজৰ সকলো লোকৰে মাজতে এইচ আই ভি আৰু এইডচৰ বিষয়ে সঠিক তথ্যৰে সজাগতা আৰু সতৰ্কতাৰ প্ৰয়োজন।’ বিশ্ব এইডছ দিৱসৰ দিনা আজি ৰাইজৰ প্ৰতি এই আহ্বান জনায় ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী কেশৱ মহন্তই।WhatsApp Image 2022 12 01 at 7.42.21 PM অসম ৰাজ্যিক এইডছ নিয়ন্ত্ৰণ সমিতিয়ে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ নতুন সভাগৃহত বৃহস্পতিবাৰে আয়োজন কৰা বিশ্ব এইডছ দিৱসৰ ৰাজ্যিক পৰ্যায়ৰ অনুষ্ঠানত মুখ্য অতিথি ৰূপে অংশ গ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে সজাগতা আৰু সতৰ্কতাৰ লগতে এইডছ আক্ৰান্তৰ প্ৰতি সহমৰ্মিতাৰেহে সমাজত এই ৰোগৰ বিৰুদ্ধে সফলতাৰে যুঁজিব পৰা যায়। বিভাগীয় মন্ত্ৰীগৰাকীয়ে কয় যে এইচ আই ভিত আক্ৰান্ত একোগৰাকী লোক যদি আৰম্ভণিৰ পৰ্যায়তে চিনাক্ত হয় আৰু নিয়মীয়াকৈ এইচ আই ভি প্ৰতিৰোধী ঔষধ গ্ৰহণ কৰে, তেন্তে তেওঁৰ শৰীৰত এই মাৰাত্মক বীজাণু বিধৰ বংশবৃদ্ধিৰ হাৰ বিপজ্জনক পৰ্যায়তকৈ যথেষ্ট তলত ৰাখিব পৰা যায়। এনেদৰে শৰীৰত এইচ আই ভিৰ বীজাণু একেবাৰেই কমাই ৰাখিব পাৰিলেই আক্ৰান্ত লোকেও প্ৰায় সুস্থ হৈ দীৰ্ঘ জীৱন যাপন কৰিব পাৰে। সেয়ে, সঠিক সময়ত এইচ আই ভি আক্ৰান্তৰ চিনাক্তকৰণ আৰু নিয়মীয়া ঔষধ গ্ৰহণৰ উপকাৰিতাৰ বিষয়ে ৰাইজৰ মাজত সজাগতা বৃদ্ধি হোৱাটো অতি জৰুৰী বুলি স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে। বিশ্ব এইডছ দিৱসৰ এই ৰাজ্যিক স্তৰীয় অনুষ্ঠানত ৰাজ্য চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ সচিব জুৰী দলে, কাৰাগাৰ মহাপৰিদৰ্শক বৰ্ণালী শৰ্মা, ৰাজ্যৰ চিকিৎসা শিক্ষা সঞ্চালক ডাঃ অনুপ বৰ্মন, স্বাস্থ্যসেৱা সঞ্চালক ডাঃ নীল মাধৱ দাস, স্বাস্থ্যসেৱা সঞ্চালক (পৰিয়াল কল্যাণ) কমলজিত তালুকদাৰ, অসম ৰাজ্যিক এইডছ নিয়ন্ত্ৰণ সমিতিৰ প্ৰকল্প সঞ্চালিকা পমী বৰুৱা, অতিৰিক্ত চিকিৎসা শিক্ষা সঞ্চালক তথা এনএইচএমৰ ৰাজ্যিক কাৰ্যবাহী সঞ্চালক ডাঃ মনোজ চৌধুৰী, অসম চিকিৎসা সেৱা নিগম লিমিটেডৰ অতিৰিক্ত পৰিচালন সঞ্চালক প্ৰণতি মজুমদাৰ, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ অচ্যুত বৈশ্য, জনপ্ৰিয় কণ্ঠ শিল্পী নাহিদ আফ্ৰিনৰ লগতে চিকিৎসা মহাবিদ্যালয়খনৰ বিভিন্ন বিভাগৰ মুৰব্বী অধ্যাপক-অধ্যাপিকা, জ্যেষ্ঠ চিকিৎসক আৰু শিক্ষাৰ্থী, নাৰ্ছিং মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলেও অংশগ্ৰহণ কৰে। অনুষ্ঠানত অসম ৰাজ্যিক এইডছ নিয়ন্ত্ৰণ সমিতিয়ে প্ৰকাশ কৰা ‘জিজ্ঞাসা – ন’ এবাউট এইচ আই ভি’ আৰু অসম ৰাজ্যিক ৰক্ত সংৰচন পৰিষদে প্ৰকাশ কৰা ‘এ হেণ্ডবুক অন ব্লাড চেণ্টাৰ প্ৰেকটিচেছ ইন আছাম’ শীৰ্ষক দুখন হাতপুথিও মন্ত্ৰীগৰাকীয়ে উন্মোচন কৰে। তদুপৰি, বিগত বৰ্ষত এইডছ আক্ৰান্ত লোকলৈ উৎকৃষ্টতম চিকিৎসা সেৱা আগবঢ়োৱাৰ বাবে বিভিন্ন চিকিৎসা মহাবিদ্যালয়, চিকিৎসা শিক্ষা প্ৰতিষ্ঠান, সংস্থা আৰু ব্যক্তিক আজিৰ অনুষ্ঠানত স্বাস্থ্যমন্ত্ৰীৰ হাতেৰে বঁটা প্ৰদান কৰা হয়। অসম ৰাজ্যিক এইডছ নিয়ন্ত্ৰণ সমিতিৰ ব্যৱস্থাপনাত দহটা ‘অপিঅইড ছাবষ্টিটিউচন থেৰাপী চেণ্টাৰ’-ও আজি আনুষ্ঠানিক ভাৱে উদ্বোধন কৰা হয়। এই অনুষ্ঠানৰ আৰম্ভণিতে স্বাস্থ্যমন্ত্ৰী মহন্তই বিশ্ব এইডছ দিৱসৰে সংগতি ৰাখি ৰাজ্যিক ৰক্ত সংৰচন পৰিষদে আয়োজন কৰা এটি ভ্ৰাম্যমান ৰক্তদান শিবিৰৰো শুভাৰম্ভ কৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More