সমুদ্ৰতলিৰ উপকাৰী ঘাঁহনিডৰা বিলুপ্তিৰ দিশে
শতাব্দ বিশেষ প্ৰতিনিধি, ২৫ মে’ : লোকচক্ষুৰ আঁতৰত সমুদ্ৰতলিত হালি-জালি থকা ঘাঁহনিডৰা দেখাত অপতৃণ যেন লাগিলেও ই মানুহৰ বাবে অতিকৈ উপকাৰী বুলি গণ্য হৈছে। মেক্স প্লেংক ইন্সটিটিউট ফৰ মে’ৰাইন মাইক্ৰ’বায়’লজীৰ তৰফৰ পৰা চলোৱা এক অধ্যয়নত এই তথ্য প্ৰকাশ পাইছে। কাৰ্বন ধৰি ৰখাত সমুদ্ৰতলিৰ এই ঘাঁহনি এটা অতি উৎকৃষ্ট ইক’চিষ্টেম বুলি পৰিগণিত হৈছে। ইন্সটিটিউট টোৰ মতে, এক বৰ্গ কিলোমিটাৰ ঘাঁহনিয়ে সম পৰিমাণৰ অৰণ্যতকৈ প্ৰায় দুগুণ কাৰ্বন ধৰি ৰাখিব পাৰে আৰু এই প্ৰক্ৰিয়া ৩৫ গুণে দ্ৰুত। ইয়াৰ উপৰি এই ঘাঁহসমূহ প্ৰচুৰ পৰিমাণৰ শৰ্কৰা অৰ্থাৎ চেনিৰে পৰিপূৰ্ণ। গৱেষণা-অভিযানটোৰ নেতৃত্ব দিয়া বিজ্ঞানী মেনুৱেল লাইবেকেৰ মতে পূৰ্বতে কৰা ধাৰণা অনুযায়ী সামুদ্ৰিক পৰিৱেশত থকা এই শৰ্কৰাৰ পৰিমাণ ৮০ গুণ অধিক। এটা আনুমানিক হিচাপ মতে, পৃথিৱীৰ সমগ্ৰ সমুদ্ৰতলিত থকা এই ঘাঁহনি সমূহত ০.৬ ৰ পৰা ১.৩ নিযুত মেট্ৰিক টন পৰিমাণৰ শৰ্কৰা মজুত হৈ আছে। এই শৰ্কৰা সমূহ সামুদ্ৰিক ঘাঁহৰ ৰাইয’বিয়ামত চুক্ৰ’জ ৰূপত সঞ্চিত হৈ থাকে। ক’বলৈ গ’লে এই শৰ্কৰা বা চেনিৰ পৰিমাণ ৩২ বিলিয়ন ক’কৰ কেনত থকা শৰ্কৰাৰ সমান হ’ব। কিন্তু এই সাগৰীয় ঘাঁহৰ প্ৰজাতিটো ক্ৰমান্বয়ে বিলুপ্ত হোৱাৰ পথত। ইন্সটিটিউট টোৰ অধ্যয়নৰ পৰা দেখা গৈছে যে, পৃথিৱীৰ সকলো সাগৰতলিৰ পৰাই দ্ৰুতগতিত এই ঘাঁহবিধ বিলুপ্তিৰ দিশে গতি কৰিছে আৰু ইয়াৰে এক তৃতীয়াংশ ইতিমধ্যে লোপ পাইছে।